নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকীয়া ভাওনা সমাৰোহত উজলিল আমগুৰিৰ পূবেৰুণ শিল্পী সমাজ

নিয়মীয়া বাৰ্তা, আমগুৰি ১০ মাৰ্চ : শিৱসাগৰ জিলাৰ আমগুৰিৰ পূবেৰুণ শিল্পী সমাজে সংগীত নাটক একাডেমীৰ উদ্যোগত আৰু সংগীত নাটক একাডেমীৰ গুৱাহাটী শাখাৰ সহযোগত গুৱাহাটীত এই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত সাতদিনীয়া অংকীয়া ভাওনা সমাৰোহ ২০২২ ত অংশগ্ৰহণ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ ভিন্ন প্ৰান্তৰ শিল্পী দলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে পূবেৰুণ শিল্পী সমাজে শ্ৰীশ্ৰী মাধৱদেৱৰ “চোৰধৰা” ঝুমুৰা সফলভাৱে পৰিৱেশন কৰে । মহাপুৰুষ দুজনাৰ সৃষ্ট কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা সঠিকভাবে চৰ্চাৰ উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত গুৱাহাটী কেন্দ্ৰই এই সমাৰোহ অনুষ্ঠিত কৰি আহিছে । উল্লেখযোগ্য যে পূবেৰুণ শিল্পী সমাজে দ্বিতীয়বাৰৰ বাবে এই সমাৰোহত অংশগ্ৰহণ কৰি মহাপুৰুষ দুজনাৰ কৃষ্টিৰ চৰ্চা অব্যাহত ৰাখিছে।

ঝুমুৰাখনিৰ পৰিৱেশনত ৬ বছৰৰ পৰা ৯ বছৰ বয়সৰ গোপবালকসকল আছিল ড’ৰিনা হাজৰিকা, কৃষ্টিনা কৌশিক, সৃজনা শইকীয়া, সুকৃতি সংস্কৃতা লাহন, হৰ্ষজ্যোতি হাজৰিকা, দয়ামণি পাঠক, দীক্ষিতা গগৈ। গোপীসকলৰ চৰিত্ৰত বিজু গগৈ, বৰ্ষাৰাণী বৰা, অন্বেষা বৰা, সংগীতা দাস, বাৰ্বী বৰুৱা, অন্তৰা গগৈ, কাব্যশ্ৰী নাথ, সৃষ্টিপ্ৰিয়া গগৈ, যশোদা মনজ্যোৎস্না হাজৰিকা আৰু পথিকৰ চৰিত্ৰ প্ৰদীপ হাজৰিকাই সফলভাৱে ৰূপায়ন কৰে । উদয় দত্তৰ পৰিচালনা আৰু পৰমানন্দ কাকতি বৰবায়নে নৃত্য পৰিচালনা কৰা ঝুমুৰাখনিত মুখ্য বায়ন হিচাপে অচিন্ত্য মহন্ত, বুবু গগৈ, কণ্ঠত উদয় দত্ত, সঞ্জীৱ কুমাৰ শইকীয়া, মৃদুস্মৃতা শৰ্মা, প্ৰাৰ্থনা গগৈ, গায়ন-বায়নত পলাশ গগৈ, বিজয় গগৈ, পবিত্ৰ কোঁৱৰ, ৰূপম চুতীয়া আৰু বাঁহীত আছিল প্ৰথিতযশা বাঁহীবাদক দুৰ্গেশ্বৰ বৰা। অনুষ্ঠানৰ শেষত বেনাৰস বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক কৃষ্ণকান্ত শৰ্মা আৰু সঙ্গীত নাটক একাডেমীৰ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজু দাসে দলটিক সম্বৰ্ধনা জ্ঞাপন কৰে।

You might also like