নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ কোটিৰ কৰ ফাঁকি বিআইই’ৰ জালত ফাঁচী বজাৰৰ ব্যৱসায়ী সুভাষ সিং

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ দীর্ঘদিন ধৰি কৰ ফাঁকি দি অহা ফাঁচী বজাৰৰ এজন ব্যৱসায়ী অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা (বি আই ই অ’)ৰ জালত পৰিছে৷ আৰক্ষীৰ জালত পৰা ব্যৱসায়ীগৰাকী হৈছে ফাঁচী বজাৰস্থিত মেছার্ছ এছ কে ছেলছৰ স্বত্বাধিকাৰী সুভাষ কুমাৰ সিং৷

ফটাশিল আমবাৰী নিৱাসী এই ব্যৱসায়ীগৰাকী জর্দা, পাণ মথলা, গুট্খা, মহ খেদা ধূপৰ ব্যৱসায়ৰ লগত জড়িত৷ কিন্তু ধৃত সুভাষ সিঙে বিগত দুবছৰ ধৰি বৃহৎ হাৰত কৰ ফাঁকি দি আহিছিল৷ গোপন সূত্রৰ পৰা এই তথ্য লাভ কৰি বি আই ই অ’ৰ কৰ শাখাৰ সহকাৰী আয়ুক্ত সত্যজিৎ ভূঞা আৰু কৰ অধীক্ষক মনোজ পাণ্ডেই ফাঁচী বজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানত অভিযান চলাই সুভাষ সিঙৰ লেপটপ, ম’বাইল ফোনকে ধৰি বিভিন্ন ব্যৱসায়িক নথি–পত্র জব্দ কৰি আনে৷

আৰক্ষীৰ অনুসন্ধানত ওলাই পৰে যে এই ব্যৱসায়ীজনে বিগত দুবছৰত ফাঁকি দিয়া কৰৰ পৰিমাণ জৰিমনাসহ প্রায় ২২ কোটি টকা হ’ব৷ জি এছ টি আইন অনুসৰি কোনো ব্যক্তি ৫ কোটিতকৈ অধিক ধনৰ কৰ ফাঁকিৰ লগত জড়িত হ’লেই গ্রেপ্তাৰৰ সন্মুখীন হ’ব লাগিব৷ সুভাষ সিঙৰ জালিয়াতিৰ নিশ্চিত প্রমাণ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷

You might also like