বৰহোলাত দিনে-ৰাতিয়ে ব্যস্ত ঢোল নিৰ্মাণকাৰী শিল্পী # ঠায়ে-ঠায়ে বিহু কৰ্মশালা
অজয় শইকীয়া, নগাবাট, ২৯ মাৰ্চঃ হেপাঁহৰ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ মহকুমাৰ বৰহোলাতো চলিছে বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। উল্লেখ্য যে বিগত দুটা বছৰে ক’ভিড পৰিস্থিতিৰ বাবে বিহু উদযাপনৰ পৰা বঞ্চিত হৈ ৰোৱা অসমীয়া ৰাইজে এইবাৰ উলহ-মালহেৰে চেনেহৰ বিহুটি পালন কৰিবলৈ সাজু হৈছে। বিহুক কেন্দ্ৰ কৰি বৰহোলা চহৰৰ লগতে বিভিন্ন গ্ৰামাঞ্চল যেনে নগাবাট, ইকৰাণি, বেকাজান, ৰাংচালী, ৰজাবাহৰ, বাগৰদিয়া আদিতো বিহু সন্মিলন, কৰ্মশালা অনুষ্ঠিত হৈছে। সমান্তৰালকৈ ঢোল নিৰ্মাণকাৰী শিল্পীসকলো দিনে-ৰাতিয়ে ব্যস্ত হৈ পৰা দেখা গৈছে। বিহুৰ পূৰ্বেই ঢোলসমূহ সাজু কৰি তোলাৰ চেষ্টা কৰিছে বৰহোলাৰ এইসকল শিল্পীয়ে। দীৰ্ঘ বছৰৰ পৰা বৰহোলাত ঢোল নিৰ্মাণ কৰি অহা এগৰাকী শিল্পী হৈছে সম্ভু দাস। বিগত ২৫ বছৰতকৈয়ো অধিক সময় তেওঁ ঢোল নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে। সম্ভু দাসে জানিবলৈ দিয়া মতে তেওঁ ১৪ বছৰ বয়সৰ পৰাই এই বৃত্তিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এনেদৰে পৰিয়াল চলোৱাৰ লগতে বৰ্তমান অন্য চাৰিজনকো সংস্থাপন দিবলৈ সক্ষম হৈছে সম্ভু দাসে। যোৱা বছৰ ক’ভিড পৰিস্থিতিৰ বাবে বাৰুকৈয়ে সমস্যা পৰিছিল তেওঁলোক। অৱশ্যে এইবাৰ ৰাইজৰ সঁহাৰিয়ে যথেষ্ট সকাহ দিছে বুলি আনন্দ মনে কোৱাৰ লগতে ইতিমধ্যে তেওঁলোকে ২০-৩০ মান ঢোলৰ কাম কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰিছে সম্ভু দাসে। ইফালে বিহু বুলি গাঁৱৰ একাংশ জীয়াৰী-বোৱাৰী এইকেইদিন তাঁতশালত ব্যস্ত। গামোচা, টঙালি, ৰুমাল আদিবোৰ বিহুৰ পূৰ্বেই প্ৰস্তুত কৰি উলিয়াব লাগিব। ককা-আইতা সকলৰো যেন আহৰি নাই। তামোল-পানকে ধৰি মাখিয়তি, লাও, বেঙেনা, কেৰেলা, ঠেকেৰা আদি বিহুৰ সময়ত প্ৰয়োজনীয়ে সকলো অত্যাৱশ্যকীয় সামগ্ৰী লাহে লাহে যোগাৰ কৰিবলৈ আৰম্ভ কৰিছে। দৈ গাখীৰ, গুৰ ক’ৰ পৰা কেনেকৈ যোগাৰ কৰিব তাৰো চিন্তা এৰা নাই ককা-আইতাসকলে। বহুজনে ঘৰৰ চোতালখন চাফ চিকুণ কৰা পৰিলক্ষিত হৈছে। কিয়নো বিহুৰ দিনকেইটাত হুচৰি আদৰিব লাগিব। কণ কণ মইনাসকলৰ পৰা ডেকা-বুঢ়ালৈকে বহুজনে ঠায়ে ঠায়ে চলাইছে বিহুৰ আখৰা। মুঠতে বৰহোলাৰ চহৰে-গাঁৱে বৰ্তমান বিহু আগমনৰ উখল মাখল পৰিবেশ বিৰাজ কৰিছে। অসমীয়া সতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি এইবাৰ বিহুটি পালন কৰিবলৈ সকলোৱে সংকল্পবদ্ধ হৈছে বুলি জানিবলৈ দিছে।