নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ধেমাজি জিলাৰ জোনাইত নৈ-উপনৈসমূহৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে বৃহস্পতিবাৰে জোনাইত প্ৰায় ৭ বজাত এক নাও দুৰ্ঘটনা সংঘটিত হয়৷ জোনাই মহকুমাৰ বাহিৰ জোনাই লোহিজান পঞ্চায়তৰ অন্তৰ্গত জোনাই নদীখনত ৰাকুট কেমেৰেৰ পৰা ৰোহিত পুৰ দেউৰী গাঁওলৈ এটা পৰিয়ালে এখন টুলুঙা নাৱেৰে পাৰ কৰা অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত নাও দুৰ্ঘটনা সংঘটিত হয়৷
এই নাও দুৰ্ঘটনাত ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰীৰ আজি দুদিনে সন্ধানহীন হৈ আছে ৷ নাওখনত নাৱৰীয়াসহ আছিল মুঠ ৮গৰাকী যাত্ৰী৷ নাও দুৰ্ঘটনাত দৈৱক্ৰমে মাতৃসহ ৫ বছৰীয়া শিশু, ৭ জনে পাৰলৈ সাঁতুৰি প্ৰাণৰক্ষা কৰে যদিও ১২ বছৰীয়া কিশোৰীগৰাকীক বিচাৰি পোৱা নাই। সন্ধানহীন কিশোৰীগৰাকীৰ বায়েকে প্ৰশাসনক ৯ বজাত খবৰ দিয়া অনুসৰি জোনাই আৰক্ষী আৰু এছ.ডি.আৰ.এফ বাহিনীয়ে কালি নিশাৰ পৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
অৱশ্যে যোৱা নিশা বেছি হোৱা বাবে উদ্ধাৰ স্থগিত ৰাখিব লগা হয়৷ আজি পনৰ পুৱা ৭ বজাৰ পৰা এছ ডি আৰ এফ বাহিনী, আৰক্ষী প্ৰশাসন আৰু গাঁৱৰ ৰাইজে উদ্ধাৰ আভিযান চলায় যদিও কিশোৰীগৰাকীৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয়। ফলত আজি ধেমাজিৰ পৰা আন এটা এছ ডি আৰ এফ বাহিনী দল আৰু ডুবাৰুৰ এটা দলে উদ্ধাৰ আভিযান সহযোগ কৰি সন্ধান অব্যাহত ৰাখিছে৷ কিন্তু দুদিনে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই৷