নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ ৪৫টা দিনতে ড্রাগ্ছ–গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে লৈছে কঠোৰ স্থিতি

বিজেপি সভাপতিৰ দায়িত্ব গ্রহণ ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা ৩০ জুনঃ সদ্যসমাপ্ত বিধানসভা নির্বাচন বিৰোধী কংগ্রেছ তথা মহাজোঁটৰ বাবে আছিল এক ৰাজনৈতিক পর্যটন যাত্রা৷ নির্বাচন শেষ হোৱাৰ পিছতেই কংগ্রেছ আৰু বদৰুদ্দিন আজমলক কোনেও নেদেখা হ’ল৷ –বিৰোধীক তীব্র সমালোচনাৰে আজি পুনৰ সৰৱ হৈ পৰিল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷ ৰাজ্যিক বিজেপিৰ কার্যনির্বাহকত ভিডিঅ’ কনফাৰেঞ্চযোগে অংশগ্রহণ কৰি মঙলবাৰে সভাপতিগৰাকীয়ে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক লক্ষ্য কৰি কয়– ক’ৰোনাৰ দ্বিতীয় লহৰে যিসময়ত দেশ তথা অসমৰ পৰিস্থিতি জটিল কৰি তুলিছে, সেই সময়ত কিন্তু কংগ্রেছ আৰু বদৰুদ্দিন আজমলৰ দলৰ কোনো নেতাক ৰাইজৰ ওচৰত থিয় দিয়া দেখা যোৱা নাই৷ দৰাচলতে নির্বাচনৰ পিছত অসমৰ ৰাইজৰ প্রতি যে এওঁলোকৰ কোনো দায়িত্ব নাই, সেয়া স্পষ্ট হৈ পৰিছে৷ হৈ যোৱা নির্বাচন যে মহাজোঁটৰ বাবে ৰাজনৈতিক পর্যটন যাত্রা আছিল, সেয়াও এতিয়া ওলাই পৰিছে৷

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতেই মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হয় কার্যনির্বাহক বৈঠক৷ এই বৈঠকতে দলৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্রহণ কৰে৷ দলৰ সদ্যপ্রাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে নতুন সভাপতিক দায়িত্বভাৰ প্রদানৰ পিছতেই অনুষ্ঠিত কার্যনির্বাহক বৈঠকত দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেঞ্চযোগে ভাষণ প্রদান কৰি ৰাষ্ট্রীয় সভাপতি নাড্ডাই কয়– বিজেপিৰ পূর্বৰ চৰকাৰৰ আগৰ ১৫ বছৰ অসমত কংগ্রেছৰ চৰকাৰ আছিল৷ সেই সময়ছোৱাত সমগ্র ৰাজ্যত সন্ত্রাসবাদী, বিচ্ছিন্নতাবাদ আৰু সাম্প্রদায়িক শক্তিসমূহে মূৰ দাঙি উঠিছিল৷ দুর্নীতিৰ খেল চলিছিল অসমত৷ দুর্নীতিৰ ক্ষেত্রত মূৰপোলোকা মৰা তেতিয়াৰ কংগ্রেছ চৰকাৰখনে কমিছনক নিজৰ মিছন হিচাপে লৈছিল৷ সেই পৰিৱেশৰ পৰা অসমখনক উলিয়াই আনিবলৈ সক্ষম হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰে৷ ক’ৰোনাৰ সংক্রমণে প্রায়বোৰ বিৰোধী দলক যেন কোৱাৰেণ্টাইনলৈ ঠেলি দিছে৷ বিৰোধী ৰাজনৈতিক দলসমূহ আইছ’লেচন আৰু আইচিইউত সোমাই পৰিছে৷

যিসময়ত বিজেপিৰ মুখ্যমন্ত্রী, মন্ত্রীসকলে সাধাৰণ ৰাইজৰ মাজত থিয় দি ক’ৰোনাৰ এই জটিল পৰিৱেশ আঁতৰোৱাৰ চেষ্টাত নামি পৰিছে, সেই সময়ত কিন্তু কংগ্রেছ তথা বিৰোধী দলসমূহৰ উপস্থিতি লজ্জাজনকভাৱে নোহোৱা হৈ পৰিছে৷ কংগ্রেছৰ উদ্দেশ্য কেৱল নির্বাচন৷ ৰাইজৰ সেৱা এই দলৰ বাবে গুৰুত্বহীন৷ বিজেপি এনে এটা দল, যিয়ে এক সামাজিক দায়িত্ব গ্রহণ কৰি আহিছে৷ সাধাৰণ ৰাইজৰ সুখ–দুখৰ অংশ হয় বিজেপি৷

