সমাজ কল্যাণৰ দুর্নীতিক লৈ অজন্তাক ব্লেকমেইলিং কৰিছে বিজেপিয়ে
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ গুৰুতৰ অভিযোগ
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ জ্যেষ্ঠ কংগ্রেছ নেত্রী, প্রাক্তন মন্ত্রী তথা বর্তমানৰ গোলাঘাটৰ বিধায়ক অজন্তা নেওগে অচিৰেই বিজেপিত যোগদান কৰিব বুলি ব্যাপক চর্চা চলি থকাৰ সময়তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিজেপিয়ে অজন্তা নেওগক ব্লেকমেইলিং কৰি গেৰুৱা দলটোত যোগদান কৰাব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এখন সংবাদ মেলত সভাপতি বৰাই কয় যে বিজেপিয়ে কেৱল অসমতে নহয়, সমগ্র ভাৰততে ভয়–ভাবুকি দেখুৱাই কংগ্রেছৰ ডাঙৰ ডাঙৰ নেতাসকলক তেওঁলোকৰ দললৈ নি আছে৷ স্বেচ্ছাই সকলো বিজেপিলৈ যোৱা নাই৷ অজন্তা নেওগকো তেওঁলোকে ব্লেকমেইলিং কৰিছে৷ অজন্তা নেওগে এতিয়ালৈকে আমাৰ আগত বিজেপিলৈ যাব বুলি কোৱা নাই৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ সৈতে তেওঁ নিজেই অজন্তা নেওগৰ ঘৰলৈও গৈছে৷ যোৱা ৯ ডিচেম্বৰ পর্যন্ত তেওঁ অজন্তা নেওগৰ সৈতে কথাও পাতিছে৷ কিন্তু যোৱা সপ্তাহত অজন্তা নেওগে গুৱাহাটীত মুখ্যমন্ত্রীক লগ কৰাৰ পিছত পোনপটীয়াভাৱে তেওঁৰ সৈতে কথা পাতিব পৰা নাই৷ মুখ্যমন্ত্রীক লগ কৰা সম্পর্কত অজন্তা নেওগে এতিয়াও বিধায়ক হিচাপে মুখ্যমন্ত্রীক লগ কৰিব পাৰো বুলি কৈ আহিছে৷ তেওঁ আৰু কয় যে সমাজ কল্যাণ বিভাগৰ কেলেংকাৰি সম্পর্কত অজন্তা নেওগক চিআইডিয়ে মাতিছে৷ বাহিৰত অজন্তা নেওগে কোৱা মতে, তেওঁ এতিয়া যথেষ্ট চাপত আছে৷ সেয়ে আমি তেওঁক ব্লেকমেইলিং কৰি বিজেপিলৈ নিব বিচাৰিছে বুলি কৈছোঁ৷ আনহাতে অজন্তা নেওগক গোলাঘাট জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণৰ প্রসংগত সভাপতি বৰাই কয় যে অজন্তা নেওগৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, ৰ’জলীনা তির্কী আদিয়েও বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে৷ কিন্তু ৰেকিবুদ্দিন আহমেদ, ৰকিবুল হুছেইন, ৰ’জলীনা তির্কী আদিয়ে যিদৰে লগে লগে দৃঢ়তাৰে তেনে খবৰ অস্বীকাৰ কৰিছে, অজন্তা নেওগে শেহতীয়াকৈ তেওঁক লৈ চলা চর্চা অস্বীকাৰ কৰা নাই৷ বৰং অহা ২৬ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণৰ সময়তে তেওঁ বিজেপিত যোগদান কৰিব বুলি শুনি আছোঁ৷ তেওঁ যিহেতু গোলাঘাট জিলাৰ কংগ্রেছৰ সভাপতিৰ দায়িত্বত আছিল, তেওঁৰ অস্পষ্ট স্থিতিয়ে দলক ক্ষতি কৰিব পাৰে বুলি ভাবিয়েই তেওঁক সেই দায়িত্বৰ পৰা আঁতৰোৱা হৈছে৷ বিজেপিত তেওঁ যোগদান কৰিলে দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ সংবাদ মেলখনত সভাপতি বৰাই আৰু কয় যে প্রাক্তন মন্ত্রী গৌতম ৰয়কো বিজেপিয়ে তীব্র হেঁচা দি তেওঁলোকৰ দলত যোগদান কৰাইছে৷ সমাজ কল্যাণৰ কেলেংকাৰি সম্পর্কতে তেওঁক বিজেপিত যোগদানৰ বাবে বাধ্য কৰায়৷ বিজেপিত যোগদান নকৰিলে জে’ললৈ যাব লাগিব বুলি দিয়া ভাবুকিৰ বাবেই তেওঁ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে৷