অজন্তা নেওগৰ সম্ভাব্য যোগদানক লৈ সঘন বৈঠক বিজেপিৰ
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ একালৰ প্রবল প্রতাপী কংগ্রেছী মন্ত্রী অজন্তা নেওগে সলনি কৰিব নেকি শিবিৰ৷ বিজেপিত যোগদান কৰাৰ সিদ্ধান্তত উপনীত হৈছে নেকি শক্তিশালী কংগ্রেছ নেত্রী তথা বর্তমানৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে৷ এই লৈ সম্প্রতি ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰাৰ সময়তে প্রাক্তন মন্ত্রী তথা বর্তমানৰ বিধায়িকা অজন্তা নেওগৰ মৌনতা অথবা কৌশলপূর্ণ মন্তব্যই দুগুণ বৃদ্ধি কৰিছে উদ্বিগ্ণতা৷
বিগত এটা পষেক ধৰি ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰা এই বিষয়টোৱে সম্প্রতি কংগ্রেছ আৰু বিজেপিৰ তৃণমূল পর্যায়ৰ কর্মীৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ প্রাক্তন মন্ত্রী অজন্তা নেওগে এই সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণত কৌশলপূর্ণ মন্তব্য প্রকাশ কৰাৰ পাছতে কংগ্রেছৰ জিলা, মণ্ডল পর্যায়ৰ বহু নেতাৰ লগতে তৃণমূল পর্যায়ৰ কর্মী অনিশ্চিয়তাত ভুগিছে৷ একপ্রকাৰ পণবন্দী হৈ পৰা কংগ্রেছ নেতা–কর্মীসকলে জনপ্রতিনিধিগৰাকীৰ্ পৰা স্পষ্ট মতামত বিচাৰিছে যদিও তৃণমূলৰ প্রতি কাণসাৰ নিদিয়াত বহু কংগ্রেছ কর্মী ৰাইজৰ দললৈ যোৱাৰ মন মেলিছে বুলিও খবৰ আহি পৰিছে৷
আনহাতে, প্রাক্তন মন্ত্রী অজন্তা নেওগে সাংবাদিকৰ প্রশ্ণত কৌশলপূর্ণভাৱে বক্তব্য আগবঢ়াই বিজেপিত যোগদান কৰিব নে নকৰে, সেই সম্পর্কত ফালৰি কাটি আঁতৰি থকা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ আনহাতে, অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি চর্চা লাভ কৰাৰ পাছতে গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্রার্থিত্বপ্রত্যাশীৰ লগতে বিজেপিৰ নেতা–কর্মীৰ মাজত এইকেইটা দিনত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে৷ বিজেপিৰ এই বৈঠকত অজন্তা নেওগৰ যোগদানৰ বিৰোধিতা কৰি বক্তব্য আগবঢ়াইছে বহু বিজেপি নেতা–কর্মীয়ে৷ ইফালে ২০১৬ চনৰ নির্বাচনত কংগ্রেছৰ প্রার্থী অজন্তা নেওগৰ বিৰুদ্ধে বিজেপিৰ বিতোপন শইকীয়াই নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ উক্ত নির্বাচনত ষ্টাৰ কেম্পেইনাৰৰ প্রচাৰ অবিহনেই বিতোপন শইকীয়াই ৬৮,৬৪৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ অজন্তা নেওগে ৭৩,৮৬২টা ভোট লাভ কৰি জয়লাভ কৰিছিল৷ কিন্তু লক্ষণীয় কথা যে বিজেপিৰ পূর্বৰ তুলনাত শক্তি বৃদ্ধি পোৱাৰ বিপৰীতে কংগ্রেছৰ শক্তি হ্রাস পায়৷ এনে সময়ত যদি অজন্তা নেওগে বিজেপিত যোগদান কৰে, তেন্তে বিতোপন শইকীয়াৰ আশাত চেঁচাপানী পৰিব আৰু সেই লৈ বিতোপন শইকীয়াৰ সমর্থকসকলৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইফালে কংগ্রেছী বিধায়ক অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তির্কীৰ বিজেপি গমন সন্দর্ভত দলৰ স্থিতি স্পষ্ট কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ বিজেপিৰ সভাপতিগৰাকীয়ে কয়– অজন্তা নেওগৰ যোগদান সম্পর্কত কোনো নেতাই স্পষ্টকৈ একো জনোৱা নাই৷ বিভিন্ন কার্যকর্তাই অজন্তা নেওগৰ সৈতে যোগাযোগ কৰি আছে যদিও মই জ্ঞাত নহয়৷ আনহাতে, বিধায়িকা ৰ’জলীনা তির্কীৰ ক্ষেত্রত স্থানীয় কার্যকর্তাসকলে আপত্তি তুলিছে৷ তৃণমূল কর্মী তথা কার্যকর্তাসকলে স্পষ্টকৈ উল্লেখ কৰিছে ৰ’জলীনা তির্কী বিজেপিলৈ সাধাৰণ সদস্য হিচাপে অহাত আপত্তি নাই৷ কিন্তু যোগদানৰ বাবে কোনো পূর্ব চর্ত দিব নোৱাৰিব৷ এই দুগৰাকী বিধায়িকাৰ বিপৰীতে লক্ষীপুৰ কংগ্রেছৰ বহিষৃকত বিধায়ক ৰাজদীপ গোৱালাই অচিৰেই বিজেপিত যোগ দিব বুলি ৰঞ্জিত দাসে স্পষ্ট কৰে৷
উল্লেখ্য যে প্রাক্তন মন্ত্রী অজন্তা নেওগৰ বিজেপিত যোগদান সন্দর্ভত চলি থকা চর্চাৰ মাজতেই বিৰোধী দলপতি দেৱব্রত শইকীয়াই তেওঁৰ লগত ফোনযোগে যোগাযোগ কৰাত ব্যর্থ হোৱা বুলি কৰা মন্তব্যই যথেষ্ট চর্চাৰ সৃষ্টি কৰিছে৷ দেৱব্রত শইকীয়াই জানিবলৈ দিয়া মতে, অজন্তা নেওগে তেওঁৰ ম’বাইল ফোন বন্ধ কৰি ৰখা হেতু এই সন্দর্ভত কোনো তথ্য স্পষ্ট হোৱা নাই৷