সর্বদিশত উন্নয়নৰ নতুন কীর্তিস্তম্ভ স্থাপন অসমৰ
বজালী মহকুমা অসামৰিক চিকিৎসালয় ভৱনৰ ভূমি পূজন–নির্মাণৰ শুভাৰম্ভ মন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ বিগত তিনি–চাৰিটা দশকত অসমত যিমান উন্নয়ন হৈছিল, তাৰ তুলনাত কেন্দ্র আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত যোৱা পাঁচটা বছৰ আছিল অসমৰ সমসাময়িক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক উত্তৰণৰ গৌৰৱোজ্জ্বল সময়৷ স্বাস্থ্য, শিক্ষা, যাতায়াত সকলো দিশতেযোৱা পাঁচটা বছৰত অসমে একো একোটা নতুন কীর্তিস্তম্ভ স্থাপন কৰিবলৈ সক্ষম হ’ল৷ –এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য–পৰিয়াল কল্যাণ, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ যোৱা ১৩ জানুৱাৰীত পাঠশালাত বজালী মহকুমা অসামৰিক চিকিৎসালয় ভৱনৰ ভূমি পূজন আৰু নির্মাণ কার্যৰ শুভাৰম্ভ কৰি মন্ত্রীগৰাকীয়ে কয়, ‘ৰাজ্যখনৰ নৱতম জিলা হিচাপে ঘোষিত বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিৰ উন্নয়নৰ যাত্রাত এক নতুন দিগন্তৰ সংযোজন কৰিবলৈ আমি আজি পৱিত্র মাঘ বিহুৰ উৰুকাৰ ক্ষণত সমৱেত হৈছোঁ৷ সেয়া হ’ল পাঠশালাৰ শ্বহীদ মদন–ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন, যাক হয়তো আমি কিছুদিন পিছত আমি ইয়াক ক’ম নতুন জিলা চিকিৎসালয়৷ মহকুমাৰ লগত এশখন বিছনাযুক্ত চিকিৎসালয় থাকে বাবে আজি আমি এশখন বিছনাযুক্ত চিকিৎসালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিলোঁ৷ কিন্তু যিহেতু বজালী জিলা হ’ল, সেয়েহে ইয়াক অনাগত সময়ত দুশখন বিছনাযুক্ত চিকিৎসালয় কৰা হ’ব৷’ সমূহ বজালীবাসীকে ভোগালী বিহুৰ ওলগ জনাই মাঘৰ মেজিত সমাজৰ পৰা অসূয়া শক্তিৰ অন্ত বিচাৰি ভগৱানৰ ওচৰত প্রণিপাত জনোৱাৰ লগতে সমগ্র পৃথিৱীখন শুভ চিন্তা আৰু শুভ বুদ্ধিৰ লগতে সম্ভাৱনা, আশা আৰু সম্পদেৰে পৰিপূর্ণ হৈ পৰাৰ বাবে নেদেখাজনৰ ওচৰত প্রার্থনা জনাই মন্ত্রী ড০ শর্মাই বজালীবাসীক নতুন জিলাৰ বাবে ওলগ জনাই কয় যে বজালী মহকুমাৰ ৰাইজৰ আশা–আকাংক্ষা, প্রশাসনক ৰাইজৰ ওচৰ চপাই নিয়াৰ ক্ষেত্রত বজালীক জিলালৈ উন্নীত কৰা অসম চৰকাৰৰ এই সাহসী সিদ্ধান্তই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷
বজালীক জিলালৈ উন্নীত কৰাৰ বাবে পাঠশালা ৰাসলৈ আহোঁতে পাঠশালা বজাৰ সমিতিয়ে বজালীবাসীৰ হকে তেওঁক বিষয়টো অৱগত কৰাৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে শিক্ষা–সংসৃকতিৰ ক্ষেত্রত বজালীত বিশেষকৈ পাঠশালাত নতুন অনুষ্ঠান নির্মাণৰ বাবে ৰাইজে তেওঁলোকৰ মনৰ ইচ্ছা প্রকট কৰিছিল৷ আৰু ইয়াৰ পিছতে বিগত বিধানসভা নির্বাচনৰ পূর্বে মন্ত্রীগৰাকীয়ে পাঠশালাত এখন নির্বাচনী সভাত অংশ লৈ বজালীৰ আর্থ–সামাজিক, ৰাজনৈতিক গুৰুত্ব উপলব্ধি কৰি বজালীক