নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্য অবিহনে জনতাক সৈমান কৰোৱা সম্ভৱ নহয়

বিজেপি যুৱ মর্চাৰ কর্মশালাত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ৰাজনৈতিক ক্ষেত্রত সামাজিক মাধ্যমৰ গুৰুত্বপূর্ণ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি বিজেপিৰ যুৱ মর্চাই মঙলবাৰে সামাজিক মাধ্যমৰ কর্মশালা এখনৰ আয়োজন কৰে৷ এটি বৰগীতেৰে আৰম্ভ হোৱা কর্মশালাখনত আৰম্ভণি ভাষণ দি যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে কয় যে বিজেপিৰ লাইখুঁটাডাল হ’ল যুৱ মর্চা, সেয়েহে আমাৰ কৰণীয় এতিয়া বহুত৷ যুৱ মর্চাৰ সমূহ কার্যকর্তাই এতিয়ালৈকে সামাজিক মাধ্যমত নৈতিকতাপূর্ণভাৱে জ্ঞানৰ পৰিচয় দি যুক্তিপূর্ণ তথ্য দাঙি ধৰি সুনিপুণ সেনানী হিচাপে পৰিচয় দি আহিছে আৰু অনাগত দিনতো এনেদৰেই সামাজিক মাধ্যমত যুদ্ধ কৰি যাব বুলি আশাবাদী৷ দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কার্যকর্তাসকলক উদ্দেশ্যি কয় যে বিজেপিয়ে বহু সংঘর্ষৰ পিছত আজি এই স্থিতিত অৱতীর্ণ হৈছে আৰু ভৱিষ্যতৰ বাবে আপোনালোকৰ কৰণীয় বহু কাম আছে৷

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে তথ্য অবিহনে জনতাক সৈমান কৰোৱা সম্ভৱ নহয় আৰু সেয়েহে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কৰা প্রতিটো কাম–কাজৰ সূক্ষ্ম অধ্যয়ন কৰি সামাজিক মাধ্যমৰ জৰিয়তে ইয়াক ৰাইজৰ মাজলৈ লৈ যাব লাগিব৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বিজেপিৰ সফলতাৰ বাবে প্রতিজন কার্যকর্তাৰ গুৰুত্বপূর্ণ অৰিহণা আছে৷ যুৱ মর্চাৰ প্রতিখন জিলাৰ পৰা অহা যুৱক–যুৱতীসকলৰ্ উদ্যম দেখি বিজেপিৰ সাংগঠনিক স্থিতিৰ উমান পোৱা যায়৷ অসমৰ প্রতিটো জাতি–জনগোষ্ঠী ভাৰতীয় জনতা পার্টীৰ লগত আছে আৰু সেয়েহে আনাগত নির্বাচনত আমাৰ বিজয় নিশ্চিত৷ আজিৰ এই কর্মশালাখনত উপস্থিত থাকে সামাজিক মাধ্যমৰ ৰাষ্ট্রীয় আহ্বায়ক অমিত মালভিয়া, বিজেপিৰ উপ–সভাপতি জয়ন্তমল্ল বৰুৱা, জয়ন্ত দাস, তথ্য–প্রযুক্তি বিভাগৰ প্রভাৰী শান্তনু কলিতা, সামাজিক মাধ্যম বিভাগৰ আহ্বায়ক পলাশ লাহন লগতে যুৱ মর্চাৰ বিভিন্ন জিলা, মণ্ডল আৰু ৰাজ্যিক পর্যায়ৰ বিষয়ববীয়াসকল৷

You might also like