বিৰোধীক ৰোধ কৰিবলৈ চলিত মাহৰ পৰাই সমষ্টিয়ে সমষ্টিয়ে অভিযান
নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠতা দখলেৰে পুনৰ ক্ষমতালৈ অহাৰ ব্যাপক কুচকাৱাজ অব্যাহত ৰখা ৰাজ্যিক বিজেপিয়ে চলিত মাহৰ পৰাই আৰম্ভ কৰিব নির্বাচনী অভিযান৷ ১০০+ আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে ব্যাপক সাংগঠনিক কাম–কাজেৰে তৎপৰতা চলোৱা শাসকীয় দলটোৰ তৃণমূল কর্মীক অধিক সক্রিয় কৰাৰ উদ্দেশ্যে ৰাজ্যলৈ আগমন ঘটিছে কেইবাগৰাকীও শীর্ষ নেতাৰ৷
বিগত ১৫ দিনৰ অন্তৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুবাৰকৈ অসম ভ্রমণ কৰাৰ সমান্তৰালভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও দলটোৰ নেতা–কর্মীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে দুবাৰকৈ ৰাজ্যত উপস্থিত হৈছিল৷ উজনি অসমত প্রধানমন্ত্রী মোদীয়ে নির্বাচনী ৰণডংকা বজোৱাৰ পূর্বে নামনি অসমত গৃহমন্ত্রী অমিত শ্বাহ আৰু বৰাকত দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই বৃহৎ গণসমাৱেশেৰে দলৰ শক্তিশালী স্থিতি ইতিমধ্যে প্রতিপন্ন কৰিছে৷ শাসকীয় দলটোৰ এনে ব্যাপক নির্বাচনী ৰণকৌশলৰ বিপৰীতে এতিয়াও স্তিমিত হৈ আছে বিৰোধীৰ মহাজোঁট৷ কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটবন্ধনত প্রতিদিনে সৃষ্টি হৈছে জঁট৷ এ আই ইউ ডি এফ, বাঁওদল আৰু নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহক লগত লৈ মহাজোঁট গঠনৰ যি প্রস্তুতি চলিছিল, সেয়া ক্রমাৎ স্তিমিত হৈ পৰাই নহয়, এই জোঁটবন্ধন অকালতে মৰহি যোৱাৰ উপক্রম হৈছে৷
ইতিমধ্যে বাঁওদল তথা সাংসদ অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মর্চাই কংগ্রেছক একাষৰীয়া কৰি আন এক জোঁটবন্ধনৰ দিশে আগবাঢ়িছে৷ ইয়াৰ বিপৰীতে কংগ্রেছে এ আই ইউ ডি এফৰ সৈতে মিত্রতা স্থাপনৰ কথা ঘোষণা কৰিছে যদিও এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে আসন বুজাবুজিৰ ক্ষেত্রত কংগ্রেছৰ দখলত থকা কেইবাটাও সমষ্টি দাবী কৰাৰ পাছত এই মিত্রতাৰ ক্ষেত্রতো সৃষ্টি হৈছে অনিশ্চয়তা৷ তদুপৰি নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মহাজোঁটবন্ধনত অংশগ্রহণ নকৰাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে৷ কার্যতঃ বিজেপিক প্রতিৰোধৰ বাবে গঠন হোৱা মহাজোঁট যে সম্পূর্ণৰূপে অনিশ্চয়তালৈ গতি কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ বিৰোধীৰ এনে স্থিতিৰ বিপৰীতে পূর্ণগতিৰে নির্বাচনী অভিযানত নামি পৰিছে ৰাজ্যিক বিজেপি৷ নির্বাচনৰ দিন ঘোষণাৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ আগমনৰ সমান্তৰালভাৱে সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তথা প্রতিটো সমষ্টিতে বিৰোধীক প্রতিহত কৰাৰ ৰণকৌশল প্রস্তুত কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছে দলটোৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ৷
