নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনত ১০০খন আসন দখলৰ লক্ষ্যৰে ব্যাপক কুচকাৱাজ আৰম্ভ কৰা বিজেপিৰ লক্ষ্য এইবাৰ বি টি আৰৰ ৰাজনীতি৷ বড়ো অধ্যুষিত এলেকাত শাসকীয় দলটোৱে সাংগঠনিক ভেটি বিস্তাৰ কৰাৰ লগতে ইতিমধ্যে প্রস্তুত কৰি তুলিছে বিশেষ ৰণকৌশল৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই সৃষ্টি কৰিব পৰা প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি বি টি আৰত শক্তি বৃদ্ধিৰ প্রচেষ্টা অব্যাহত ৰখা বিজেপিয়ে ইয়াৰ বাবে লক্ষ্য কৰি লৈছে বি পি এফৰ একাংশ বিধায়ক–নেতাক৷ এই লক্ষ্যত যথেষ্ট সফলতা লাভ কৰা বিজেপিৰ শিবিৰত ভৰি দিয়াৰ বাবেও প্রস্তুত হৈছে বি পি এফৰ কেইবাজনো বিধায়ক আৰু নেতা৷ সোমবাৰে এই কথা একপ্রকাৰ স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ কোকৰাঝাৰত দলটোৰ অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহকত অংশগ্রহণৰ উদ্দেশ্যে উপস্থিত হোৱা সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– বি পি এফৰ বিভিন্নজনে প্রতিদিনে যোগাযোগ চলাই আছে৷ কেইবাজনো বিধায়কৰ সৈতেও যোগাযোগ চলিছে৷ অৱশ্যে যোগদান সন্দর্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ কথা–বতৰা চলি আছে, এওঁলোকে যোগদান কৰাটো নিশ্চিত৷ বিধায়ক পদত থকা হেতু সাংবিধানিক অসুবিধাৰ বাবে একাংশৰ যোগদানত কিছু পলম হ’ব৷ বিধায়ক এজনে এতিয়াই যোগদান কৰিলে দলবিৰোধী আইনৰ সন্মুখীন হ’ব লাগিব৷ আনকি নৱেম্বৰৰ শেষত ডিচেম্বৰৰ প্রথম ভাগত ভাল খবৰ আহিব বুলিও সভাপতিগৰাকীয়ে আঙুলিয়াই দিয়ে৷ সভাপতি ৰঞ্জিত দাসে আজি স্পষ্টকৈ বি পি এফৰ কোন নেতা, বিধায়কে বিজেপিৰ সৈতে যোগাযোগ চলাইছে, সেয়া স্পষ্ট নকৰিলেও ইতিমধ্যে হাগ্রামা মহিলাৰীৰ দল বিভাজন হোৱাটো প্রায় স্পষ্ট হৈ পৰিছে৷ বি পি এফৰ পৰা পদত্যাগ কৰা বিধায়ক ইমানুৱেল মোছাহাৰীয়ে যোগদান কৰাটো প্রায় নিশ্চিত হৈছে৷ সমান্তৰালভাৱে ওদালগুৰি, বাক্সা আৰু চিৰাং জিলাৰ কেইবাজনো বি পি এফৰ শীর্ষ নেতাই শাসকীয় দলটোত যোগদানৰ বাবে প্রস্তুতি চলাইছে৷ বি পি এফৰে এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পর্ক বজাই ৰখাৰ ক্ষেত্রত বিশেষভাৱে আগভাগ লোৱা সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্রী ৰিহণ দৈমাৰী আৰু চন্দন ব্রহ্মও গেৰুৱা দলটোত যোগদানৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ যোগদানৰ সকলো দিশ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে পর্যালোচনা কৰি থকা বুলিও সূত্রটোৱে উল্লেখ কৰিছে৷ যোগদানক লৈ চলি থকা এনে প্রস্তুতিৰ মাজতে আজি ৰঞ্জিত দাসে পুনৰ বি পি এফৰ একাংশ বিধায়কে বিজেপিলৈ অহাৰ বাবে যোগাযোগ চলোৱা বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷
উল্লেখ্য যে ৰাজ্যখনৰ বড়ো ভোটাৰসকলক বি পি এফৰ নিয়ন্ত্রণৰ পৰা বাহিৰলৈ অনাৰ লক্ষ্যৰে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠন কৰিছে৷ আনকি শেহতীয়াকৈ বি টি আৰৰ বাহিৰৰ ৭ শতাধিক বড়ো লোকে যোৱা ৯ অক্টোবৰত বিজেপিত যোগদান কৰিছে৷ তদুপৰি বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ফলত বড়ো সমাজত বিজেপিৰ প্রতি এক বিশেষ আকর্ষণ বৃদ্ধি পাইছে৷ মুখ্যতঃ এই ৰণকৌশলেৰে বি টি আৰৰ বাহিৰৰ বড়োসকলক বিজেপিৰ নিয়ন্ত্রণলৈ অনাত কিছু সক্ষম হোৱাৰ পাছতেই শাসকীয় দলটোৱে লক্ষ্য কৰি লৈছে বি পি এফৰ একাংশ বিধায়কক৷ বিজেপিৰ এনে ৰাজনৈতিক কৌশলক লৈয়ে ইতিমধ্যে বি পি এফত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ আনকি বিজেপিৰ এনে ৰাজনৈতিক কৌশলত ক্ষুব্ধ হৈ বি পি এফে মিত্রতা ভংগৰো হুংকাৰ দিছে৷ বিজেপি আৰু বি পি এফৰ মাজত সৃষ্টি হোৱা এনে ৰাজনৈতিক সংঘাতৰ মাজতে আজি সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– মিত্রতাৰ বিষয়টো দলৰ ৰাষ্ট্রীয় নেতৃত্বই চূড়ান্ত কৰিব৷ যিহেতু বি টি আৰ নির্বাচনত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷ সেয়েহে নির্বাচনত বি পি এফ বিজেপিৰ অন্যতম প্রতিদ্বন্দ্বী হ’ব৷ মিত্রতাৰ বিষয়টোক আঁতৰাই আমি বি টি আৰ নির্বাচনৰ লগতে বিধানসভা নির্বাচনৰ বাবে পূর্ণ প্রস্তুতি চলাইছোঁ৷ উল্লেখ্য যে আজি কোকৰাঝাৰত উপস্থিত হোৱা ৰঞ্জিত দাসে অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহক সভাৰ প্রাকমুহূর্তত বড়োলেণ্ড ট্রেন্সপ’ট ষ্টেচনত এখন সভাত অংশগ্রহণ কৰি বি টি আৰৰ পৰিষদীয় নির্বাচনৰ লগতে বিধানসভা নির্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়৷ সভাপতিগৰাকীয়ে আগন্তুক নির্বাচনত বি টি আৰৰ ১২খন বিধানসভা আসনৰ ৫খন আসন বিজেপিয়ে দখল কৰিব বুলিও আজি মন্তব্য কৰে৷