বঙাইগাঁৱত বিজেপিৰ নেতা-কৰ্মীক তৎপৰ হোৱাৰ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিত দাসৰ
🎯 বঙাইগাঁৱত কংগ্ৰেছৰ অস্তিত্ব নাই
বিশেষ বাৰ্তা, ১৪ আগষ্টঃ বঙাইগাঁৱৰ ভূমিত কংগ্ৰেছৰ অস্তিত্ব নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কালি মন্ত্ৰী দাসে আগন্তুক বঙাইগাঁও নিৰ্বাচনক লৈ এই মন্তব্য কৰে ৷ তেঁও কয় যে বঙাইগাঁৱৰ দৰে সমষ্টিত কংগ্ৰেছ পুৰ্ৱৰে পৰাই অস্তিত্বহীন আৰু সাংগঠনিকভাৱে দুৰ্ব ৷ ফলত অগপই দীৰ্ঘদিনে সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈ আহিছে৷ এইবাৰো উপনিৰ্বাচনত মিত্ৰজোটৰ ফালৰ পৰা বঙাইগাঁও দখল নিশ্চিত হৈ আছে। বঙাইগাঁও সমষ্টিৰ অন্তৰ্গত পৌৰসভাত বিজেপিয়ে শক্তিশালী স্থিতি গ্ৰহণ কৰি পৌৰসভা গঠন কৰাৰ বিপৰীতে পঞ্চায়ত তথা গ্ৰামাঞ্চলসমুহত অগপই সাংগঠনিক দিশ শক্তিশালী হৈ আছে। এনে ক্ষেত্ৰত বঙাইগাঁৱৰ ভূমিত মিত্ৰজোটে পূৰ্ৱৰ তুলনাত অধিক শক্তিশালী হৈ উঠিছে৷ গতিকে আগন্তুক উপ নিৰ্বাচনত মিত্ৰজোটে পূৰ্ৱতৰ তুলনাত অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব। ইফালে, একালৰ অসম আন্দোলনৰে জৰিত ছাত্ৰ নেতা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিংহই কংগ্ৰেছ দলত যোগদান কৰিলেও দলে বঙাইগাঁৱত চমৎকাৰ দেখুৱাবলৈ সক্ষম নহ’ব বুলি তেঁও মন্তব্য কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আগন্তুক উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে বিজেপিয়ে নিজ প্ৰাৰ্থীৰ লগতে মিত্ৰদল অগপ আৰু ইউপিপিএলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে সাংগঠনিকভাৱে কাম কাজ আৰম্ভ কৰা বুলি মন্ত্ৰী দাসে উল্লেখ কৰে। তেঁও বঙাইগাঁও উপ নিৰ্বাচনক লৈ বিজেপিয়ে গ্ৰহণ কৰা সাংগঠনিক তৎপৰতাক লৈ কয় ‘ বঙাইগাঁও উপ নিৰ্বাচন যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পুৰ্বৰ ভোটাৰ তালিকা লৈ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গতিকে বঙাইগাঁও জিলা বিজেপিৰ অন্তৰ্গত মণ্ডল সমিতি সমুহৰ লগতে চিৰাং জিলাৰ কাজলগাঁও মণ্ডলসহ পাচ টাকৈ মণ্ডলৰ বিষয়ববীয়াসকলোক লৈ সমষ্টিটোত মন্ত্ৰী সকলৰ হৈ তত্বাৱধানক হিচাপে আজি মই সভাত অংশ গ্ৰহণ কৰিছো। ইয়াৰ উপৰীও ১৭ , ১৮ আৰু ১৯ আগষ্টত সংশ্লিষ্ট মণ্ডলসমুহত বুথ সমিতিৰ সভাপতিসমুহক লৈ সভা অনুষ্ঠিত কৰা হ’ব। আনহাতে ২৫ আগষ্টত পৃষ্ঠা প্ৰমুখৰ সভা অনুষ্ঠিত কৰা হ’ব। গতিকে বিজেপিয়ে মিত্ৰ দল অগপই প্ৰতিদ্বন্দ্ব্বিতা কৰিবলগীয়া বঙাইগাঁও সমষ্টিত অধিক তৎপৰতাৰে জয়যুক্ত কৰিবলৈ সাংগঠনিক কাম কাজ আৰম্ভ কৰা হৈছে ৷’ উল্লেখ্যযে আজি বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত আজি সাংগঠনিক নিৰ্বাচনত অংশ লৈ দলীয় নেতা-কৰ্মীসকলেক অগপত কৈ অধিক সাংগঠনিক তৎপতা প্ৰদৰ্শন কৰি মিত্ৰজোটক জয়যুক্ত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰে।