বিধানসভা নির্বাচনত বিজেপিৰ সংগী হ’ব ইউপিপিএলঃ কোকৰাঝাৰত ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ বিটিচি নির্বাচনৰ সময়তে বি পি এফ আৰু বিজেপিৰ মিত্রতাৰ মাজত উদ্ভৱ হোৱা সংঘাতে অৱশেষত দুয়ো দলৰ মধুচন্দ্রিকাৰ অন্ত পেলালে৷ আগন্তুক বিধানসভা নির্বাচনত বি টি আৰত বিজেপিৰ সংগী হ’ব ইউ পি পি এল৷ কালি ৰাজহুৱাভাৱে এই কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷
কোকৰাঝাৰৰ চিকনাঝাৰ টাইকোৱানডো জিমনেচিয়ামত অনুষ্ঠিত বিজেপিৰ সাংগঠনিক সভাত এই কথা ঘোষণা কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– বর্তমান ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰ সৈতে যি নতুন মিত্রতা আছে, সেই মিত্রতাক সাৰথি কৰিয়েই আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে প্রতিদ্বন্দ্বিতাত নামিব৷ উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰত তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা ইউ পি পি এলৰ বৈঠকৰ পাছতেই বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনত বি পি এফৰ পৰিৱর্তে ইউ পি পি এলৰ সৈতে যে মিত্রতা কৰিব, সেয়া স্পষ্ট হৈছিল৷
মন্ত্রী ড০ শর্মাই ইয়াক অধিক স্পষ্ট কৰি তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীক চোকা সমালোচনা কৰি কয়– বিধানসভাত বিজেপিয়ে ইউ পি পি এলৰ সৈতেই মিত্রতা কৰিব৷ হাগ্রামা মহিলাৰী আমাৰ আদর্শ নহয়৷ আমাৰ আদর্শ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ যোৱা সময়ছোৱাত বিটিচিত যি ব্যক্তি পূজা আৰু তুষ্টিকৰণৰ ৰাজনীতি চলিছিল, সেয়া ভোটাৰ ৰাইজে অন্ত পেলাবলৈ সাজু হৈছে৷ বি পি এফৰ সৈতে মিত্রতাত থকা অৱস্থাত বিজেপিৰ নির্বাচিত সদস্য ধর্মনাৰায়ণ দাসক কার্যবাহী সদস্যৰ পদ দিবলৈ হাগ্রামা মহিলাৰীক অনুৰোধ কৰা সত্ত্বেও সেই অনুৰোধ নাকচ কৰিছিল৷
কালি সেই বিটিচিতেই বিজেপিৰ কেইবাগৰাকীও সদস্যই কার্যবাহী সদস্যৰ পদ লাভ কৰিছে৷ বিটিচি নির্বাচনৰ ফলাফল বিজেপিৰ বাবে ভগৱানৰ আশীর্বাদস্বৰূপ৷ আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ ১২খন আসনেই বিজেপি আৰু মিত্রদলে লাভ কৰিব৷ ইফালে ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছতেই বিটিচিত পঞ্চায়তৰ আর্হিত নির্বাচন অনুষ্ঠিত কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷
বিটিচি উন্নয়নৰ সমূদায় ধন ৭–৮গৰাকীৰ লোকৰ পকেটলৈ গৈছিল বুলি উল্লেখ কৰি তেওঁ কয়– বিটিচিত এতিয়া আৰু সুবিধাবাদী–ব্লেকমেইল্ ৰাজনীতি নচলে৷ আনহাতে, বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়ো আৰু মুখ্য সচিবৰ সৈতে হোৱা আলোচনামর্মে তেওঁ এই কথা জানিবলৈ পাইছে যে বিটিচিত এতিয়াও ২,৩৫০ কোটি টকা বকেয়া আদায় দিবলৈ বাকী আছে৷ ইয়াৰ বিপৰীতে চলিত বর্ষত বিটিচিয়ে ৬৭৩ কোটি টকাহে লাভ কৰিব৷ এই ধনেৰে বকেয়া কিদৰে আদায় দিব, সেয়াহে চিন্তাৰ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰে৷
উল্লেখ্য যে বিটিচি নির্বাচনৰ পাছতে বিজেপিক বড়োভূমিত শক্তিশালী ৰূপত তুলি ধৰাৰ লক্ষ্যৰে বিটিচিৰ চাৰিখন জিলাত শাসকীয় দলটোৱে অনুষ্ঠিত কৰিব কেইবাখনো দলীয় সভা৷ এই উদ্দেশ্যে কালি বডোফা নগৰৰ কদমতলাস্থিত চিকনাঝাৰ জিমনেচিয়াম হলত আয়োজন কৰা কালিৰ সাংগঠনিক সভাত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দাসৰো স্পষ্ট মন্তব্য– বিটিচিত বিধানসভা নির্বাচনত বিজেপিৰ সংগী হ’ব ইউ পি পি এল৷ ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ইয়াৰ বাবে প্রদান কৰিছে সেউজ সংকেত৷