ইফালে ক’ভিড কালত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৪৫ দিনীয়া চৰকাৰখনে যি সক্রিয়তাৰে কাম কৰিছে, তাক প্রশংসা কৰি নাড্ডাই কয়– অসমত ক’ৰোনা প্রতিষেধকৰ বাবে ২৩০০টা কেন্দ্র স্থাপন কৰা হৈছে৷ আনহাতে প্রতিদিনে ৩.৫ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ এতিয়ালৈ অসমত ৬৯ লাখ লোকক প্রতিষেধক দিয়া হৈছে৷ বিশেষকৈ ২১ জুনৰ দিনা অসমত ৩.৭৫ লাখ লোকক ভেকচিন দিয়াটো যথেষ্ট তাৎপর্যপূর্ণ দিশ৷ বর্তমানৰ চৰকাৰে ২.২৫ কোটি লোকক ভেকচিন দিয়াৰ লক্ষ্য বান্ধি লৈছে৷ এই প্রচেষ্টাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক বিশেষভাৱে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ ক’ভিডকেন্দ্রিক পৰিৱেশৰ প্রসংগ উত্থাপন কৰি নাড্ডাই  তেওঁৰ ভাষণত কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিগত এটা বর্ষতেই স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্রত ভাৰতে বিশেষ সাফল্য লাভ কৰিছে৷ দ্বিতীয় ঢ়ৌৰ সময়ত দেশত অভাৱ হোৱা অক্সিজেন যোগানৰ ক্ষেত্রত প্রধানমন্ত্রীয়ে এসপ্তাহৰ ভিতৰতে যি পদক্ষেপ গ্রহণ কৰিলে, তাৰ ফলত ৯০০ মেট্রিকটন উৎপাদন হোৱা অক্সিজেন ৯,৪৪৬ মেট্রিকটনলৈ বৃদ্ধি হ’ল৷ অসমতো অক্সিজেন উৎপাদনৰ ক্ষেত্রত চৰকাৰখনে বিশেষ সাফল্য লাভ কৰিছে৷ অসমে যোৱা সময়ছোৱাত ১০০ মেট্রিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ কেৱল যোৱা ৪৫ দিনত ২০০ মেট্রিকটনৰ পৰা ৪০০ মেট্রিকটনলৈ অক্সিজেন উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনে৷

ইয়াৰ পূর্বে কার্যনির্বাহকত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত কয়– বিজেপিৰ প্রাক্তন সভাপতিসকলৰ অশেষ প্রচেষ্টাত দলটোৰ বীজ অসমত অংকুৰিত হৈ এক বটবৃক্ষত পৰিণত হৈছে৷ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত অসমত দলৰ ভেটি শক্তিশালী কৰাৰ স্বার্থত আমি প্রতিজনে এজন সাধাৰণ কার্যকর্তা হিচাপে ২৪ ঘণ্টাই কাম কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ হৈছোঁ৷ আনহাতে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– চৰকাৰখনে ৪৫ দিন অতিক্রম কৰাৰ এই সময়ছোৱাত সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰিছে৷ এই চৰকাৰখনে ২৪ ঘণ্টাই কাম পৰাৰ প্রয়াস কৰি আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড ভেকচিন প্রদানৰ বাবে দিয়া নির্দেশক আগত লৈ আমাৰ স্বাস্থ্য বিভাগে প্রতিদিনে ৩.৫ লাখ লোকক ভেকচিন প্রদানৰ ব্যৱস্থা কৰিছে৷ বর্তমানলৈ আমি প্রায় ৭০ লাখ লোকক ভেকচিন প্রদান কৰিবলৈ সক্ষম হৈছোঁ৷ জুলাই মাহতো এই সংখ্যা ৭০লৈ বৃদ্ধি কৰাৰ প্রয়াস চলোৱা হ’ব৷ এইক্ষেত্রত আমি কেন্দ্রীয় চৰকাৰক বিশেষভাৱে ধন্যবাদ দিছোঁ৷ কিয়নো এয়া কেৱল ভেকচিন প্রদানৰ লক্ষ্য নহয়, এয়া সম্পূর্ণ বিনামূলীয়া ভেকচিন প্রদানৰ অভিযান৷

ড্রাগ্ছ আৰু চোৰাং বেহাৰ বিৰুদ্ধে চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– ৪৫ দিনৰ এই সময়ছোৱাত আৰক্ষী–প্রশাসনে প্রায় ডেৰশ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ বহুসংখ্যক অপৰাধী আৰু সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ এই অভিযানত আমি দেখিবলৈ পাইছোঁ যে ড্রাগ্ছ সৰবৰাহকাৰীৰ হাতত নাইন এম এম পিষ্টলো আছে৷ আৰক্ষীৰ লগত হোৱা সংঘর্ষত এনে অপৰাধীৰ মৃত্যুও হৈছে৷ ড্রাগ্ছৰ এই সাম্রাজ্যখন বহু দূৰলৈ বিয়পি আছে৷ গতিকে ইয়াক সমূলি উৎখাত কৰিবলৈ কিছু সময়ৰ প্রয়োজন হ’ব৷ চৰকাৰখনে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ ভূমিকা লৈছে৷ আৰক্ষীয়ে লোৱা দৃঢ় স্থিতিৰ বাবেই বর্তমান প্রায় অসমত বন্ধ হৈ পৰিছে গৰুৰ চোৰাং বেহা৷

