নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷ ৪ আৰু ৫ নৱেম্বৰত বিশ্ববিদ্যালয় চৌহদত এই সমাৰোহ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰাৰ মানসেৰে ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে স্মৃতিগ্ৰন্থ উপ সমিতিকে ধৰি আন কেইবাখনো উপসমিতি গঠন কৰা হৈছে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰক সভাপতি, প্ৰাক্তন ছাত্ৰ মিণ্টু কলিতা আৰু চম্পক কাকতিক যুটীয়া সম্পাদক তথা অধ্যাপক ড° বিকুল বৰ্মনক কোষাধ্যক্ষ হিচাপে লৈ গঠন কৰা অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আগবঢ়াইছে। উল্লেখ্য যে ১৯৫৫ চনতে একাংশ শিক্ষাপিপাসু বৰেণ্য তথা দুৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন হোৱা বজালী মহাবিদ্যালয় কালক্ৰমত নামনি অসমৰে নহয়, সমগ্ৰ অসমৰ শিক্ষাজগতত এক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰূপে পৰিচিত হয়৷ এই বজালী মহাবিদ্যালয়ত প্ৰতিষ্ঠা কালতে অন্তৰ্ভুক্ত হোৱা ভূগোল বিজ্ঞান বিভাগৰো এক গৌৰৱোজ্জ্বল ইতিহাস আছে। আগন্তুক প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত ১৯৫৫ চনৰ পৰা ২০২৩ চনলৈকে অধ্যয়ন কৰা বহুসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। সমাৰোহত প্ৰাক্তন ছাত্ৰীৰ থকা মেলাৰ ব্যৱস্থাপনাৰ লগতে দুদিনীয়া কাৰ্যসূচীৰে বাৰেৰহণীয়া কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰি থকা হৈছে। আনহাতে সমাৰোহ উপলক্ষে এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হব৷ ইচ্ছুক ব্যক্তি তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে স্মৃতিগ্ৰন্থলৈ লেখা পঠাব বিচাৰিলে [email protected] ত ইমেইল কৰি প্ৰেৰণ কৰিব পাৰিব নাইবা মোবাইলত টাইপ কৰি সম্পাদকৰ হোৱাটচ এপ নম্বৰ ৭০০২৩১৩১০০ লৈ প্ৰেৰণ কৰিব পাৰিব। লিখনি অসমীয়া আৰু ইংৰাজী ভাষাত লিখিব পাৰিব আৰু ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। বিশ্বজুৰি সিঁচৰতি হৈ থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সংগঠিত কৰা তথা সমাৰোহত নিশ্চিত উপস্থিতিৰ বাবে আগতীয়াকৈ পঞ্জীয়নৰ ব্যৱস্থা মুকলি কৰা হৈছে৷ সেয়েহে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ৯৭০৬৮৯৫২১৮ অথবা ৯৭০৭১৮১৬৬১ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like