বিজেপিয়ে সর্বশক্তি লগালেও অসমত চৰকাৰ কৰিব কংগ্রেছে
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিলেও অসমত এইবাৰ কংগ্রেছেহে চৰকাৰ গঠন কৰিব৷ –এই মন্তব্য ৰাজস্থানৰ মুখ্যমন্ত্রী, জ্যেষ্ঠ কংগ্রেছ নেতা অশোক গেহলটৰ৷ আজি বিয়লি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত গেহলটে কয় যে কোনো দূৰদৃষ্টি আৰু ইচ্ছাশক্তি নথকা বিজেপিয়ে অসমৰ উদ্যোগীকৰণক অধঃপতনৰ ফালে লৈ গ’ল৷ অসমক বিকশিত আৰু ফলে–ফুলে জাতিষ্কাৰ কৰি তোলাৰ বাবে কংগ্রেছৰ দূৰদৃষ্টিৰ হাতত এইবাৰ বিজেপিৰ সম্পদ বিক্রী কৰি ৰাজ্য চলোৱাৰ মন্ত্র পৰাভূত হ’ব৷ কংগ্রেছে প্রদান কৰা ৫ গেৰাণ্টীৰ ওপৰত ৰাইজে কৰা বিশ্বাসৰ বিপৰীতে বিজেপিৰ বিভেদ আৰু ঘৃণাৰ ৰাজনীতিক ৰাইজে একাষৰীয়া কৰাৰ পৰিপ্রেক্ষিততে অহংকাৰী অপশাসকৰ অৱশ্যম্ভাৱী পতনৰ স্পষ্ট সংকেত পৰিলক্ষিত হৈছে৷
আজি হ’বলগীয়া দ্বিতীয় পর্যায়ৰ ভোটগ্রহণতো জনসাধাৰণে যোৱা ৫ বছৰীয়া অপশাসনৰ যথোচিত উত্তৰ দিব৷ অসমীয়া সত্তা সুৰক্ষিত কৰাত, মহিলাসকলৰ বাবে সন্মানৰ জীৱন নিশ্চিত কৰাত, চাহ শ্রমিকসকলক প্রাপ্য অধিকাৰ প্রদান কৰাত সম্পূর্ণ বিফলতাৰ পৰিচয় দিয়া বিজেপিয়ে অসমৰ যুৱক–যুৱতীসকলক্ ন্যায় প্রদান কৰাত চূড়ান্ত অৱহেলা আৰু অজ্ঞতাৰ পৰিচয় দিয়ে৷ যোৱা ৫টা বছৰত সম্পূর্ণৰূপে অসমৰ উদ্যোগীকৰণৰ ছবিখন ধ্বংস কৰি পেলোৱা হ’ল৷ তেওঁ কয় যে বিজনেছ ৰিফর্ম একচন প্লেন ৰিজাল্টছ ২০১৯ অনুসৰি ভাৰতৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে ২০ নম্বৰত৷ ব্যৱসায় কৰাৰ সুচলতা সম্পর্কে শুভাৰম্ভ কৰা প’র্টেলটোত ৩৫ হাজাৰ আবেদন প্রাপ্তি হৈছিল৷
ইয়াৰে ২০ হাজাৰ আবেদনৰ ওপৰত কোনো ব্যৱস্থা নোলোৱাটোৱে উদ্যোগীকৰণৰ বাবে চৰকাৰৰ যে কোনো ইচ্ছাশক্তি নাই, সেয়া প্রতিপন্ন কৰিছে৷ ২০১৯ৰ অক্টোবৰৰ পৰা ২০২০ৰ ডিচেম্বৰলৈকে অসমে লাভ কৰা বিদেশী প্রত্যক্ষ বিনিয়োগ মাত্র এই সময়ছোৱাত দেশে লাভ কৰা বিনিয়োগৰ মাত্র ০.০১ শতাংশ৷ লঘু উদ্যোগ, সূক্ষ্ম উদ্যোগ, মজলীয়া উদ্যোগো অৱনমিত হৈছে৷ ২০১৬–১৭ আৰু ২০১৮–১৯ৰ সময়ছোৱাত স্থাপন কৰা তেনে উদ্যোগৰ সংখ্যা ৫১ শতাংশ হ্রাস পায়৷ বিনিয়োগ ৬৭ শতাংশলৈ নামি আহে৷ অথচ এনে উদ্যোগে দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ৩০ শতাংশ অৰিহণা আগবঢ়ায় আৰু এনে উদ্যোগত ১১ কোটি লোকে কর্মসংস্থাপন লাভ কৰে৷ বর্তমানৰ অসম চৰকাৰখনে এই দিশত নিজৰ অভিপ্রায় আৰু ইচ্ছাশক্তি প্রদর্শন কৰা হ’লে বৃহৎসংখ্যক যুৱক–যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিলেহেঁতেন৷
