নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা তথ্যৰে অপপ্রচাৰ চলাই ঘঁৰিয়ালৰ চকুপানী টুকিছে কংগ্রেছে: ৰূপম গোস্বামী

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ বানে সমগ্র অসমক বিধ্বস্ত কৰি তোলাৰ সময়তে এই প্রাকৃতিক দুর্যোগক লৈ বিৰোধী কংগ্রেছে ৰাজনীতিত নামি পৰিছে৷ ভুৱা তথ্যৰে অপপ্রচাৰ চলাই কংগ্রেছে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকিছে৷ এই অভিযোগ ৰাজ্যিক বিজেপিৰ৷

শাসকীয় দলটোৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে  এখন সংবাদ মেলত কয় যে দুর্যোগ ব্যৱস্থাপনা শিতানত কেন্দ্রই ইতিমধ্যে প্রথম কিস্তিৰ ৩৮৬ কোটি টকা মোকলাই দিছে৷ কংগ্রেছ নেতৃত্বাধীন ইউপিএ–১ আৰু ইউপিএ–২ শাসনকালত অসমলৈ পর্যায়ক্রমে ১২০৯.১৮ কোটি আৰু ১২৩১ কোটি টকা দুর্যোগ ব্যৱস্থাপনা শিতানত মুকলি কৰি দিছিল৷ কিন্তু ২০১৪ চনৰ পৰা ২০১৯ চনলৈ এনডিএ নেতৃত্বাধীন চৰকাৰখনৰ প্রথমটো কার্যকালত ২৩০২.৬২ কোটি টকা আৰু দ্বিতীয়টো কার্যকালৰ ডেৰ বছৰ সময়ৰ ভিতৰতে অসমলৈ এতিয়ালৈ এই শিতানত ৮৮৯.১ কোটি টকা মোকলাই দিছে৷ ইয়াতে স্পষ্ট হয় কোনখন চৰকাৰে অসমলৈ কিমান অনুদান আগবঢ়াইছে৷ ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র গোস্বামীয়ে কয়– যি সময়ত বিজেপিৰ প্রতিজন মন্ত্রী, সাংসদ, বিধায়কে বানাক্রান্তৰ ওচৰত থিয় দিছে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এবুকু পানীত নামি বানাক্রান্তৰ খবৰ লৈছে, তেনে সময়ত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই ঢ়কঢ়কীয়া বগা পোছাক পিন্ধি প্রচাৰ লাভৰ এক নাটকত ব্যস্ত হৈ ভুল তথ্যৰে ৰাইজক বিভ্রান্ত কৰাৰ চেষ্টা কৰাহে দেখা গৈছে৷

বছৰ বছৰ ধৰি শাসনত থকাৰ পিছতো গৰাখহনীয়াৰ দৰে জ্বলন্ত সমস্যাবোৰ সমাধানৰ কোনো চেষ্টা নকৰা কংগ্রেছ দলে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰাইজক দেখুওৱাৰ বাহিৰে আন একো কৰা নাই৷ বছৰি প্রায় বৃহৎ পৰিমাণৰ মাটি গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে৷ এনে এটি জ্বলন্ত সমস্যাক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রাকৃতিক দুর্যোগ হিচাপে অন্তর্ভুক্ত কৰিছে৷ দৰাচলতে স্বাধীনতাৰ পিছত অধিক বছৰ শাসনত থকা কংগ্রেছ দলে অসমৰ বান সন্দর্ভত প্রশ্ণ কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷ তিহাৰ জেলফেৰৎ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই ভুৱা তথ্যৰে চৰকাৰখনক জনমানসত হেয় প্রতিপন্ন কৰিব বিচৰা কার্য অতি দুর্ভাগ্যজনক৷ ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র গোস্বামীয়ে বিৰোধী কংগ্রেছক সমালোচনা কৰি কয়– কংগ্রেছে যাতে মিথ্যাচাৰৰ আশ্রয় লৈ ৰাইজৰ আৱেগৰ লগত হেতালি নেখেলে৷ আজিৰ সংবাদ মেলত মুখপাত্র পৱিত্র মার্ঘেৰিটা আৰু দলৰ সংবাদ সম্পর্ক বিভাগৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল উপস্থিত থাকে৷

You might also like