নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নেতা লাচিত গগৈৰ গৃহত ডিফু আৰক্ষীৰ তালাচী

বিশেষ বাৰ্তা, ২৫ জুলাই : শাসকীয় বিজেপিৰ অ’বিচি মৰ্চাৰ সদ্য অপসাৰিত ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ আৰু আটাছুৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোহাঁইৰ মাজত হোৱা কথোপকথনৰ দুটা অডিঅ’ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু প্ৰচাৰিত এটা অডিঅ’ত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দুগৰাকীক লাখ লাখ টকা দিয়া বুলি উল্লেখ হৈছিল। প্ৰচাৰিত অডিঅ’ৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই ডিফু আৰক্ষী থানাত দিয়া এক গোচৰৰ ভিত্তিত যোৱা ২২ জুলাইৰ নিশা লাচিত গগৈক কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কছুমাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। আদালতত হাজিৰ কৰাই দুটা দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা লাচিত গগৈক কালি ডিফু আৰক্ষীৰ এটা দলে লাচিতক সাপেখাতীৰ আটালপথাৰস্থিত নিজ গৃহলৈ আনে। সাপেখাতী আৰক্ষীৰ লগতে স্থানীয় গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া লৈ আৰক্ষী দলটোৱে লাচিতৰ ঘৰত নিশা আধাঘণ্টাৰো অধিক সময় তন্ন তন্নকৈ তালাচী চলায়। আৰক্ষী দলটোৱে তালাচীৰ অন্তত লাচিতৰ ঘৰৰপৰা দুটা ফাইল আৰু বহু নথি-পত্ৰ লগত লৈ লাচিতৰ গৃহ ত্যাগ কৰে। অভিযানকাৰী আৰক্ষী বিষয়াগৰাকীৰপৰা সংবাদসেৱীয়ে তালাচীৰ সন্দৰ্ভত জানিব বিচাৰে যদিও বিষয়াগৰাকীয়ে সংবাদসেৱীক যিকোনো কথাই জনোৱাৰ পৰা বিৰত থাকে। আনহাতে, লাচিত গগৈক সংবাদসেৱীয়ে সোধা প্রশ্নত লাচিতে ‘মই সকলো সঁচা কথা কৈ দিছোঁ, মই আৰক্ষীকহে সহায় কৰি আছোঁ’ বুলি সংবাদসেৱীক জানিবলৈ দিয়ে। আনহাতে আটাছুৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোহাঁইৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও পলাতক মিলনৰ কোনো সন্ধান আৰক্ষীয়ে বৰ্তমানলৈকে লাভ কৰা নাই বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অপসাৰিত দুয়োগৰাকী নেতাৰ মাজত হোৱা কথোপকথন কেনেকৈ কোনে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত সম্প্ৰচাৰিত কৰিলে সেয়া এক অবুজ সাঁথৰ হৈ পৰিছে।
প্ৰেৰক দীপাংকৰ পাল
You might also like