সনাতন ডেকাৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান বিজেপি বেজেৰা মণ্ডলৰ
নিয়মীয়া বাৰ্তা ২৭ মেঃ হাজোৰ মনাহকুছিত যোৱা ২২ মে’ত এক পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি মৰিয়াই মৰিয়াই হত্যা কৰা হয় তেতেলীয়াৰ সনাতন ডেকা নামৰ পাঁচলি ব্যৱসায়ীগৰাকীক।উক্ত ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষীও তদন্ত আৰম্ভ কৰি সম্প্ৰতি তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।তেনে সময়তে দুৰ্ভগীয়া তথা দৰিদ্ৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদানৰো দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।
উক্ত আহ্বানৰ পাছতে পৰিয়ালটোক সকাহ দিয়াৰ প্ৰয়াসেৰে ভিন্ন জনৰ দৰে আজি সনাতন ডেকাৰ ঘৰত উপস্থিত হয় বেজেৰা মণ্ডল বিজেপিৰ নেতা-কৰ্মী।পৰিয়ালটোৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃত সনাতন ডেকাৰ পত্নীৰ হাতত আৰ্থিক অনুদান প্ৰদান কৰে বেজেৰা মণ্ডলৰ হৈ সভাপতি দিলীপ ডেকা,যুৱ কৰ্মী ধনঞ্জয় ডেকা,মানৱেন্দ্ৰ ডেকা,জিটু ডেকা,ভাইটি বড়ো,ভৱেশ কলিতা, ঋতুৰাজ কলিতা আৰু ত্ৰৈলোক্য ডেকাই।ইয়াৰোপৰি সনাতন ডেকাৰ দোষীক শাস্তি প্ৰদানত সকলোধৰণৰ সহযোগীতা আগবঢ়োৱাৰ ওপৰিও অনাগত দিনত যিকোনো সহায়-সহযোগীতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বেজেৰা মণ্ডল বিজেপিৰ নেতা-কৰ্মীয়ে।