জিলালৈ উন্নীত কৰা হ’ব বুলি ৰাইজক প্রতিশ্রুতি দিছিল আৰু সেই প্রতিশ্রুতিকে বাস্তৱায়িত কৰি বজালী জিলা কৰা হ’ল বুলি তেওঁ ভাষণত ব্যক্ত কৰে৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে ভাৰতীয় জনতা পার্টীৰ মঞ্চৰ পৰা য’ত যি কথা কোৱা হয় বা প্রতিশ্রুতি দিয়া হয়, তাক আখৰে আখৰে পালন কৰিবলৈ সদায় প্রচেষ্টা অব্যাহত ৰখা হয়৷ নির্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন কৰি আছে আৰু যেতিয়ালৈকে ভোটাৰ তালিকা সংশোধন শেষ নহয় তেতিয়ালৈকে সাধাৰণতে কোনো উপায়ুক্তৰ বদলীকৰণ কৰা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভোগালী বিহুৰ পিছতে সেই কাম সম্পূর্ণ হ’ব আৰু তেতিয়া ১৫ জানুৱাৰীৰ পৰা ফেব্রুৱাৰী মাহত নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বে বজালীবাসীয়ে নতুন উপায়ুক্ত আৰু নতুন আৰক্ষী অধীক্ষক লাভ কৰিব৷
পাটাছাৰকুছি সমষ্টিৰ উত্তৰণৰ লগত আৰু এটা দিশ বিজেপি চৰকাৰে সংযোজিত কৰি বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথাও উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে ভট্টদেৱ বিশ্ববিদ্যালয়খন অকণমান চেষ্টা কৰা হ’লে হয়তো বিজেপিৰ ৰাজ্যিক সভাপতিৰঞ্জিত দাসে তেওঁৰ নিজৰ সমষ্টি সৰভোগলৈ লৈ যাব পৰিলেহেঁতেন৷ কিন্তু আমি দলীয়ভাৱে বিশ্ববিদ্যালয়খন বজালীত স্থাপন কৰিলোঁ আৰু কিছু বছৰৰ ভিতৰতে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় পূর্ণাংগই নহয় এফিলিয়েটেড বিশ্ববিদ্যালয় হিচাপে আত্মপ্রকাশ কৰিব বুলি আশা প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ যোৱা বছৰ কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰি জিলাৰ মহাবিদ্যালয়সমূহৰ্ শৈক্ষিক কর্তৃত্ব বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ হস্তান্তৰ কৰা হৈছিল আৰু একেধৰণে অহা এবছৰ বা দুবছৰৰ ভিতৰত বজালী, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাৰ মহাবিদ্যালয়সমূহৰ্ শৈক্ষিক কর্তৃত্ব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনলৈ হস্তান্তৰ কৰিব পৰা যাব বুলিও তেওঁ আশা ব্যক্ত কৰে৷
পাঁচটা বছৰ পূর্বে বছৰি এহেজাৰ কিলোমিটাৰ ৰাস্তা নির্মাণ কৰিবলৈ সক্ষম নোহোৱা অসমে বর্তমান প্রতিবছৰে আঠ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে অৰুণোদয় আঁচনিকে আদি কৰি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে৷ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিজৰ ভাষণত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰি কয়– ষাঠিটা বছৰত কংগ্রেছ চৰকাৰে অসমত অকল ছয়খন মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মাত্র চাৰে চাৰিটা বছৰতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত