নিয়মীয়া বাৰ্তীা ১ আগষ্টঃ চিৰাং জিলা বিজনী পানবাৰী থানাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰ পৰা হৰিণা পশুৰ মাংস সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পানবাৰী আৰক্ষীয়ে । প্ৰাপ্ত তথ্য অনুসৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানপানীৰ সময়ত ওলাই অহা হৰিণা পশু হত্যা কৰি কেজি প্ৰতি পাচশ টকাত বিক্ৰি কৰিছিল মাংস । পানবাৰী আৰক্ষীৰ অভিযানত হৰিণা পশুৰ মাংস সহ আটক কৰে এক নং বিষ্ণপুৰৰ ৰঞ্জণ বিশ্বাস(৫২) আৰু এক নং দৈলংঝাৰৰ ৰমেশ মণ্ডল (৫০) নামৰ মাংস ব্যৱসায় দুজনক।
মাংস ব্যৱসায় দুয়োজনৰ নামত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধিনত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।দীৰ্ঘদিনৰ পৰাই চিৰাং জিলাৰ ভিৰত-ভুটান সীমান্ত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সীমামুৰীয়া অঞ্চল সমুহত হৰিণা পশুৰ মাংসৰ ব্যৱসায় চলাই আছিল। উক্ত অঞ্চল সমূহত এচ এচ বি আৰু বন বিভাগৰ লোকে দিনে নিশাই টহল দি থকাৰ মাজতে কি দৰে চোৰাং চিকাৰী সকলে হৰিণা হত্যা কৰি মাংসৰ ব্যৱসায় চলাই আহিছে ? একাংশ প্ৰকৃতি প্ৰেমি ব্যক্তি য়ে সন্দেহ কৰিছে যে এচ এচ বি আৰু বন বিভাগৰ লোক জড়িত আছে নে কি ?