নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও : মৰিগাঁও জিলাৰ ভূৰাগাঁও মহাবিদ্যালয়ৰ দুদিনীয়াকৈ অনুষ্ঠিত নৱাগত আদৰণী সভাৰ আজি অন্ত পৰে । কভিড অতিমাৰীৰ পিছত এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় নৱাগত আদৰণী সভা। কালি পুৱা ৭ বজাত অধ্যক্ষ কন্দৰ্প শইকীয়াই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি নৱাগত আদৰণী সভাৰ শুভাৰম্ভ কৰে। পুৱা ৮ বজাত স্মৃতি তৰ্পণ কৰা হয়। পুৱা ৯ বজাত নৱাগত সকলক আদৰণি জনোৱা হয়। এই অনুষ্ঠানৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ৰিলুমণি ডেকা আৰু নৱাগত সকলক আদৰণি জনায় ছাত্ৰ একতা সভাৰ সদস্য আৰু পুৰণি ছাত্ৰ ছাত্ৰী সকলে। ইয়াৰ পিছত ন-পুৰণি ছাত্ৰ ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠিত হয়। দূপৰীয়া মহাবিদ্যালয় খনৰ অধ্যক্ষ কন্দৰ্প শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত উপস্থিত থাকে জাগীৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হবিবুৰ ৰহমান, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া আৰু ভূৰাগাঁও  থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মামণি কুমাৰী। অধ্যাপক হবিবুৰ ৰহমানে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি তত্বগধুৰ ভাষণ প্ৰদান কৰে। আজি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পিছত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ হেমলতা শৰ্মাই। পুৱা ১০ বজাত ন পুৰণি ছাত্ৰ ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

প্ৰেৰক আবুল কালাম

You might also like