নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত শালি ধানত অচিন পোকৰ আক্ৰমণ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰ এলেকাৰ নিজ গেৰুৱা কৃষি চক্ৰৰ অন্তৰ্গত গেৰুৱা ৰজাবড়ী পথাৰত অচিন পোকৰ আক্ৰমনে ত্ৰাহি মধুসূদন সোঁৱৰিছে কৃষকে। পথাৰখনত লহপহকৈ বাঢ়ি অহা বিভিন্ন প্ৰজাতিৰ শালি ধানত বৰ্তমান ঠোক ওলাব ধৰা সময়তে অচিন পোকে আক্ৰমন কৰি এফালৰ পৰা নিঃশেষ কৰি গৈছে প্ৰায় পাচ শ বিঘা শালি ধান। পথাৰ খনত খেতি কৰা প্ৰায় ডেৰ শতাধিক শালি কৃষকৰ মাজত এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে। পথাৰ খনত পোকৰ আক্ৰমন আৰম্ভ হওঁতেই গেৰুৱা কৃষি চক্ৰ বিষয়া গৰাকীৰ সৈতে কৃষক সকলে যোগাযোগ কৰাত কৃষি বিভাগৰ পৰা আনাকান্দা ( ANAKANDA) নামৰ কিট নাশক দৰব কৃষি বিভাগে যোগান ধৰে যদিও সেই দৰব ব্যৱহাৰ কৰি কৃষক সকলে কোনো ফল নাপালে। পথাৰ খনত শালি ধানৰ খেতি কৰা ৰামেশ্বৰ ডেকা, নৰেন ডেকা, পুণিৰাম ডেকা, বিজু ডেকা, ভূপেন ডেকা, মহেন্দ্ৰ ডেকা, নৰেশ্বৰ ডেকাকে প্ৰমোখ্য কৰি প্ৰায় দুই শতাধিক কৃষকে শালি ধানৰ খেতি কৰিছিল। আজি পুনৰ কৃষি পথাৰ খনলৈ মৰিগাঁও জিলা কৃষি বিভাগৰ ডেপুটি ডাইৰেক্টৰ তপন কুমাৰ বৰ্মণৰ নেতৃত্বত কৃষি উন্নয়ন বিষয়া গৌৰৱ কাশ্যপ, কৃষি পৰিদৰ্শক দেৱকান্ত ভৰালি আৰু কৃষি সম্প্ৰসাৰণ বিষয়া আৰ্ফান আলী সহ এটি ৬-৭জনীয়া পৰিদৰ্শকৰ দলে বিধ্বস্ত কৃষি পথাৰ খন পৰিদৰ্শন কৰি কৃষকৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে কৃষি পথাৰত আক্ৰমন কৰা অচিন পোকৰ নমুনা সংগ্ৰহ কৰে। কৃষি পথাৰ পৰিদৰ্শন কৰা দলটোক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে ইতিমধ্যে কৃষকক কীট নাশক দৰৱ দিয়া হৈছে যদিও সেই দৰৱে ফল নধৰাৰ বাবে পুণৰ CHLARPYRIPHOS 50 % আৰু CYPERMEPHRIN 5% নামৰ কীট নাশক দৰৱ দুবিধ যোগান ধৰা হব বাছি থকা ধান সমূহত ব্যৱহাৰ কৰিবৰ বাবে। তদুপৰি কৃষক সকলে ধানত আক্ৰমন কৰা পোক বিধক পাতচেলেকা বুলি কৈছে যদিও এই বিষয়ত নিশ্চিত হবৰ বাবে পোকৰ নমুনা সংগ্ৰহ কৰা হৈছে। অৱশ্যে কৃষক সকলৰ ক্ষতিপূৰণ সন্দৰ্ভত কোনো মন্তব্য নিদিলে পৰিদৰ্শন কৰিবলৈ অহা কৃষি বিষয়াৰ দল টোৱে। একাংশ কৃষকে কৰা অভিযোগ মতে পথাৰ খনত পোকৰ উপদ্ৰপত কৃষক সকল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পঞ্চায়তৰ যোগেদি কৃষকক আগবঢ়োৱা উন্নত মানৰ শালি ধানৰ বীজ ব্যৱহাৰ কৰিও একাংশ কৃষক ক্ষতিগ্ৰস্ত হৈছে। কিয়নো তেনে বীজ ব্যৱহাৰ কৰা কৃষক সকলে আশানুৰূপ ফল পোৱা নাই। উল্লেখ্য যে বছৰত তিনি চাৰিটা বানত জলা কলা খুৱা বান বিধ্বস্ত মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলৰ কৃষক সকলে যোৱা প্ৰায় ১৫ বছৰেই বানৰ উপদ্ৰপৰ বাবেই শালি ধানৰ খেতি বাদ দি আন খেতি কৰিছিল। কিন্তু মৰিগাঁও জলসম্পদ বিভাগে বিগত বৰ্ষত নিৰ্মাণ কৰা এটা নতুন মথাউৰীয়ে অঞ্চলটোৰ কৃষক সকলৰ মাজলৈ কঢ়িয়াই আনিছিল নতুন প্ৰত্যাশা। সেইবাবেই পোন্ধৰ বছৰৰ মুৰত নতুন উদ্যমেৰে গাঁঠিৰ ধান ভাঙি অঞ্চল টোৰ কৃষক সকলে এইবেলি শ শ বিঘা মাটিত কৰিছিল শালি ধানৰ খেতি। কিন্তু লহ পহকৈ বাঢ়ি অহা শালি খেতি ঠোক ধৰা সময়তে এনে বিপৰ্যয় নামি অহাত কৃষক সকলে মুৰে কপালে হাত দিব লগাত পৰিছে। এনেক্ষেত্ৰত ক্ষতিগ্ৰস্ত কৃষক সকলক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া লক্ষণীয় হব।

প্ৰেৰক আবুল কালাম

You might also like