নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত মহকুমা অসামৰিক চিকিৎসালয় মুকলি

🔹 কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ভাৰ্ছুৱেলী মুকলি কৰে চিকিৎসালয়

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী ভেটাগাঁওস্থিত ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ৰ কাষত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বিজনী মহকুমা অসামৰিক চিকিৎসালয়খন আজি বিয়লি মুকলি কৰা হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰাসায়নিক সাৰ দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই গুৱাহাটীত অনুষ্ঠিত এক সভাৰ জৰিয়তে ৰাজ্যখনৰ আন চিকিৎসালয়ৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰ লগতে বিজনীৰ এশ বিছনাযুক্ত চিকিৎসালয়খন ভাৰ্ছুৱেলী মুকলি কৰে ৷ চিকিৎসালয়খনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় ৷ অনুষ্ঠানত বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ফিৰদৌছ আলম, বিজনী মহকুমাৰ মহকুমাধিপতি অভিষেক জৈন, চিৰাং জিলাৰ স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহানা বেগমসহ কেইবাজনো জ্যেষ্ঠ চিকিৎসক, কৰ্মচাৰী, স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ আৰ অ’ পি ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত মুঠ ১৫ কোটি ৪০ লাখ ১৮ হেজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৷

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like