নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰো লগত আধা বন্ধুত্ব–আধা শত্রুতা হ’ব নোৱাৰে

অখিল গগৈক উদ্দেশ্যি পুনৰ ভূপেন বৰাই ক’লে

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ কংগ্রেছৰে মিত্রতাৰ বাবে একপ্রকাৰ হাবাথুৰি খোৱা ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈক উদ্দেশ্যি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পুনৰ কটাক্ষ কৰি কয় যে মিত্রতাৰ বাবে পৰিৱেশ লাগিব৷ আধা বন্ধুত্ব, আধা শত্রুতা হ’ব নোৱাৰে৷ সেইদৰে অহা ১৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মহাজোঁট ভংগ হ’ব বুলি প্রকাশ কৰি কয় যে প্রদেশ কংগ্রেছ মহাজোঁটৰ লগত থাকিব বিচৰা নাই বুলি হাইকমাণ্ডক জনাইছে৷ অহা ১৮ ছেপ্টেম্বৰৰ আগে–পাছে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং অসমলৈ আহি আছে৷ তেতিয়াই আনুষ্ঠানিকভাৱে সেই সংক্রান্তত দলে আনুষ্ঠানিকভাৱে প্রকাশ কৰিব৷ দলে সদ্যহতে ১২৬টা সমষ্টিতে সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে দলে মিত্রতা কৰি থাকিলে কিছুমান সমষ্টিত কোনোবা দিনা দলীয় প্রতীক পাহৰি যাব৷ সেয়ে তেওঁ তেনে কাম আৰু আত্মঘাতী সিদ্ধান্ত ল’ব বিচৰা নাই৷ ইয়াৰ বিপৰীতে প্রতিটো সমষ্টিতে সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিছে৷

উপ–নির্বাচন হ’বলগীয়া সমষ্টিসমূহতো সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ বিষয়ে জানিবলৈ দি কয় যে নির্বাচন আয়োগে উপ–নির্বাচনৰ দিন ঘোষণা কৰিলে উপ–নির্বাচনৰ কাম–কাজ আৰম্ভ কৰিব৷ উপ–নির্বাচনৰ ক্ষেত্রত বিভিন্নজনৰ দিহা–পৰামর্শ লৈ থকা হৈছে৷ আন দলৰ স্থিতিও লক্ষ্য কৰি থকা হৈছে৷ সেইদৰে এআইইউডিএফৰে মিত্রতা ভংগৰ পিছত দলটোৰ সভাপতি বদৰুদ্দিন আজমলে কালি প্রকাশ কৰা মন্তব্যকো আদৰণি জনাই সভাপতি বৰাই কয় যে মিত্রতা ছেদৰ পূর্বে তেওঁ আজমল আৰু আজমলৰ মনোনীত প্রতিনিধি দলটোৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামৰ সৈতেও সেই বিষয়ত আলোচনা কৰিছে৷

উল্লেখ্য যে প্রদেশ কংগ্রেছৰ উদ্যোগত মঙলবাৰে ৰাজীৱ ভৱনত বিগত বিধানসভা নির্বাচনত দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়বৰণ কৰা প্রার্থীসকলৰ সংগঠন শক্তিশালীকৰণত ভূমিকা নির্ণয় সম্পর্কত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত প্রার্থীসকলে নিজৰ মতামত দাঙি ধৰি তৃণমূল পর্যায়ৰ লগতে দলৰ ভাতৃ–ভগ্ণী সংগঠন, বিভিন্ন বিভাগ আৰু কোষৰ সংগঠন শক্তিশালী কৰাৰ পৰামর্শ আগবঢ়ায়৷ আজিৰ বৈঠকত প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি, ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে৷ আজিৰ এই বৈঠকতে আসন্ন উপ–নির্বাচন, গুৱাহাটী পৌৰ নিগম, পৌৰসভা–নগৰ সমিতিৰ নির্বাচন, প্রস্তাৱিত স্বায়ত্ত পৰিষদৰ নির্বাচন সম্পর্কতো আলোচনা কৰি দায়িত্ব ন্যস্ত কৰে৷ আজিৰ সভাৰ পৰামর্শাৱলী কাইলৈ আয়োজিত জিলা কংগ্রেছৰ সভাপতি অভিৱর্তনত দাঙি ধৰি কার্যকৰীকৰণৰ ব্যৱস্থা কৰা হ’ব বুলি প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যই জনাইছে৷

You might also like