নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে বিচৰা মতে কথা কৈছে শ্বেৰমান–কমলাক্ষই

কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ৰাজ্যজুৰি তোলপাৰ লগোৱা কংগ্রেছৰ দুই বিধায়কৰ মিঞা মিউজিয়াম আৰু বাঙালী মিউজিয়ামৰ বিতর্ক বিজেপিৰ কথা মতে দুই বিধায়কে কোৱা বুলি প্রকাশ কৰিছে কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে৷ যোৰহাটত এখন সভাত অংশগ্রহণ কৰি দুই বিধায়কৰ মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি জিতেন্দ্র সিঙে কয় যে দুই বিধায়ক শ্বেৰমান আলী আৰু কমলাক্ষ দে’ পুৰকায়স্থই বিজেপিয়ে বিচৰা মতে কথা কৈছে৷ তেওঁ লগতে কয় যে দুই বিধায়কৰ ওপৰত দলীয় ব্যৱস্থা লোৱা হ’ব৷ বিজেপিয়ে এনে কথা কোৱাইছে বিধায়কদ্বয়ৰ মুখেৰে৷ বর্তমান অসমৰ মুখ্যমন্ত্রী কোন, সেয়া বুজিবলৈ টান বুলি মন্তব্য কৰি সিঙে কয়– ৰাজ্যৰ মুখ্যমন্ত্রী সোণোৱাল নে হিমন্ত সেয়া ৰাইজেও বুজি পোৱা নাই৷ ইফালে ৰিপুণ বৰা আৰু ৰকিবুল সম্পর্কত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কৰা মন্তব্য সম্পর্কত কয় যে ৰূপজ্যোতি চিধা মানুহ৷ তেওঁক জালত পেলাবলৈ চেষ্টা কৰা হৈছে৷ সাংবাদিকৰ আগত জিতেন্দ্র সিঙে লগতে কয়– বিজেপি দলৰ প্রতাৰণা ৰাইজেবুজি উঠিছে৷ এই দুদিন উজনি অসমত থাকি বুজি পাইছোঁ অসমত বাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ দুখ–দুর্দশা৷ এইখন চৰকাৰে খেতিয়কসকলক প্রতাৰণা কৰিছে৷ চাহ জনগোষ্ঠীৰ লোকসকলে বহু কষ্টত দিন অতিবাহিত কৰিব লগা হৈছে৷ কিন্তু এইখন চৰকাৰৰ তাত কোনো গুৰুত্ব নাই৷ ৰাইজৰ সমস্যা বুজিবৰ বাবে ৰাইজৰ মাজলৈ যাব লাগিব বুলি উল্লেখ কৰি সিঙে কয়– আমি দেশৰ চৌদিশ ভ্রমণ কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লৈছোঁ৷ অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ মাজত নিশা কটাই তেওঁলোকৰ সমস্যা বুজি উঠিছোঁ৷ তেওঁলোকৰ দুখ অনুভৱ কৰিছেছা৷ এই সকলো সমস্যাৰ সমাধান কংগ্রেছ দলে কৰিব৷ এইবাৰ অসমত পুনৰ কংগ্রেছ দলৰ চৰকাৰ অহাটো নিশ্চিত৷ মুখ্যমন্ত্রী পদৰ প্রার্থীৰ নাম সোনকালেই ঘোষণা কৰা হ’ব৷ আগন্তুক নির্বাচনৰ প্রতি লক্ষ্য ৰাখি সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বন্ধাৰ সমান্তৰালকৈ নিজৰ হেৰুওৱা অস্তিত্ব ঘূৰাই অনাৰ বাবে বিভিন্ন ৰণকৌশল ৰচনা কৰিছে কংগ্রেছ দলে৷ ক্রমান্বয়ে ৰাজ্যলৈ আগমন ঘটিব ধৰিছে কংগ্রেছ দলৰ কেন্দ্রীয় সদস্যৰ৷ কংগ্রেছ দল উঠিপৰি লাগিছে অসমত নিজৰ ভোটবেংক স্থায়ী কৰাৰ বাবে৷ সেই উদ্দেশ্য