নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ‘ৰিণা বাইদেৱে ভাৱিব মই মেনেজ হ’লো। ৫ হাজাৰ টকাটো মই কেনেই ভগাম বাৰু দুজনৰ মাজত? ২/ ৩ হাজাৰ টকাত সাংবাদিক বিক্ৰী হয় নেকি?’ এই মন্তব্য ‘টাইম লাইভ আসাম’ নামৰ এটা ৱেৱ চেনেলৰ মাৰ্ঘেৰিটাৰ সাংবাদিক সত্যজিৎ বড়োৰ। উল্লেখ্য যে ডিগবৈ বন সংমণ্ডলৰ মাৰ্ঘেৰিটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লেখাজান খণ্ডত বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰা এটা ঘটনাক কেন্দ্ৰ কৰি অচ্যুৎ গগৈ নামৰ এজন খণ্ড বনবিষয়া আৰু সাংবাদিক সত্যজিৎ বড়োৰ মাজত হোৱা দুৰ্বাদল তৰ্কাতৰ্কিৰ এটা অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা অডিঅ’ টেপটোৰ মতে চলিত মাহৰ আৰম্ভণিতে মাৰ্ঘেৰিটা অঞ্চলৰ লেখাজান নামৰ ঠাইত সাংবাদিকৰ তথ্যৰ ভিত্তিত বন বিভাগে জব্দ কৰিছিল এখন কাঠভৰ্তি ট্ৰাক (নম্বৰ- এন এল- ০২ এল- ২৭৮৮)। উক্ত ঘটনা সন্দৰ্ভত বন বিষয়া অচ্যুৎ গগৈৰে হোৱা অন্য এটা অডিঅ’ টেপৰ উদ্ধৃতি দি টাইম লাইভ আসামত এক প্ৰতিবেদনো সম্প্ৰচাৰিত হৈছিল। উক্ত প্ৰতিবেদনত বন বিষয়া গগৈৰ বিৰুদ্ধে অনেক দুৰ্নীতিৰ তথ্য থকাৰ কথা কৈ উক্ত সম্প্ৰচাৰিত বাতৰিটো বহু ওপৰলে যোৱা বুলিও কৈছিল সাংবাদিক সত্যজিৎ গগৈয়ে।
পৰৱৰ্তী সময়ত উক্ত বাতৰিটোৰ গইনা লৈ বন বিষয়া আৰু সাংবাদিকজনৰ মাজত বিতৰ্কৰ সূচনা হয়। বিতৰ্কৰ কাৰণ হ’ল কম টকাৰে সাংবাদিক ক্ৰয় কৰা প্ৰসঙ্গ। সাংবাদিক সত্যজিৎ বড়োয়ে কয় যে তেওঁ আৰু ৰীণা কাকতি গগৈৰ হাতত ঘটনাৰ ‘ভিজুৱেল’ সমূহ আছে। বজাই দিলে বন বিষয়া ফান্দত পৰিব। তেওঁ আদিবাসী ছাত্ৰ সন্থাকো ‘মেনেজ’ কৰিব লাগে বুলি কৈ ৫ হাজাৰ টকাত বন বিভাগে সাংবাদিক কিনিব নোৱাৰে বুলিও ধমকিৰ সুৰত মন্তব্য কৰে। এই সন্দৰ্ভত ৰীণা কাকতিৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ১৫ বছৰীয়া সাংবাদিকতাৰ জীৱনত কোনো দিনেই তেওঁৰ ব্লেক মেইলিঙৰে জড়িত হোৱাৰ উদাহৰণ নাই। সত্যজিৎ তিনি চাৰিটা গোচৰত জড়িত থকাৰ বাবে পৰস্পৰৰ মাজত কেৱল তথ্যৰ বিনিময়ৰ মাজতেই সীমাবদ্ধ থাকি নিৰাপদ দূৰত্ব বজাই ৰাখো বুলিও কলে। লগতে সত্যজিতে অলপতে বৈদ্যুতিন মাধ্যমৰ ডিগবৈৰ সাংবাদিক ৰীণা কাকতি গগৈ আৰু তেওঁৰ স্বামী অমিতাভ গগৈৰ নাম লৈ টিংৰাই অঞ্চলৰ কমল দাস নামৰ লোকজনৰ নৱপ্ৰতিস্থিত ব্যৱসায়িক প্ৰতিষ্ঠনৰ পৰা পেট্ৰ’ল আৰু নগদ ধন দাবী কৰাৰ কথাও জানিবলৈ দিয়ে।
উল্লেখ্য যে অডিঅ’টো ভাইৰেল হৈ ৰীণা কাকতিৰ হাতত পৰিলত তেওঁক্ষুণ্ণ হৈ ‘ব্লেক মেইলাৰ’ সতীৰ্থ সাংবাদিক সত্যজিৎ বড়ো আৰু তেওঁৰ বিনা অনুমতিত ভইচ ৰেকৰ্ডিংটো ভাইৰেল কৰাৰ বাবে বন বিষয়া অচ্যুৎ গগৈৰ বিৰুদ্ধে আজি ডিগবৈ থানাত এজাহাৰ দাখিল কৰে। প্ৰসঙ্গত উল্লেখ কৰিব পাৰি যে মাৰ্ঘেৰিটাৰ মাকুম কিল্লা নিৱাসী সত্যজিৎ নৱ গঠিত ‘বৃহত্তৰ মাৰ্ঘেৰিটা সাংবাদিক সমাজ’ৰ কোষাধ্যক্ষ আছিল। অৱশ্যে তেওঁৰ অতীত সন্দৰ্ভত জানিব পাৰি সংগঠনটোৱে তেওঁক অব্যাহতি দিয়ে বুলিও জানিব পৰা গৈছে। ডিগবৈৰ সাংবাদিক ৰীণা কাকতি উক্ত সংগঠনৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল যদিও কিছুদিনৰ পূৰ্বে আনুষ্ঠানিকভাৱে অব্যাহতি লৈ ওলাই আহে। উল্লেখ্য যে সত্যজিতে তামোল সৰবৰাহ কৰা ট্ৰাক হাইজেক কৰি ধন দাবী কৰা আৰু ‘কা’ আন্দোলনৰ সময়ছোৱাত যুদ্ধবিৰত আলফা গোটৰ নেতা জীতেন দত্তৰ নাম লৈ গুটখা ব্যৱসায়ীৰ পৰা পৰা ধন দাবী কৰাকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত হৈ থাকাৰ পাছত আইনী মেৰপেছৰ পৰা নিজকে বচাবলৈ সম্প্ৰতি সাংবাদিকতাৰ দৰে এটা পবিত্ৰ বৃত্তিৰ আশ্ৰয় লৈ ব্লেক মেইলিঙত নামি পৰিছে বুলি সৰৱ চৰ্চা আৰম্ভ হৈছে।