নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত মিছন ১০০+ লক্ষ্যঃ ৬ খন মেগা ভার্ছুৱেল ৰেলীক লৈ বিজেপিৰ ব্যাপক প্রস্তুতি

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজৰ মাজতে ২০২১ চনৰ বিধানসভা নির্বাচনৰ বাবে প্রস্তুতি তীব্রতৰ কৰি তুলিছে শাসকীয় বিজেপি দলে৷ আগন্তুক নির্বাচনত ১০০ৰো অধিক আসন দখলৰ লক্ষ্যৰে প্রস্তুতি চলোৱা দলটোৱে শেহতীয়াকৈ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ লৈছিল৷ এইবাৰ দলীয় কর্মী আৰু সমর্থকক উদ্বুদ্ধ কৰাৰ বাবে আৰম্ভ কৰিছে তৎপৰতা৷

লকডাউনৰ বাবে দলীয় সভা বা নির্বাচনী সভা অনুষ্ঠিত কৰাত বাধা থকা বাবে দলটোৱে মিছন ১০০+ৰ লক্ষ্যৰে সর্বাধিক গুৰুত্ব দিছে ভিডিঅ’ কনফাৰেঞ্চ অথবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে তৃণমূল কর্মীৰ ওচৰ চপাত৷ এই লক্ষ্যৰে চলিত সপ্তাহতে ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিব প্রথমখন ভার্ছুৱেল ৰেলী৷ সামাজিক দূৰত্ব বজাই ৰখাৰ স্বার্থত সামাজিক মাধ্যমৰ জৰিয়তে হ’ব লগা এই ৰেলীত ভাগ ল’ব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, উত্তৰ–পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱালৰ লগতে কেইবাজনো সাংসদ, মন্ত্রী, বিধায়ক আৰু দলীয় নেতাই৷ ফেচবুক, ইউটিউবৰ জৰিয়তে প্রচাৰ হ’ব লগা এই ভার্ছুৱেল ৰেলীৰ জৰিয়তে ২০২১ চনৰ নির্বাচনৰ ৰণডংকা বজাব ৰাজ্যৰ শাসকীয় দলটোৱে৷

এই সন্দর্ভত দলৰ এক সূত্রই প্রকাশ কৰা মতে ভার্ছুৱেল ৰেলীৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ দুই–এদিনতে ৰেলীৰ সময় ঘোষণা কৰা হ’ব৷ উক্ত দিনা সীমিতসংখ্যক দলীয় নেতা–কার্যকর্তাৰ উপস্থিতিত এক নির্দিষ্ট স্থানত হ’ব লগা ৰেলীৰ ভাষণ অসমবাসীয়ে ফেচবুক, ইউটিউবৰ জৰিয়তে প্রত্যক্ষ কৰিব পাৰিব৷ ৰাজ্যৰ ৬টা স্থানক লক্ষ্য কৰি পৰৱর্তী সময়ত হ’ব লগা ৬খনকৈ ভার্ছুৱেল ৰেলীৰ প্রতিখনতে নির্দিষ্ট কেইখনমান জিলাক নেটৱর্কত অন্তর্ভুক্ত কৰি লোৱা হ’ব৷ অর্থাৎ উক্ত জিলাকেইখনৰ দলীয় কর্মী–সমর্থকে অনলাইনত দলৰ নেতাৰ ভাষণ সুন্দৰকৈ প্রত্যক্ষ কৰিব পাৰিব৷ ইয়াৰ বাবে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত চলিছে যুদ্ধকালীন তৎপৰতা৷ কার্যতঃ ৱাৰ ৰুমত পৰিণত হৈছে বিজেপিৰ কার্যালয়৷ প্রতিনিয়ত চলিছে ভিডি’ কনফাৰেঞ্চ, জুম মিটিং৷

মন কৰিবলগীয়া যে কিছুদিন পূর্বে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ৰাজ্যিক বিজেপি নেতৃত্বৰ সৈতে অনুষ্ঠিত বৈঠকত বিধানসভা নির্বাচনৰ বাবে প্রস্তুত হ’বলৈ নির্দেশ দিছিল৷ উক্ত বৈঠকতে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে প্রতিটো সমষ্টিৰ বাবে ৰিপ’ট কার্ড প্রস্তুত কৰাৰ লগতে জিলা সমিতি, মণ্ডল আৰু বুথ সমিতিসমূহৰ সৈতে যোগাযোগ কৰি সাংগঠনিক দিশ শক্তিশালী কৰা আৰু জনসম্পর্ক বৃদ্ধি কৰিবলৈ নির্দেশ দিছিল৷ এই নির্দেশৰ পিছতে সক্রিয়তা বৃদ্ধি পাইছে হেঙেৰাবাৰীৰ মুখ্য কার্যালয়ত৷ ইতিমধ্যে জিলা সভাপতিসকলৰ লগত আৰু ৰাজ্যিক কমিটীৰ বিষয়ববীয়াৰ সৈতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ভিডি’ কনফাৰেঞ্চ সম্পন্ন হৈছে৷

দলৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, ভার্ছুৱেল ৰেলীৰ সমান্তৰালকৈ ৩৯০টা মণ্ডল সমিতিৰ লগত সভাপতি, মুখ্যমন্ত্রী আৰু ৰাজ্যিক নেতৃত্বই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বার্তালাপ কৰিব৷ ইফালে, প্রতি বুথ সমিতিৰ দুজনকৈ সদস্যই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দুখনকৈ পত্র লৈ একোটাকৈ পৰিয়ালৰ ওচৰলৈ যাব৷ জুন মাহৰ ভিতৰতে ৫০ লাখ পৰিয়ালৰ সৈতে ইয়াৰ দ্বাৰা সংযোগ স্থাপন কৰিব৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ এনে প্রস্তুতিৰ মাজতে আজি দলৰ যুৱ মর্চাৰ ৰাষ্ট্রীয় সভাপতি পুনম মহাজনে দলৰ বুথ সদস্যসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে৷ ৰাষ্ট্রীয় পর্যায়ৰ প্রথমখন ভার্ছুৱেল ৰেলীৰ জৰিয়তে সভানেত্রীগৰাকীয়ে দলৰ যুৱ সদস্যসকলক একত্রিতভাৱে দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায়৷

ইফালে ২০২১ চনৰ নির্বাচনৰ ববে ৰাজ্যিক বিজেপিয়ে ক’ভিড–১৯ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰখনে লাভ কৰা সাফল্যক জনসাধাৰণৰ মাজত প্রচাৰ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ সমান্তৰালভাৱে চৰকাৰখনৰ চাৰি বছৰীয়া সাফল্যকো তুলি ধৰাৰ প্রচেষ্টা হাতত লৈছে৷

You might also like