নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰামত বিহু নাচ-ঢোল বাদনৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, দোতমা,  ৭ এপ্ৰিলঃ সমগ্ৰ ৰাজ্যৰ লগতে ফকিৰাগ্ৰামতো ৰঙালীক আদৰাৰ ব্যপক প্ৰস্তুতি আৰম্ভ হৈছে। ফকিৰাগ্ৰাম কলা-সংস্কৃতি বিকাশ কেন্দ্রৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পাঁচ দিনীয়াকৈ বিহু নাচৰ লগতে ঢোল বাদন কৰ্মশালাৰ শুভাৰম্ভ হয়। উক্ত কৰ্মশালা ১০ এপ্ৰিললৈ চলিব। কৰ্মশালৰ শুভাৰম্ভ কৰে ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰবীৰ কুমাৰ সৰকাৰে। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জয়ন্ত ভাৰ্গৱ গগৈ (শিৱসাগৰ), গকুল গগৈ(শিৱসাগৰ), মুকুট ডেকা(দৰং), অজয় বিকাশ মহন(যোৰহাট), ৰাজীৱ শইকীয়া(যোৰহাট), উৎপল শৰ্মা। শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক কৃষ্ণ চন্দ্র নাথ, ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয় ড° আদিত চন্দ্র ডেকা,  ড° মনোৰঞ্জন ৰায়, ফকিৰাগ্ৰাম কলা-সংস্কতি বিকাশ কেন্দ্ৰৰ সভাপতি পীয়ুষ চৌধুৰী, সম্পাদক প্ৰনৱ শৰ্মা, ফকিৰাগ্ৰাম ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱ কুমাৰ মেধি, সাধাৰণ সম্পাদক ড° ৰেজাউল কৰিমসহ অন্যান্য কৰ্মকৰ্তাসকল। কৰ্মশালাত ডেৰশতাধিক নাচনীয়ে অংশগ্রহণ কৰি বিহু নাচৰ প্ৰশিক্ষণ লয়।
You might also like