নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপ্লৱ শর্মা আয়োগত সাক্ষ্যদান চাৰি ৰাজপত্রিত বিষয়াৰ

এপিএছচিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাকেশ পাল বাহিনীৰ নেতৃত্বত অসম লোকসেৱা আয়োগ (এ পি এছ চি)ত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্ত ক্ষিপ্রতাৰে আগবঢ়াই নিছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাৰ নেতৃত্বত গঠিত আয়োগে৷ ন্যায়িক আয়োগৰ জাননী লাভ কৰাৰ পিছতে এজন এজনকৈ অভিযুক্ত ৰাজপত্রিত বিষয়া আয়োগৰ ওচৰত হাজিৰ হৈছে৷

বুধবাৰে চাৰিজন ৰাজপত্রিত বিষয়াই আয়োগৰ ওচৰত হাজিৰ হৈ নিজৰ মতামত প্রকাশ কৰে৷ প্রাপ্ত তথ্য অনুসৰি ডিমা হাছাওৰ ডি এছ পি বৰগিৰি তেৰং, মৰিগাঁৱৰ সমবায় বিষয়া ভাস্কৰ শর্মা, বৰপেটাৰ আবকাৰী পৰিদর্শক সৌৰভপ্রাণ শর্মা আৰু অভয়াপুৰীৰ এছ ডি পি অ’ নিতুমণি দাস আয়োগৰ ওচৰত হাজিৰ হয়৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশত গঠন কৰা ন্যায়িক আয়োগে ২০১৩ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ খেলিমেলি সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে৷ কাইলৈৰ ভিতৰত মুঠ ১৯জন বিষয়াক আয়োগে জাননী প্রেৰণ কৰি নিজৰ বক্তব্য প্রদান কৰিবলৈ নির্দেশ দিছিল৷ আজিপর্যন্ত মুঠ ১৪জনে আয়োগক নিজৰ বক্তব্য প্রদান কৰিছে বুলি জানিব পৰা গৈছে৷ ইয়াৰে একাংশই সোঁশৰীৰে হাজিৰ হোৱাৰ পৰিৱর্তে আন একাংশই অধিবক্তাৰ জৰিয়তে আয়োগৰ ওচৰত দাখিল কৰিছে নিজৰ মতামত৷ কালি নগাঁৱৰ নির্বাচনী বিষয়া ধীৰাজ কুমাৰ জৈন আৰু যোৰহাট সদৰৰ এছ ডি অ’ আকাশী দুৱৰাই নিজৰ মতামত প্রকাশ কৰিছিল আয়োগৰ ওচৰত৷

You might also like