শুৱালকুছি-মাজিৰগাঁৱত পশুধনৰ বিনামূলীয়া প্ৰতিষেধক বিজেপি কৃষক মৰ্চাৰ
বিনামূলীয়া পশুধন চিকিৎসা শিবিৰত প্ৰায় ১০০টা গাই গৰুক চবকা আৰু বসন্ত ৰোগৰ ছিটা
শুৱালকুছি-মাজিৰগাঁৱত পশুধনৰ বিনামূলীয়া প্ৰতিষেধক বিজেপি কৃষক মৰ্চাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত কামৰূপ মহানগৰ জিলা পশু বিভাগ তথা বিজেপি বিমান কোঠ মণ্ডল আৰু অৰ্কিড ক্লাবৰ সহযোগত গুৱাহাটী মহানগৰ নগৰ জিলাৰ অন্তৰ্গত পূব মাজিৰ গাওঁ অঞ্চলত পশুধনৰ বিনামূলীয়া প্ৰতিষেধক ছিটা দিয়াৰ লগতে চিকিৎসাৰ শুভাৰম্ভ কৰা হয়।
কৃষক মৰ্চাৰ লক্ষ্য সমগ্ৰ অসমতে গাই গৰু বা পশুধনসমূহ এই বাৰিষাকালি যাতে চবকা ৰোগ বসন্ত ৰোগত আক্ৰান্ত নহয় তাৰ বাবে প্ৰতি জিলাত কৃষক মৰ্চাৰ নেতৃত্বত এইধৰণৰ পদক্ষেপ লোৱা হৈছে।
উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে।
এই বিনামূলীয়া পশুধন চিকিৎসা শিবিৰত প্ৰায় ১০০টা গাই গৰুক চবকা আৰু বসন্ত ৰোগৰ ছিটা দিয়াৰ লগতে প্ৰত্যেক গাই গৰুলৈ অসম চৰকাৰ আৰু কৃষক মৰ্চা অসম প্ৰদেশৰ প্ৰচেষ্টাত বিনামূলীয়া দৰৱে দিয়া হয়। এই সময়ছোৱাত কামৰূপ জিলা পশু চিকিৎসা বিভাগ আৰু ডাক্তৰ সকলৰ সহযোগ বিজেপি কৃষক মৰ্চা অসম প্ৰদেশে শলাগ লয়।
তাৰোপৰি দ্বিতীয় পৰ্যায়ত বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সমিতিয়ে কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছিৰ নিকটৱৰ্তী বালিচৰৰ বাথানত উপস্থিত হয়। কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যৰ নেতৃত্বত ৰাজ্যিক সমিতিখনে কিছু দূৰত্ব খোজ কাঢ়ি আৰু টেক্টৰত জিলা কৃষি বিষয়া কৃষি উন্নয়ন বিযষয়াক লগত লৈ গৈ বালিচৰত উপস্থিত হৈ তাত থকা প্ৰায় ৫০ ঘৰ কৃষকৰ লগত আলোচনাত মিলিত হয় আৰু তেওঁলোকে উৎপাদন কৰা জৈৱিক কৃষিৰ বিজ্ঞানসন্মত ভাৱে কৰা ব্যৱস্থাপনা বুজ লয়।
চৰকাৰী সা সুবিধা কি কি কৃষকে লাভ কৰা নাই তাৰ বিষয়ে বুজ লয়। মুখ্যমন্ত্ৰীক সকলো সেই ঠাইৰ কৃষকৰ অসুবিধা সমূহ অৱগত কৰিব বুলি কৃষক মৰ্চাই ঘোষণা কৰে।
তদুপৰি তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰীভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত কৃষকসকলক ২ খন ডাঙৰ টেক্টৰ দিয়া হ’ব বুলি ঘোষণা কৰে কৃষক মৰ্চাই।
অনুষ্ঠানত উপস্থিত থাকে বিজেপি বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধি, গুৱাহাটী মহানগৰ জিলাৰ জিলা সভাপতি তপন দাস, কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক কৃষক মৰ্চাৰ সঞ্জীৱ বড়া, ৰাজ্যিক উপ সভাপতি ৰাজেন্দ্ৰ নাথ, ৰাজ্যিক সম্পাদক অংকুৰ দত্ত, ইপ্সিতা বৰুৱা, অসমী বৰা, কোষাধ্যক্ষ প্ৰকাশ, ৰাজ্যিক সদস্য হৃষিকেশ কলিতা, হৰদ্বীপ চৌধুৰী, কৃষি বিষয়াদ্বয় ক্ৰমে জ্যোতিপ্ৰসাদ দাস আৰু ভাস্বতী শৰ্মা তথা স্থানীয় অৰ্কিড ক্লাবৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি স্থানীয় কৃষক ৰাইজ উপস্থিত থাকে।