উচ্চতৰ মাধ্যমিকঃ ঐচ্ছিক বিষয় হিচাপে অন্তর্ভুক্ত হ’ল বিহু
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ অসমৰ বাপতিসাহোন বিহু অন্তর্ভুক্ত হ’ল উচ্চতৰ মাধ্যমিৰ পাঠ্যক্রমত৷ অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষৰ শিক্ষার্থীসকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব বিহু বিষয়৷
ইতিমধ্যে বিহু বিষয়ৰ নতুন পাঠ্যক্রম ছপা কৰিছে শিক্ষা সংসদে৷ অসমৰ বহুকেইগৰাকী বিহু বিশেষজ্ঞই লিখিছে পাঠসমূহ৷ ইছমাইল হোছেইন, খগেন গগৈ, জয়কান্ত গন্ধীয়াকে ধৰি কেইবাগৰাকী বিহু বিশেষজ্ঞই আলোকপাত কৰিছে বিহুৰ প্রকৃত দিশসমূহ৷ শিক্ষা সংসদৰ বৈঠকত বিহু বিষয় সন্দর্ভত গ্রহণ কৰা হয় এই সিদ্ধান্ত৷ তদুপৰি অহাবর্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব ২৭টা বৃত্তিগত বিষয়৷
আনহাতে, আগন্তুক বর্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত প্রথমবাৰৰ বাবে ৪থ বিষয় হিচাপে শিক্ষা সংসদে মান্যতা দিব একাউণ্টেঞ্চী আৰু বিজনেছ ষ্টাডিজক৷ ইতিপূর্বে একাউণ্টেঞ্চী আৰু বিজনেছ ষ্টাডিজক বাধ্যতামূলক বিষয়ৰ উপৰি ৪ ৰ্থ বিষয় হিচাপে ধৰা নাছিল শিক্ষা সংসদে৷ শিক্ষার্থীসকলৰ সুবিধার্থে প্রথমবাৰৰ বাবে এই দুটা বিষয়ক ৪থ বিষয় হিচাপে গ্রহণ কৰাৰ সিদ্ধান্ত লোৱা হয় শিক্ষা সংসদৰ বৈঠকত৷