উল্লেখ্য যে যোৱা ২৭ জানুৱাৰীৰ পৰা ৭ ফেব্রুৱাৰীলৈ বিজেপিয়ে প্রতিটো সমষ্টিতে সম্পন্ন কৰিব পৃষ্ঠাপ্রমুখ সন্মিলন৷ এই সন্মিলনতেই প্রতিজন পৃষ্ঠাপ্রমুখক কিদৰে ভোটাৰৰ মাজলৈ যাব লাগিব, কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম–কাজ, বিভিন্ন দিশত চৰকাৰে অর্জন কৰা সফলতা, দলীয় নীতি–আদর্শক কিদৰে ৰাইজক জনাব লাগিব আদি বিষয়ত প্রশিক্ষণ প্রদান কৰা হয়৷ এই পৃষ্ঠাপ্রমুখসকলক অহা ১০ ফেব্রুৱাৰীৰ পৰা ৰাইজৰ ওচৰলৈ যোৱাত ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ এই লক্ষ্যৰে ১০ ফেব্রুৱাৰীত বিজেপিয়ে আৰম্ভ কৰিব পৰিয়াল সম্পর্ক অভিযান৷ এই অভিযান কিদৰে আগুৱাই নিব তথা নির্বাচনৰ প্রাক্ক্ষণত দলৰ ৰণকৌশল কি হ’ব, তাক নির্ধাৰণ কৰাৰ উদ্দেশ্যে গুৱাহাটীত আহি উপস্থিত হৈছে ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক ডি এল সন্তোষ৷ আজি গুৱাহাটীত উপস্থিত হোৱা ৰাষ্ট্রীয় নেতাগৰাকীয়ে আজি ৰাজ্যিক বিজেপিৰ কার্যকর্তা তথা শীর্ষ নেতৃত্বৰে অনুষ্ঠিত কৰিব কেইবালানিও বৈঠক৷
মুখ্যতঃ বিধানসভা নির্বাচনৰ বাবে দলৰ নির্বাচনী ইস্তাহাৰত কি কি বিষয় সন্নিৱিষ্ট হ’ব, সেই সন্দর্ভত আলোচনাত বহাৰ লগতে বুথ ব্যৱস্থাপনা সন্দর্ভতো অনুষ্ঠিত কৰিব বৈঠক৷ আজি পুৱাৰ ভাগত শীর্ষ নেতাগৰাকীয়ে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে বহিব বিশেষ সম্পর্ক অভিযান শীর্ষক এক বৈঠকত৷ এই বৈঠকতে পৰিয়াল সম্পর্ক অভিযান কিদৰে আগুৱাই নিয়া হ’ব, তাৰ বাবে বিস্তৃত কার্যসূচী প্রস্তুত কৰা হ’ব৷ মন কৰিবলগীয়া যে বিজেপিয়ে প্রতিটো সমষ্টিৰ ভোটাৰ তালিকাৰ প্রতিটো পৃষ্ঠাৰ বিপৰীতে নিযুক্তি দিছে একোজনকৈ পৃষ্ঠাপ্রমুখ৷ এই পৃষ্ঠাপ্রমুখসকলে প্রতিজন ভোটাৰৰ ঘৰলৈ গৈ সমর্থন আদায়ৰ চেষ্টা চলাব৷ পৃষ্ঠাপ্রমুখসকলৰ লক্ষ্য হ’ব কংগ্রেছ তথা বিৰোধীৰ সমর্থনত থকা ভোটাৰসকল৷ এই ভোটাৰসকলক নিজৰ সমর্থনলৈ অনাৰ বাবে সকলো ধৰণৰ ৰণকৌশল প্রয়োগ কৰিব৷ শাসকীয় দলটোৰ এনে পূর্ণ প্রস্তুতিৰ সময়তে চলিত মাহৰ মাজভাগৰ পৰা ৰণক্ষেত্রত নামিব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) কেডাৰসকল৷ বিজেপিৰ অভিভাৱক সংগঠক ৰূপে পৰিচিত আৰ এছ এছে প্রত্যক্ষভাৱে ৰাজনীতিত নানামিলেও পৰোক্ষভাৱে গেৰুৱা দলটোৰ বিজয়ত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷
বিভিন্ন কৌশলেৰে জনসাধাৰণৰ মাজত প্রৱেশ কৰি ভোটাৰক বিজেপিমুখী কৰাৰ অভিযানত আৰ এছ এছ নামি পৰাটো প্রায় স্পষ্ট হৈ পৰিছে৷ শাসকীয় দলটো পুনৰ ক্ষমতালৈ অহাৰ সকলো ধৰণৰ ৰণকৌশল প্রস্তুত কৰি তোলাৰ বিপৰীতে এতিয়াও নিস্তেজ ভূমিকাত আছে বিৰোধী কংগ্রেছ তথা মহাজোঁট৷