নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সদস্য ভাস্কৰ দত্তৰ দেহাৱসান শোক প্ৰকাশ
নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, লখিমপুৰ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সদস্য ভাস্কৰ দত্তৰ আজি দুপৰীয়া চাবতিস্থিত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত গেন্ধালীপাৰ নিবাসী ৰাজেন দত্ত আৰু পুতলী দত্তৰ একমাত্ৰ সন্তান ভাস্কৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৪ বছৰ । ১৯৭৭ চনৰ ১৯ জানুৱাৰীত জন্ম গ্ৰহণ কৰা ভাস্কৰে ২০০০ চনত আজি কাকতৰ নাওবৈচাৰ বিশেষ সংবাদদাতা হিচাপে সাংবাদিকতাৰ জগতত ভুমুকি মৰাৰ পৰৱৰ্তী সময়ত আমাৰ অসম, অসমীয়া প্ৰতিদিন, আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদ আদি কাকতত লখিমপুৰৰ সংবাদদাতা আৰু ষ্টাফ ৰিপৰ্টাৰ হিচাপে সেৱা আগবঢ়ায় । তদুপৰি তেওঁ আজিৰ দৈনিক বাতৰি আৰু এদিনৰ সংবাদ কাকতৰ লখিমপুৰ আৰু গুৱাহাটীৰ কাৰ্যালয়ত উপ-সম্পাদক হিচাপেও সেৱা আগবঢ়োৱাৰ লগতে নিউজ লাইভতো কিছুদিন লখিমপুৰৰ সংবাদ দাতা হিচাপে সেৱা আগবঢ়াইছিল । ভাস্কৰ দত্তই মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী আৰু দুই নাবালক পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে । তেখেতৰ মৃত্যুত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব, লখিমপুৰ জিলা সংবাদিক সংস্থাকে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে ।