বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে সোণাৰিত বিজেপিৰ হিতাধিকাৰী সন্মিলন
নিয়মীয়া বাৰ্তা, ১০ জুনঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰীত্বৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে “সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ ”কাৰ্যসূচীৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আজি এখনি “হিতাধিকাৰী সন্মিলন” অনুষ্ঠিত হয়। জিলা সাধাৰণ সম্পাদক দ্বয় অজন্ত বৰুৱা আৰু স্বাক্ষৰ জ্যোতি গগৈয়ে আঁত ধৰা সন্মিলন খনিত অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা বিধান সভা সমষ্টিৰ বিধায়ক যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষীনাথ তাছা, অসম চৰকাৰৰ অবিচি উন্নয়ন বৰ্ডৰ অধক্ষ্যা নৱনীতা সন্দিকৈ, এ পি জি চি এল ৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, অবিচি উন্নয়ন বৰ্ডৰ চৰাইদেউ জিলাৰ সভাপতি ৰাজেন গগৈ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা প্ৰাক্তন জিলা সভাপতি ৰাখাল চন্দ্ৰ কুমাৰ, ৰাজ্যিক আমন্ত্ৰিত কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে কাজল দে, দিলিপ কোঁৱৰ, নিতুমণি প্ৰধান, চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোৱঁৰ, লগতে চৰাইদেউ জিলাৰ অন্তৰ্গত সাতটা মণ্ডলৰ সভাপতি, জিলা পৰিষদৰ সদস্য সকল, গাও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকল, বুথ সভাপতিসকল আৰু দলৰ সকলো স্তৰৰ কাৰ্য্যৰ্কতা সহিতে ছয় সহস্ৰাধিক হিতাধিকাৰী উপস্থিত আছিল। উল্লেখযোগ্য যে জিলা সভাপতি লক্ষ্মীনাথ তাছাই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতে ক্ৰমে বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ, সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মহনে হিতাধিকাৰীৰ উদ্দেশ্যে নিজৰ বক্তব্য দাঙি ধৰে আৰু শেষত “সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ যোজনাৰ” চৰাইদেউ জিলা আহ্বায়ক তথা জিলা উপ-সভাপতি ৰ’জ কমল মহনে শলাগৰ শৰাই আগবঢ়াই।
প্ৰেৰক : দীপাংকৰ পাল