কাৰাগাৰৰ পৰা পলায়ন কৰা হাজোতীৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : যোৱা বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা আব্দুল ৰছিদ ওৰফে ব্ৰইলাৰৰ মৃতদেহটো আজি লাহৰীঘাটৰ দেৱাগুৰিৰ নিজৰা বিলত উদ্ধাৰ কৰা হয়। POCSO গোচৰত অভিযুক্ত আব্দুল ৰছিদ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পিছত আজি পুৱাতে স্থানীয় মাছমৰীয়াই নিজৰা বিলত মৃতদেহ প্ৰত্যক্ষ কৰে। পিছত ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ স্থানীয় দণ্ডাধীশৰ উপস্থিতিত বিলৰ মাজৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।কাৰাগাৰৰ পৰা পলায়ন কৰা আব্দুল ৰশিদৰ ঘৰ দেৱাগুৰি গাৱঁত। উল্লেখ্য যে ৪-৫ মাহ পূৰ্বে ধৰ্ষণ কাণ্ডত অভিযুক্ত আব্দুল ৰছিদক লাহৰীঘাট আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। যোৱা বৃহস্পতিবাৰে আন চাৰি POCSO গোচৰত অভিযুক্ত হাজোতীৰ সৈতে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল। আৰক্ষীয়ে পলাতক আব্দুল ৰছিদক বিচাৰি যোৱা তিনি দিন ধৰি অভিযান অব্যাহত ৰাখিছিল। কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পিছদিনা স্থানীয় ৰাইজে অপৰাধী আব্দুল ৰশিদ ওৰফে ব্ৰইলাৰক প্ৰত্যক্ষ কৰিছিল। লগে লগে আৰক্ষী উপস্থিত হৈ কৰায়ত্ত কৰিবলৈ অভিযান চলাইছিল যদিও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল। কালি আৰক্ষীয়ে নিজৰা বিলত অভিযান চলাই এখন নাৱত পলাতক ৰশিদে ব্যৱহাৰ কৰা কম্বল আদি সামগ্ৰী উদ্ধাৰ কৰিছিল। আজি ৰাতিপুৱা স্হানীয় মাছমৰীয়া মাছ মাৰিবলৈ যোৱাত বিলৰ মাজত পানীত উপঙি থকা অৱস্হাত আব্দুল ৰশিদৰ মৃতদেহ প্ৰত্যক্ষ কৰে। আব্দুল ৰশিদৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ পৰা POCSO গোচৰত অভিযুক্ত ৫ জনকৈ কয়দী পলায়ন কৰিছিল।পলায়ন কৰা কয়দী কেইটা হল লাহৰীঘাট থানাৰ ১৭৩/২৪নং গোচৰৰ শ্বৰিফ উদ্দিন, লাহৰীঘাট থানাৰ ২১০/২৩নং গোচৰৰ নুৰিছলাম, মৈৰাবাৰী থানাৰ ১৬৮নং গোচৰৰ মফিদুল ইছলাম, মিকিৰভেটা থানাৰ ১১৯/২৪নং গোচৰৰ জিয়াৰুল ইছলাম আৰু আজি মৃতদেহ উদ্ধাৰ হোৱা আব্দুল ৰশিদ লাহৰীঘাট থানাৰ ১০৫/২৪নং গোচৰৰ অভিযুক্ত আছিল। আজিও পলাতক হৈ আছে ৪টাকৈ অপৰাধী। কাৰাগাৰৰ পলাতক অপৰাধীৰ মৃতদেহ বিলত উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে আজিলৈকে পলাতক অৱস্থাত থকা ৪ কয়দীক কৰায়ত্ত কৰাৰ আৰক্ষীয়ে তীব্ৰ গতিত অভিযান অব্যাহত ৰাখিছে।
প্ৰেৰক আবুল কালাম