বিজেপি চৰকাৰখনে ৰাজ্যখনলৈ বিনিয়োগকাৰী আনিবটো নোৱাৰিলেই, বুনিয়াদী সা–সুবিধা বিকাশৰ বাবে, যোগাযোগ সাধ্যতাৰ উন্নতিৰ বাবে তথা নীতি বিষয়ক জটিলতাসমূহ সৰল কৰি তোলাৰ বাবে বিজেপি চৰকাৰখনে মনোযোগ নিদিয়াৰ পৰিণতিত অসমৰ বাণিজ্য আৰু উদ্যোগ বাধাহীনভাৱে অৱনমনৰ পথেৰে গৈ থাকিল৷ সংবাদ মেলখনত গেহলটে আৰু কয় যে অসমীয়া ৰাইজৰ ঘাম আৰু তেজেৰে বছৰৰ পাছত বছৰ ধৰি গঢ়ি তোলা ৰাজহুৱা সম্পত্তিবোৰ ধ্বংস কৰিলে৷ ৰাজহুৱা প্রতিষ্ঠানবোৰত থকা চৰকাৰৰ ইকুইটী হ’ল কৰদাতাসকলৰ মূলধন৷ কৰদাতাসকলৰ সেই মূলধনৰ ওপৰত সর্বাধিক সুদ আহৰণৰ দায়িত্ব চৰকাৰে বহন কৰিব লাগে৷ কিন্তু কেন্দ্র আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ দুখনে ইয়াৰ বিপৰীত কামহে কৰিলে৷ যি সময়ত কংগ্রেছ দল অসমৰ ১.৭৫ লাখ চাকৰিপ্রত্যাশী যুৱক–যুৱতীৰ সৈতে মত বিনিময়ত ব্যস্ত আছে, সেই সময়ত বিজেপি চৰকাৰখনে ৰাজহুৱা খণ্ডৰ ৯টা প্রতিষ্ঠান নিলামৰ কামত ব্যস্ত৷ কাইলৈ দ্বিতীয় পর্যায়ৰ ভোটদানৰ পাছতেই অসমত কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হ’ব৷ সংবাদ মেলখনত এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াও উপস্থিত থাকে৷
বিধানসভানির্বাচনৰ্ দ্বিতীয়–তৃতীয় পর্যায়ত নিশ্চিহ্ণ হ’ব বিজেপিঃ অজিত ভূঞা
কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটবন্ধনে এইবাৰ বিধানসভা নির্বাচনত ভাল ফলাফল প্রদর্শনেৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই৷ আজি গুৱাহাটীস্থিত হোটেল লিলিত এখন সংবাদ মেলত ভূঞাই দাবী কৰে যে অসম বিধানসভাৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ নির্বাচনত নিশ্চিহ্ণ হ’ব বিজেপি৷ এই প্রসংগত তেওঁ কয়– ‘প্রথম পর্যায়ৰ নির্বাচনত মহাজোঁটে ১৯ৰ পৰা ২০খন আসন লাভ কৰিব৷ দ্বিতীয় আৰু তৃতীয় পর্যায়ত নিশ্চিহ্ণ হ’ব বিজেপি আৰু ইয়াৰ মিত্রদলসমূহ৷ তেওঁলোকৰ দখলত থকা আসন এইবাৰ হ্রাস পাব৷’ ইফালে, বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে বিজেপিয়ে কংগ্রেছৰ নেতৃত্বত গঠন কৰা মহাজোঁট ভংগ কৰাৰ বাবে ষড়যন্ত্র কৰিছিল৷ কিন্তু তাত সফল নহ’ল৷ বিজেপিৰ স্থিতিত অসমত বেয়া হৈছে, সেয়া তেওঁলোকৰ কথা–বতৰাই প্রমাণ কৰিছে৷
বিৰোধী দলৰ নেতাক বিজেপিয়ে ভয়–ভাবুকি পর্যন্ত দিবলৈ চেষ্টা কৰি আহিছে৷ প্রৰোচনামূলক মন্তব্যৰে বিজেপিয়ে সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ ষড়যন্ত্র কৰা বুলি অভিযোগ কৰি ভূঞাই কয়– ‘ৰাজ্যিক বিজেপিৰ সভাপতিয়ে নিজৰ সমষ্টি এৰি পলায়ন কৰিবলগীয়া হৈছে৷ প্রথম পর্যায়ৰ নির্বাচনত তেওঁলোকে আজমলৰ নাম লৈ ভয়–ভাবুকিৰে ভোট আদায়ৰ চেষ্টা কৰিছিল৷ কিন্তু সেয়া ইতিমধ্যে বুমেৰাং হৈছে৷ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রাক্ক্ষণত বিজেপিৰ সুৰ সলনি হৈছে৷ তেওঁলোকে সংখ্যালঘুক তুষ্টিকৰণ কৰিবলৈ আৰম্ভ কৰিছে৷ কালি মুখ্যমন্ত্রী সোণোৱালে আগন্তুক সময়ত হিন্দু–মুছলমান সকলো লোককে মাটিৰ পট্টা দিম বুলি কৈছে৷ ৰঞ্জিত দাসে নামনি অসমক পাকিস্তান বুলি অভিহিত কৰিছিল৷ এতিয়া তেওঁ সংখ্যালঘুৰ ভোট লাগিব বুলি মন্তব্য কৰিছে৷’ ইফালে, মোগলৰ আক্রমণ প্রতিহত কৰিব লাগে বুলি বিজেপিয়ে নির্বাচনী প্রচাৰৰ সময়ত উল্লেখ কৰি অহা প্রসংগৰে সাংসদ ভূঞাই কয় যে ৫০০ বছৰ আগতে মোগল আহিছিল৷ মুখ্যমন্ত্রী সোণোৱালক তেওঁ ক’ত মোগল আছে, সেয়া দেখুৱাই দিবলৈ প্রত্যাহ্বান জনায়৷