প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বিশেষ কৃতজ্ঞতা জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয়– সর্বানন্দ সোণোৱালৰ নেতৃত্বত পূর্বৰ চৰকাৰখনে পাঁচ বছৰীয়া শাসনকালত অসমত এক সুস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবেই বিজেপিৰ দ্বিতীয়টো কার্যকাল সম্ভৱ হৈ উঠিছে৷ নৱনিযুক্ত সভাপতি ভবেশ কলিতাক আদৰণি জনাই মুখ্যমন্ত্রীয়ে তেওঁৰ নেতৃত্বত বিজেপিয়ে আকৌ গৌৰৱময় ইতিহাসত সংযোজন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷ দলৰ কার্যকর্তাক উদ্দেশ্যি ড০ শর্মাই কয় যে চৰকাৰ আৰু দলৰ প্রতিজন কার্যকর্তাই সততা, নিষ্ঠা আৰু দলৰ আদর্শ এনেদৰে প্রতিষ্ঠা কৰা উচিত, যাতে গণতন্ত্রৰ ওপৰত ৰাইজৰ সম্পূর্ণ আস্থা আৰু বিশ্বাস বর্তি থাকে৷ কোনো ক্ষেত্রতে গণতন্ত্রৰ প্রতি কোনো হতাশাজনক পৰিৱেশ সৃষ্টি হ’ব নালাগে৷ আজিৰ কার্যনির্বাহক সভাত বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত কয়– যোৱা চাৰে চাৰি বছৰীয়া কার্যকালৰ সময়খিনিত দলৰ ৰাজ্যিক সভাপতিৰূপে মোৰ ওপৰত অর্পণ কৰা দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ যত্ন কৰিছিলোঁ৷ মই কাৰো তলত কাম কৰা নাছিলোঁ অথবা কোনেও মোৰ তলত কাম কৰা নাছিল, আমি একেলগে কাম কৰিছিলোঁ৷ সেই মানসিকতাৰে দলক এটা পৰিয়াল হিচাপে লৈ আগবাঢ়ি যাবলৈ মই চেষ্টা চলাইছিলোঁ৷ সভাপতি হিচাপে দায়িত্ব শেষ হ’লেও দলৰ প্রতি দায়বদ্ধতা পূর্বৰ দৰে অটুট থাকিব৷

অনুষ্ঠানত নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই ভাষণ প্রদান কৰি কয় যে আগন্তুক দিনত জ্যেষ্ঠসকলৰ আশীর্বাদ আৰু কনিষ্ঠসকলৰ মৰম লৈ ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠী–সম্প্র্ একত্রিত কৰি বিজেপিৰ শিপাডালক অধিক সুদৃঢ় কৰি তোলা হ’ব৷ দলৰ ৪২ লাখ কার্যকর্তাৰ সহযোগত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক পূর্ণ সমর্থন আগবঢ়াই যোৱা হ’ব বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে৷

অনুষ্ঠানত প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ডিব্রুগড়ৰ পৰাই ভিডিঅ’ কনফাৰেঞ্চযোগে ভাষণ প্রদান কৰি নৱনিযুক্ত সভাপতি ভৱেশ কলিতাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রাক্তন সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত যোৱা চাৰে চাৰিটা বছৰ দলৰ সাংগঠনিক শক্তি যথেষ্ট বৃদ্ধি হোৱা বুলি মন্তব্য কৰে৷ সোণোৱালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ ৪৫ দিনৰ ভিতৰতে ৰাজ্যখনে দ্রুত উন্নয়ন কৰিবলৈ সক্ষম হৈছে বুলিও কয়৷  এই বৈঠকতে ৰাজনৈতিক প্রস্তাৱ পাঠ কৰে তপন কুমাৰ গগৈয়ে৷ এই প্রস্তাৱক সমর্থন জনায় বনমন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক প্রশান্ত ফুকনে৷ সভাত শোক প্রস্তাৱ পাঠ কৰে উপ–সভানেত্রী ৰেখাৰাণী দাস বড়োৱে৷ এই বৈঠকত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রাক্তন সভাপতি নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, সিদ্ধার্থ ভট্টাচার্য, সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি, সম্পাদক, মর্চাসমূহৰ সভাপতিকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে৷

You might also like