নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক বিকাৰগ্ৰস্থ গৰ্ভৱতী মহিলাক চিকিৎসালয়ত ভৰ্তি বাঙালী সুৰক্ষা সমিতিৰ

নিয়মীয়া বাৰ্তা ১২আগষ্ট: পৃথিৱীত আজিও জীয়াই আছে মানৱতা। মানৱতা জীয়াই আছে বাবে আজিও সুন্দৰ হৈ আছে পৃথিৱী। ইয়াৰ এক বাস্তৱ উদাহৰণ প্ৰতিফলিত হ’ল চিৰাং জিলাৰ বিজনীত। একমাত্ৰ মানৱতাৰ বাবেই পুনৰ জীৱন ঘুৰাই পালে ফুটপাথত জীৱন নিৰ্বাহ কৰা এগৰাকী গৰ্ভৱতী মহিলা। জন্ম দিবলৈ সক্ষম হ’ল এটি সুন্দৰ দেৱকণ্যাৰ। চিৰাং জিলাৰ বিজনীৰ। এইগৰাকী বিজনী চহৰৰ ৪ নং ৱাৰ্ডত দীৰ্ঘদিনৰ পৰা পাথৰ দাতিত আশ্ৰয় লৈ থকা মানসিক বাধাগ্ৰস্ত মহিলা। সোমবাৰে নিশা সদৌ বাঙালী সুৰক্ষা সমিতিৰ চিৰাং জিলা কমিটিৰ কৰ্মীয়ে এনেদৰে প্ৰত্যক্ষ কৰি মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি ব্যক্তিগত খণ্ডৰ বঙাইগাঁও লোৱাৰ আছাম হস্পিতালত ভৰ্তি কৰালে আৰু সংগঠনটোৱে সম্পূৰ্ণ খৰচ বহন কৰি সহজ উপায় অপ্ৰিয় প্ৰচাৰ পদ্ধতিৰে এগৰাকী কণ্যা সন্তানৰ মাতৃ হবলৈ সক্ষম হ’ল সুনিতা সৰকাৰ নামৰ মানসিক বাধাগ্ৰস্ত মহিলা গৰাকী। কিন্তু চিৰাং জিলাৰ দুখনকৈ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত লৈ যোৱাৰ পিছত এগৰাকী মহিলাৰ সন্তান প্ৰসৱ কৰিব পৰাকৈ উপযুক্ত চিকিৎসা পদ্ধতি নথকাৰ বাবে ক্ষোভ প্ৰকাশ কৰিলে সংগঠনটোৱে। ইফালে সংগঠনটোৰ ফালৰ পৰা প্ৰয়োজন সাপেক্ষে সন্তানটিৰ ভোৰণ-পোষণৰ দ্বায়িত্ব গ্ৰহণৰ পোষকতা প্ৰকাশ কৰিছে সংগঠনটোৰ নেতা কৰ্মীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিজনী বজাৰৰ পথৰ দাতিত জীৱন যাপন কৰি আহিছে এই মানসিক বাধাগ্ৰস্ত মহিলাগৰাকী। মহিলাজনীৰ নাম সুনিতা সৰকাৰ, স্বামিৰ নাম নিমাই সৰকাৰ। দুয়োজনেই মানসিক বাধাগ্ৰস্থ । দম্পতিহাল বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি বিজনী বজাৰত জীৱন নিৰ্বাহ কৰি আহিছে এই দম্পতিহালে । সোমবাৰে ৰাতি ৪ নং ৱাৰ্ডৰ স্থানীয় লোকে দেখা পাই বিজনী প্ৰশাসনৰ লগত যোগাযোগ কৰি ১০৮ ৰ সহায়ত বিজনী ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় । চিকিৎসালয় খনত উন্নত চিকিৎসা পদ্ধতি নথকাৰ বাবে জিলা সদৰ কাজলগাঁও চৰকাৰী হস্পিতাললৈ লৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে চিকিৎসকে ।কিন্তু তাতো উপযুক্ত আধুনিক পদ্ধতিৰ ব্যৱস্থা নথকাৰ বাবে ডাক্তৰে ব্যক্তিগত খণ্ডৰ বঙাইগাঁও লোৱাৰ আসাম হস্পিতালত লৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে । উপায়হীনহৈ ততাতৈয়াকৈ ব্যক্তিগত খণ্ডৰ লোৱাৰ আছাম চিকিৎসালয় লৈ আনে । পিছত মহিলা গৰাকীয়ে আজি এটি সুন্দৰ কণ্যা দেৱশিশুৰ জন্ম দিয়ে। উক্ত সংগঠনৰ পৰা কণ্যা দেৱশিশুটিৰ নাম নামাকৰৰন কৰে ক’ৰনা ।

You might also like