নিয়মীয়া বাৰ্তা,৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত আৰু অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত বিজেপিৰ ছয়গাঁও সমষ্টিৰ তত্বাবধায়ক নিংকু হজুৰীৰ নেতৃত্বত বিজেপিৰ ছয়গাঁও মণ্ডল কমিটি, যুৱ মৰ্চাৰ ছয়গাঁও মণ্ডল কমিটি আৰু বনগাঁও মণ্ডল কমিটিৰ সহযোগত আজি ছয়গাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় প্ৰাংগনত বিজেপিৰ ছয়গাঁও সমষ্টিৰ তত্বাবধায়ক নিংকু(নিদৰ্শন) হুজুৰীয়ে বৃক্ষৰোপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ কেবাজনো বিষয়ববীয়াই বৃক্ষৰোপন কৰে । এই বৃক্ষৰোপন অনুষ্ঠানটিৰ আঁত ধৰে ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও মণ্ডলৰ সভাপতি প্ৰফুল্ল মেধীয়ে । আনহাতে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰী শ্ৰী মা চণ্ডিকা দেৱালয় চৌহদতো ছয়গাঁও সমষ্টিৰ তত্বাবধায়ক নিংকু হুজুৰীয়ে বৃক্ষৰোপন কৰে । আজি এই বৃক্ষৰোপন কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ উপ-সভাপতি সোণজ্যোতি ডেকা, ছয়গাঁও মণ্ডল বিজেপিৰ সম্পাদক অখিল কলিতা, ছয়গাঁও মণ্ডল যুৱ মৰ্চাৰ সভাপতি মন্টু কলিতাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বহুতো বিষয়ববীয়া উপস্হিত থাকে ।