নিয়মীয়া বাৰ্তা ১ আগষ্টঃপবিত্ৰ ঈদৰ দিনাও চিৰাঙৰ বিজনীত প্ৰতিবাদত নামিল এবিএমছু। চৰকাৰে আজিলৈকে এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে পবিত্ৰ ঈদৰ দিনাও প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বিজনী জিলা এবিএমছু। বিজেপি চৰকাৰ, বিপিএফ আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই চক্ৰান্তমূলক ভাবে হত্যা কৰাৰ অভিযোগ এবিএমছুৰ। ২০১৭ চনৰ ১ আগষ্ট আজিৰ দিনটোতেই হত্যা কৰা হৈছিল এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদক। কিন্তু তিনি বছৰ কাল অতিক্ৰম কৰাৰ পিছতো গ্ৰেপ্তাৰ কৰা নহল লাফিকুলৰ হত্যাকাৰীক।এই সংক্ৰান্তত এবিএমছুৰ লগতে বিভিন্ন দল সংগঠনে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন প্ৰকাৰে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ পিছতো ৰহস্য জনক ভূমিকাত থকা পৰিলক্ষিত হৈছে চৰকাৰ। যাৰ পৰিপ্ৰেক্ষিতত আজি চিৰাং জিলাৰ বিজনীৰ বিষডোবা ঈদগাহ ময়দানত পবিত্ৰ ঈদৰ দিনাও প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগীয়া হ’ল এবিএমছু। সংগঠনটোৰ বিজনী জিলা কমিটিৰ উদ্যোগত আৰু আলুখুন্দা আঞ্চলিক কমিটিৰ সহযোগত প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ।এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তথা বিজনী জিলা এবিএমছুৰ সভাপতি মেহদী হাছান মণ্ডলৰ নেতৃত্বত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। উল্লেখ্য যে ২০১৭ চনৰ ১ আগষ্ট তাৰিখতেই কোকৰাঝাৰৰ মাজ-মজিয়াৰ তিতাগুৰীত গুলিয়াই হত্যা কৰিছিল তেতিয়াৰ এবিএমছুৰ সভাপতি লাফিকুল ইছ্লাম আহমেদক। তিনিটা বছৰ অতিক্ৰম কৰিলে কিন্তু আজিলৈকে হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱাত প্ৰৱল ক্ষোভত ফাটি পৰে এবিএমছুৰ নেতৃত্ব । অসমৰ বিজেপি চৰকাৰ,তেতিয়াৰ বিটিচিৰ বিপিএফ চৰকাৰ আৰু কোকৰাঝাৰ সাংসদ নৱ কুমাৰ শৰণীয়াক এই হত্যাকাণ্ডৰ লগত জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে মেহদী হাছান মণ্ডলে। CIT আৰু CBI য়ে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ অন্তৰালত কিবা ৰহস্য থাকিব পাৰে বুলি মত প্ৰকাশ কৰে মেহদীয়ে।