নিয়মীয়া বাৰ্তা ২ জুলাইঃ শিৱসাগৰ জিলাৰ চাৰিং দুৱৰাপাৰত ক’ভিডত আক্রান্ত হৈ পিতা–পুত্রই মৃত্যুক সাবটি লোৱাত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ অঞ্চলটোৰ অৱসৰপ্রাপ্ত সৈনিক গিৰীশ দুৱৰা (৬৫) আৰু তেওঁৰ পুত্র তথা যুৱ ব্যৱসায়ী জিতু দুৱৰা (৩৫)ৰ মৃত্যু ঘটিছে৷ ক’ভিডত আক্রান্ত হৈ ২০ দিন পূর্বে ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (এ এম চি এইচ)ত চিকিৎসাধীন হৈছিল জিতু দুৱৰা৷ তেওঁৰ ক’ভিড নিগেটিভ হৈছিল যদিও স্বাস্থ্যৰ উন্নতি ঘটা নাছিল৷ বিশেষকৈ তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্রাস পাইছিল৷
বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় যুৱকজনে৷ ইপিনে তেওঁৰ পিতৃ গিৰীশ দুৱৰাও ক’ভিডত আক্রান্ত হৈ চাৰি দিন পূর্বে শিৱসাগৰৰ স্বর্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত ভর্তি হৈছিল৷ কালি নিশা তেওঁ হাস্পতালখনতে মৃত্যুক সাবটি লয়৷ ক’ভিড প্রট’কল অনুসৰি গিৰীশ দুৱৰাৰ অন্তিম সংস্কাৰ থানামুখৰ শ্মশানত সম্পন্ন কৰা হয়৷ ক’ভিড নিগেটিভ হোৱাৰ বাবে জিতু দুৱৰাৰ শেষকৃত্য স্বগৃহত সম্পন্ন কৰা হয়৷
ইফালে গিৰীশ দুৱৰাৰ পত্নীও ক’ভিডত আক্রান্ত হৈ সম্প্রতি স্বর্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালত চিকিৎসাধীন হৈ আছে৷ শহুৰ আৰু স্বামীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে লাইভলী দুৱৰা৷ পিতা–পুত্রৰ অকাল বিয়োগত চাৰিং আঞ্চলিক ছাত্র সন্থা, জোনাকী শিল্পী সমাজ, চাৰিং প্রেছ ক্লাব, চাৰিং কলেজ তিনিআলি ব্যৱসায়ী সন্থা, ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি বহু অনুষ্ঠান–প্রতিষ্ঠানে শোক প্রকাশ কৰিছে৷ ইফালে এ এম চি এইচত আজি মৃত্যু ঘটিছে ব্লেক ফাংগাছত আক্রান্ত এজন ৰোগীৰ৷ প্রাপ্ত তথ্য অনুসৰি লখিমপুৰৰ ৪৭ বছৰীয়া সুভাষ চাহু নামৰ ব্যক্তিজন বিগত ১৫ দিন ধৰি এ এম চি এইচত চিকিৎসাধীন হৈ আছিল৷ হাস্পতালখনত এই ৰোগীজনৰ ৬ ঘণ্টীয়া এক জটিল অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছিল যদিও যোৱানিশা প্রায় ডেৰ বজাত তেওঁৰ মৃত্যু ঘটে৷
ক’ভিড আক্রান্তৰ হাৰ ১.৯৪ শতাংশলৈ হ্রাস
বৃহস্পতিবাৰে ৰাজ্যত সামান্য পৰিমাণে হ্রাস পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ বৃহস্পতিবাৰে ৰাজ্যত মুঠ ২,৬৬৯জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ ১.৯৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৩৭,৬৬৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ কামৰূপ মহানগৰত আক্রান্ত হৈছে ১৭৬জন লোক৷ আজি মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৮জন৷