দীপাংকৰ পাল, সোণাৰি, ১২ এপ্রিলঃ সমগ্র অসমতে এতিয়া চলিছে বাপতি সাহোন ৰঙালীক আদৰাৰ প্রস্তুতি। ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নােহােৱা হৈছে গাঁৱৰ জীয়ৰী-বােৱাৰী, ডেকা-গাভৰুসকলৰ। এফালে যদি মাকোৰ শব্দ, আনফালে আকৌ ঢােল-পেঁপাৰ শব্দত ৰজনজনাইছে চৌপাশ। বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ। এই উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নােৱাৰা লােক পৰম্পৰা সংপৃক্ত হৈ থাকে। কিন্তু সময়ৰ গতিত তথা আধুনিকতাৰ ধামখুমীয়াত এনেবােৰ লােক পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰাতো অসমীয়া সমাজখনৰ বাবে দুর্ভাগ্যজনক। ব’হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হ’ল এশ এবিধ শাক খােৱা। সাধাৰণতে ব’হাগৰ বিহুৰ বতৰত খােৱা এনে শাকৰ ঔষধি গুণে জ্বৰ, কাহ, চর্দি আদিৰ উপশম ঘটায় বুলি বিশ্বাস আছে। উজনি অসমৰ লগতে নামনি অসমত এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান। ব’হাগ মাহত মহিলাসকলে মূৰত শৰাই লৈ গীত গাই পথাৰত শাক তুলিবলৈ যায় আৰু এটুকুৰা ঠাইত থাপনা পাতি চাকি-বন্তি জ্বলাই চেনি আৰু নিমখৰ নৈবেদ্যৰে নাম-কীর্তন কৰি আনন্দ-উল্লাসেৰে শাক তুলিব ধৰে। এই এশ এবিধ শাক ঠাই বিশেষে বেলেগ বেলেগ। ব’হাগ মাহৰ যিকোনাে এটা দিনত বিশেষকৈ সাত বিহুৰ দিনা এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে। কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনাখন সন্ধিয়া এনে বনৌষধি শাক খােৱা হয়। অসমীয়া সমাজত চলি অহা এনে লােক পৰম্পৰাই সংস্কৃতিক জীয়াই ৰখাৰ লগতে ই ঐতিহ্যও বহন কৰে। ঐতিহ্য বহনকাৰী পৰম্পৰাগতভাৱে চলি অহা লােক কৃষ্টিৰ বিধৰ আদৰ ক্ৰমাৎ কমি যাব ধৰাতাে অসমীয়া সমাজখনৰ বাবে ক্ষতিকৰ।