নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত অংশগ্ৰহণকাৰী নাচনীয়ে প্ৰাপ্ত মাননিৰে ছমৰীয়াত বিহু কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বকো সমষ্টিৰ ছমৰীয়া সত্ৰত জুলাইৰ ১৫ তাৰিখৰ পৰা ২১ তাৰিখলৈ সাত দিনীয়াকৈ এক বিনামূলীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত বকো সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ পৰা অংশগ্ৰহন কৰা ১৩গৰাকী বিহুৱতীয়ে ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ সহযোগত ছমৰীয়া ৰামসৰস্বতী খেলপথাৰত আয়োজন কৰিছিল এই বিনামূলীয়া বিহু কৰ্মশালাৰ। ছমৰীয়া সত্ৰৰ বিহুৱতী ক্ৰমে ময়ূৰাক্ষী ভৰালী, দীপান্বিতা কলিতা, জুমি দাইনাপালি, টিনামনি দাস, ধনমণি কলিতা, শিখা দাস, ৰিম্পীমণি কলিতা, চুমি দাইনাপালি, অংকিতা কলিতা, নিশামণি কলিতা, অলিভা কলিতা, পূৰৱী কলিতা, ৰিণি মজুমদাৰ, আশামণি কলিতাই চৰকাৰৰ পৰা লাভ কৰা মাননিৰ অংশ খৰচ কৰি বিনামূলীয়াকৈ আয়োজন কৰিছিল গ্ৰীষ্মকালীন বিহুৰ কৰ্মশালাখনিৰ।এ ই কৰ্মশালা খনিত ছমৰীয়া অঞ্চলৰ বহু শিক্ষানুষ্ঠানৰ ১১০গৰাকী কণ কণ শিক্ষাৰ্থীক বিহুৰ প্ৰশিক্ষন দিয়া হয়। বিহু পৰিৱেশন কৰি পোৱা ধনেৰে বিনামূলীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰি এক যোগাত্মক কামেৰ পৰিচয়েৰে মৰম বুটলিবলৈ সক্ষম হৈছে বকো সমষ্টিৰ ছমৰীয়া সত্ৰৰ নাচনীকেইগৰাকীয়ে। ৰাইজৰ মৰম আৰু সঁহাৰিত বহুত আশাবাদী আয়োজক মণ্ডলী। সাত দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাৰ শুকুৰবাৰে বিয়লিৰ ভাগত সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়। সামৰণী অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী ভ্ৰান্তি মেধিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ বিষয়ববীয়া। যুৱতীকেইগৰাকীৰ এনে পদক্ষেপক বহুতে উচ্চ প্ৰশংসা কৰিছে।
প্ৰেৰক প্ৰীতম বায়ন
You might also like