নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনত দলবিৰোধী কার্যঃ প্রাক্তন উপাধ্যক্ষ–মন্ত্রী–সাংসদ-বিধায়কসহ ২১২ কংগ্রেছীলৈ শ্ব’কজ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ যোৱা বিধানসভা নির্বাচনত কংগ্রেছ দলৰ মনোনীত প্রার্থীৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ প্রার্থীক পৰোক্ষ বা প্রত্যক্ষভাৱে সহায়–সমর্থন কৰি দলবিৰোধী কার্যকলাপত জড়িত ২১২জন কংগ্রেছ নেতা–কর্মীক দলে শ্ব’কজ কৰিছে৷

শ্ব’কজৰ সন্মুখীন হোৱাসকলৰ মাজত বহুকেইজন প্রাক্তন সাংসদ, বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক আছে৷ প্রদেশ কংগ্রেছৰ অনুশাসন তদন্ত কমিটীৰ অধ্যক্ষ বিধায়ক ভৰত চন্দ্র নৰহে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সেই বিষয়ে সদৰী কৰি কয় যে ১৫খন জিলা কংগ্রেছ কমিটীয়ে ২১২জন দলীয় সদস্যৰ বিৰুদ্ধে দলবিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগ প্রদেশ কংগ্রেছৰ ওচৰত দাখিল কৰিছে৷

প্রদেশ কংগ্রেছে সেই অভিযোগসমূহ পৰীক্ষা কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিছিল৷ তদন্ত কমিটীয়ে অভিযোগসমূহ পৰীক্ষা কৰে আৰু যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তেওঁলোকৰ বিৰুদ্ধে শ্ব’কজ জাননী জাৰিৰ সিদ্ধান্ত গ্রহণ কৰে৷ অভিযুক্ত কংগ্রেছ সদস্যসকলে আত্মপক্ষ সমর্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব৷

সংবাদ মেলখনত নৰহে সদৰী কৰা অনুসৰি কার্বি আংলং জিলাত ৮জন, লখিমপুৰ জিলাত ৫১জন, ডিব্রুগড় জিলাত ১২জন, ধুবুৰী জিলাত ২৬জন, চৰাইদেউ জিলাত ৮জন, তিনিচুকীয়া জিলাত ২৫জন, শোণিতপুৰ জিলাত ৮জন, বিশ্বনাথ জিলাত ২জন, কামৰূপ মহানগৰ জিলাত ১৯জন, হোজাই জিলাত ৮জন, কামৰূপ জিলাত ২জন, নগাঁও জিলাত ৫জন, কৰিমগঞ্জ জিলাত ২৯জন, হাইলাকান্দি জিলাত ৫জন আৰু বঙাইগাঁও জিলাত ৪জন কংগ্রেছীৰ বিৰুদ্ধে দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে৷

আনহাতে কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, দলবিৰোধী কার্যকলাপত লিপ্তৰ অভিযোগত শ্ব’কজৰ সন্মুখীন হোৱাসকলৰ মাজত প্রাক্তন সাংসদ বীৰেনছিং ইংতি, প্রাক্তন মন্ত্রী অকণ বৰা, নুৰজামান সৰকাৰ, প্রাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, এছ আৰ চুব্বা, মণিলাল গোৱালা, ডাঃ দুর্লভ চমুৱা, ক্লেনডুং ইংতি, বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতী, প্রাক্তন মন্ত্রী অকণ বৰাৰ পুত্র মানস বৰাকে ধৰি বহু আগশাৰীৰ কংগ্রেছ নেতা আছে৷

ইপিনে, আসন্ন উপ–নির্বাচনৰ প্রসংগত ভৰত নৰহে কয় যে ৬টা সমষ্টিতে কংগ্রেছে সবলভাৱে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ মৰিয়নি আৰু থাওৰা সমষ্টিত দলে বিশেষভাৱে গুৰুত্ব দিব৷ কাৰণ উক্ত সমষ্টি দুটা পূর্বৰে পৰা কংগ্রেছৰ দখলত থকা সমষ্টি৷

You might also like