নিয়মীয়া বাৰ্তা ২ জুলাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ২৪তম্ প্ৰতিষ্ঠা দিৱসটি আছাৰ বিশ্বনাথ জিলা সমিতি আৰু বৰপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিজয়পুৰ প্ৰাথমিক গোটৰ সহযোগত বিশ্বনাথৰ বিজয়পুৰ আহুবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত সামাজিক দূৰত্ব বজাই ৰাখি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুযায়ী পুৱা ৭:৩০ বজাত পতাকা উত্তোলন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আছাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ডয়ে। ইয়াৰ পিছতে আছাৰ বিজয়পুৰ প্ৰাথমিক গোটৰ সভাপতি দানিয়েল চাংগাই আঁত ধৰা আৰু অমিত কিণ্ডয়ে উদ্দেশ্যে ব্যাখ্যা কৰা মুকলি সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ অঞ্চলটোৰ ৩০ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আছাৰ বৰপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক আৰমান কিণ্ডৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনত আছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক যোছেফ মিঞ্জ, আছাৰ লক্ষীমপুৰ জিলা সমিতিৰ শিক্ষা সম্পাদক ৰহান ভূমিজ, বিশ্বনাথ আঞ্চলিক সমিতিৰ সম্পাদক আগষ্ট মুণ্ডাৰ লগতে মিঠু ওৰাং, মনেশ্বৰ মুণ্ডা, শিৱা মুণ্ডা, জিতেন প্ৰজা, কাৰ্তিক সণ্ডৱাল, বিকাশ পাতৰ উপস্থিত থাকে।