আগত লৈ কংগ্রেছ দলৰ নেতা–কর্মীসকলে নির্বাচনৰ প্রাকমুহূর্তত ভ্রমণ কৰিছে অসমৰ ইমূৰৰ পৰা সীমূৰ৷ আজি এনে এক ভ্রমণৰ অংশস্বৰূপে যোৰহাটত উপস্থিত হয় ভাৰতীয় কংগ্রেছৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং৷ সিং যোৰহাটত উপস্থিত হৈ যোৰহাটৰ শ্রীশ্রীপীতাম্বৰ দেৱগোস্বামী প্রেক্ষাগৃহত যোৰহাট তথা উজনিৰ পাঁচখন জিলাৰ কংগ্রেছ কর্মীসকলৰ লগত নিজৰ মত বিনিময় কৰে৷ ভৱিষ্যৎ দিনত কিদৰে কংগ্রেছ দল আগবাঢ়ি যাব লাগিব, সেই সন্দর্ভত বক্তব্য আগবঢ়ায়৷ অসম প্রদেশ কংগ্রেছৰ দায়িত্বত থকা জিতেন্দ্র সিং আজি যোৰহাটত উপস্থিত হোৱাৰ লগে লগে ঢ়োল, তাল, বিহুনৃত্যৰ জৰিয়তে আদৰণি জনোৱাৰ লগতে আগবঢ়াই লৈ যোৱা হয় প্রেক্ষাগৃহলৈ৷ উল্লেখ্য যে চাৰিদিনীয়া ভ্রমণসূচীৰে কালি ডিব্রুগড়ত উপস্থিত হোৱা ভাৰতীয় কংগ্রেছৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ আজি দ্বিতীয় দিনৰ কার্যসূচী৷ নিশা ডিব্রুগড়ৰ লেপেটকটাৰ এটা চাহ শ্রমিক পৰিয়ালৰ ঘৰত কটাই দুপৰীয়াৰ ভাগত উপস্থিত হ’ল টীয়ক সমষ্টিত৷ কলীয়াপানীস্থিত ব্লক কংগ্রেছ কার্যালয়ত হাজাৰ হাজাৰ দলীয় কর্মীয়ে ঢ়োলে–ডগৰে বিপুল আদৰণি জনায় কংগ্রেছৰ নৱনিযুক্ত তত্ত্বাৱধায়কগৰাকী৷ ইয়াৰ পাছতেই পোনে পোনে উপস্থিত হয় যোৰহাটৰ হোলোঙাপাৰস্থিত ঐতিহাসিক লাচিত মৈদামত৷ লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে পৰম্পৰাগতভাৱে আদৰণি জনায় কংগ্রেছী নেতাজনক৷ আৰু অংশ লয় তাই আহোমসকলৰ আইচিং লাও সমূহীয়া প্রার্থনাত৷ লাচিত বৰফুকনৰ বীৰত্বক উচ্চ প্রশংসা কৰি ৰাষ্ট্রীয় নেতাগৰাকীয়ে লাচিত বৰফুকনৰ সমাধি ক্ষেত্রত সাংবাদিকৰ আগত কংগ্রেছ দলৰ হৈ একো মন্তব্য নিদি অসম গৌৰৱ বীৰগৰাকীৰহে প্রশংসা কৰে৷ ইফালে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে দুই বিধায়কে বিজেপিয়ে বিচৰাৰ দৰে কথা ক’ব নালাগে৷ কথা কওঁতে সংযত হোৱাটো প্রয়োজন৷ বিজেপি সম্পর্কত সাংসদজনে কয় যে বিজেপি এটা বিজতৰীয়া দল আৰু বিজেপিক ৰুধিবৰ বাবে কংগ্রেছে এ আই ইউ ডি এফৰ লগতে নহয়, যিকোনো দলৰ লগত মিত্রতা কৰিব৷ মিত্রতাত আঞ্চলিক দলো থাকিব পাৰে বুলি কয় সাংসদজনে৷ ইয়াৰ পূর্বে ৰাজ্যিক সভাপতি ৰিপুণ বৰা, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সুশান্ত বুঢ়াগোহঁাইকে মুখ্য কৰি ৰাজ্যিক নেতাসকলৰ উপস্থিতিত তত্ত্বাৱধায়কগৰাকী কলীয়াপানী ব্লক কংগ্রেছৰ কার্যালয়ত ’২১ৰ নির্বাচনত কংগ্রেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে৷

You might also like