মানুহৰ মাজৰ পৰা ক’ৰোনাৰ ভয় আঁতৰি গ’লে সংক্রমণ বাঢ়িবহে
বৰপেটাত গাঁওবুঢ়াক স্মার্ট ফোন বিতৰণ কার্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা ২০ জুনঃ কেন্দ্রত শাসনাধিষ্ঠিত নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গাঁওবুঢ়াসকলৰ স্মার্ট ফোন বিতৰণ কৰা আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিৰ অংশ হিচাপে শুকুৰবাৰে জিলাখনৰ গাঁওবুঢ়াসকলক একোটিকৈ স্মার্ট ফোন দিয়া হয়৷ স্মার্ট ফোন বিতৰণ কার্যসূচী উপলক্ষে বৰপেটা জিলা পুথিভঁৰাল প্রেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়৷ এই সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি হাউছ ফেডৰ অধ্যক্ষ তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে৷ মুখ্য অতিথিৰ ভাষণত বিধায়ক দাসে গাঁওবুঢ়াসকলক গাঁৱৰ সেৱক, ৰাইজৰ সেৱক হিচাপে কাম কৰাৰ আহ্বান জনায়৷ তেওঁ কয় যে স্মার্টফোনে গাঁওবুঢ়াসকলৰ কামৰ গতি বঢ়াব আৰু প্রশাসনে গ্রামাঞ্চলৰ খবৰ তৎকালীনভাৱে পাবলৈ সক্ষম হ’ব৷ সম্প্রতি বিশ্বজুৰি চলি থকা ক’ভিড–১৯ প্রসংগ উল্লেখ কৰি দাসে কয়, মানুহৰ মাজৰ পৰা ভয় আঁতৰি গ’লে ক’ৰোনাৰ সংক্রমণ নকমে বাঢ়িবহে৷ অহা আগষ্ট–ছেপ্টেম্বৰ মাহলৈকে ক’ৰোনা ভয়াৱহতা থাকিব বুলি উল্লেখ কৰি সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনায়৷ তেওঁ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে চলা যুঁজখনত সকলো বিষয়া–কর্মচাৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ চাফাইকর্মীসকললৈকে ধন্যবাদ জ্ঞাপন কৰি সকলোৱে এই সময়ছোৱাত অতি নিষ্ঠা আৰু সহায়ৰ মানসিকতাৰে কাম কৰিছে বুলি প্রশংসা কৰে৷ স্মার্টফোন বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি বৰপেটাৰ বিধায়ক গুণীন্দ্র নাথ দাসে কয়– গাঁওবুঢ়াসকলৰ মাজত স্মার্টফোন বিতৰণৰ দ্বাৰা প্রধানমন্ত্রীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰিব৷ গাঁওবুঢ়াসকলৰ কাম কৰাৰ আগ্রহবাঢ়িব৷ অনুষ্ঠানত জিলাখনৰ ৪০৮গৰাকী গাঁওবুঢ়াৰ মাজত স্মার্টফোন বিতৰণ কৰা হয়৷ ইয়াৰে ৩০৮গৰাকী বৰপেটা মহকুমাৰ আৰু ১০০গৰাকী বজালী মহকুমাৰ৷ অনুষ্ঠানৰ আৰাম্ভণিতে আদৰণী ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত মুনীন্দ্র শর্মায় আৰু শলাগ জ্ঞাপন কৰে অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে৷