বিআইই’ৰ জালত ভাৰতীয় খাদ্য নিগমৰ প্রাক্তন মহাপ্রবন্ধক
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত আবণ্টিত চাউলভর্তি ১১১খনকৈ ট্রাক মাজবাটৰ পৰাই হৰলুকী হোৱা সন্দর্ভত অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ (বি আই ই অ’) জালত পৰিছে ভাৰতীয় খাদ্য নিগমৰ আন এজন প্রাক্তন শীর্ষ বিষয়া৷ ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীস্থিত আঞ্চলিক কার্যালয়ৰ প্রাক্তন মহাপ্রবন্ধক জি এছ এছ ৰাজা শেখৰক বি আই ই অ’ৰ এটা দলে বুধবাৰে তেলেংগানাৰ ছেকেন্দ্রাবাদৰ পদ্মা ৰাও নগৰৰ পৰা গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত আবণ্টিত চাউলক লৈ সংঘটিত দুর্নীতি সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নির্দেশমর্মে ২০১৮ চনত বি আই ই অ’ই চাৰিটাকৈ গোচৰ ৰুজু কৰি বর্তমান পর্যন্ত তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪২০/৪০৬/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ৰুজু হোৱা ১১/২০১৮নং গোচৰটো সম্পর্কত গ্রেপ্তাৰ কৰা হৈছে ২০২০ চনত চাকৰিৰ পৰা অৱসৰ লোৱা তথা ২০১৩–১৪ চনত ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীস্থিত আঞ্চলিক কার্যালয়ত মহাপ্রবন্ধক হিচাপে কার্যনির্বাহ কৰা শেখৰক৷
উল্লেখ্য যে শেখৰে ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীস্থিত আঞ্চলিক কার্যালয়ত মহাপ্রবন্ধক পদত থকাৰ সময়তে নগাঁৱৰ পৰা অৰুণাচল প্রদেশ আৰু যোৰহাটৰ পৰা নাগালেণ্ডলৈ ট্রাকেৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চাউল প্রেৰণ কৰা হৈছিল৷ কিন্তু ইয়াৰে চাউলভর্তি ১১১খন ট্রাক আদবাটৰ পৰাই ৰহস্যজনকভাৱে হৰলুকী হয়৷ এই ১১১খন ট্রাকত থকা চাউলৰ মূল্য আছিল প্রায় ৫ কোটি টকা৷ ইতিমধ্যে বি আই ই অ’ই এই সম্পর্কত ৰুজু হোৱা গোচৰৰ তদন্ত চলাই ভাৰতীয় খাদ্য নিগমৰ আন এজন প্রাক্তন মহাপ্রবন্ধক তথা ভাৰতীয় ৰে’লৱে সেৱাৰ বিষয়া লক্ষেশ্বৰ শইকীয়াক গ্রেপ্তাৰ কৰিছিল৷ তদন্তৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ বহুকেইজন জ্যেষ্ঠ বিষয়াই ট্রেন্সপ’টাৰ, ঠিকাদাৰ আৰু ঠিকাদাৰী প্রতিষ্ঠানেৰে অপৰাধমূলক মানসিকতাৰে ষড়যন্ত্রত লিপ্ত থকাৰ তথ্য বি আই ই অ’ই লাভ কৰিছে৷ বিশেষকৈ মেছার্ছ আৰ কে কে এণ্টাৰপ্রাইজ আৰু মেছার্ছ ৪ এ এণ্টাৰপ্রাইজ নামৰ ঠিকাদাৰী প্রতিষ্ঠান দুটাক ভুৱা বেংক গেৰাণ্টীৰ ভিত্তিত চাউল সৰবৰাহৰ ঠিকা দিয়াৰ তথ্যও পোহৰলৈ আহিছে৷ লক্ষণীয়ভাৱে আজি বি আই ই অ’ই গ্রেপ্তাৰ কৰা ভাৰতীয় খাদ্য নিগমৰ প্রাক্তন মহাপ্রবন্ধক শেখৰে ইচ্ছাকৃতভাৱে দুখনকৈ বেংক গেৰাণ্টীৰ নথিৰ সত্যাসত্যতা চালি–জাৰি চোৱা নাছিল৷ এই দুখন ভুৱা বেংক গেৰাণ্টীৰ নথিৰ বিপৰীতে উল্লিখিত ধনৰ পৰিমাণ আছিল ক্রমে ৫৯,০৭,৪৫০ টকা আৰু ৩১,২০,৭৫০ টকা৷ এনেদৰে চক্রটোৱে নিজৰ স্বার্থ পূৰণত লিপ্ত থকাৰ পৰিণতিত কোটি কোটি ৰাজহুৱা ধন লুণ্ঠন হোৱাৰ সমান্তৰালভাৱে দৰিদ্র হিতাধিকাৰীসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল৷