নলবাৰীৰ শ্বহীদ বাকৰিত “নৃত্যাংগনা”ৰ উদ্যোগত বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ চাওঁতে চাওঁতে আকৌ আহিল অসমীয়াৰ হেঁপাহৰ বহাগ বিহু । বহাগ বিহুলৈ মাজত মাত্র কেইটা মান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বিহু নাচ, জনগোষ্ঠীয় নৃত্যৰ আৰু বিহু বাদ্যৰ কৰ্মশালাৰ ব্যাপক আয়োজন চলিছে । নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নলবাৰী জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “নৃত্যাংগনা”ৰ উদ্যোগত বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ সাতদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে । নলবাৰী শ্বহীদ ভৱন বাকৰিত অহা ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ অনুষ্ঠিত হবলগীয়া উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব লতাশিল বিহু কুঁৱৰী ২০১০ তথা ডি ৱাই বিহুৰাণী ২০১১ৰ জোন দলে আৰু কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষক । প্ৰতিদিনে আবেলি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হব লগা উক্ত কৰ্মশালাৰ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে ২০০ টকা ভৰ্তি মাচুলসহ নিজৰ নিজৰ নাম আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব । উল্লেখ্য যে সাতদিনীয়া বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালাৰ সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্র প্ৰদান কৰা হব বুলি “নৃত্যাংগনা”ৰ সম্পাদিকা শৰিষ্ঠা নিকি বৈশ্যই জানিব দিয়ে । ইচ্ছুক বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক সবিশেষ তথ্যৰ বাবে ৮৬৩৮৭-৯৪৭৪৬ আৰু ৬০২৬৭-৩৩৮২৮ নম্বৰত যোগাযোগ কৰিবলৈ নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মন, সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকা আৰু “নৃত্যাংগনা”ৰ সভানেত্রী মণিকংকনা মেধি আৰু সাধাৰণ সম্পাদিকা শৰিষ্ঠা নিকি বৈশ্য আহ্বান জনাইছে ।