ৰাজ্যখনলৈ উল্লেখযোগ্য পৰিৱর্তন আনিবলৈ সক্ষম হয় আৰু দহখন মেডিকেল কলেজ নির্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ মই কেতিয়াবা নিজে ভাবোঁ যে সঁচাকৈয়ে এয়াটো এক ডাঙৰ পৰিৱর্তন৷ কাৰণ পূর্বেওতো কেন্দ্রত আৰু ৰাজ্যত একেটা দলৰে চৰকাৰ আছিল৷ কিন্তু এইবাৰ কেন্দ্র আৰু ৰাজ্যত পৰিৱর্তনৰ বাণী লৈ বিজেপিৰ চৰকাৰ হোৱাৰ পিছতে বিগত পাঁচটা বছৰত দেশত উন্নয়নৰ ধল ব’বলৈ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্রত যি আমূল পৰিৱর্তন আনিবলৈ সক্ষম হ’ল, সেয়া কংগ্রেছৰ ষাঠি বছৰৰ উন্নয়নৰ তুলনাত কল্পনাতীত৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদত, ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ তত্ত্বাৱধানত আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত ৰাজ্যখনত প্রগতিৰ যি বিৰামহীন যাত্রা আৰম্ভ হৈছিল সি তিলমানো থমকি ৰোৱা নাই৷ যাৰ ফলস্বৰূপে অসমত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত যোৱা ১২ জানুৱাৰীৰ পৰা পাঠ্যক্রম আৰম্ভ হৈ গ’ল৷ কিছুদিন পূর্বে দেশৰ গৃহমন্ত্রী অমিত শ্বাহে অসমলৈ আহি গুৱাহাটীত আন এখন ১৮০০ বিছনাযুক্ত চিকিৎসালয় নির্মাণ কামৰ শুভাৰম্ভ কৰে৷ আৰু ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই অভূতপূর্ব চমকপ্রদ উন্নয়নৰ বাবে মই স্বাস্থ্যমন্ত্রী ড০ শর্মাক বিশেষভাৱে ধন্যবাদ জনাইছেছা৷ পাঠশালাৰ শ্বহীদ মদন–ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কুলেন্দ্র কাকতিয়ে আঁত ধৰা আৰু বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র নাথ শর্মাই আদৰণী ভাষণ দিয়া সভাখনত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিৰিঞ্চি কুমাৰ দাস, বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামী, স্বাস্থ্য বিভাগৰ সঞ্চালক ড০ ৰথীন্দ্র নাথ ভূঞা, বিজেপিৰ মুখপাত্র ফণী পাঠক, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, শংকৰ দাস, গোপীনাথ মালাকৰ, প্রদীপ টেমুং, বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা সভাখনৰ পিছতে মন্ত্রী ড০ শর্মাই পাঠশালাৰ দিব্যাংগ শিশুসকলৰ আৱাসিক প্রতিষ্ঠান ‘তপোবন’ত উপস্থিত হৈ তপোবনৰ অধ্যক্ষ কমুদ কলিতা আৰু তেওঁৰ সহধর্মিণী লুকী পাটগিৰীক সাক্ষাৎ কৰাৰ উপৰি কণ কণ দিব্যাংগসকলৰ স’তে কিছু সময় কটায়৷ মন্ত্রীগৰাকীয়ে এক মহৎ সামজিক উদ্দেশ্য লৈ মানৱতাৰ জয়গান গাবলৈ আগবাঢ়ি অহা কলিতা দম্পতীৰ মহানুভৱতাৰ শলাগ লৈ ‘তপোবন’ৰ অভাৱ–নাটনৰ বুজ লয়৷
মন্ত্রীগৰাকীয়ে ইয়াৰ পূর্বে বজালীৰ ডুবিস্থিত শ্রীশ্রীপৰিহৰেশ্বৰ দেৱালয়লৈ গৈ আশিস লোৱাৰ লগতে দেৱালয় চৌহদত গছপুলি ৰোপণ কৰে৷ ইয়াৰ পিছতে মালিপাৰালৈ গৈ ১২ কোটি টকা ব্যয়সাপেক্ষ ডাঃ জিনাৰাম দাস পথটোৰ দহ কিলোমিটাৰ দৈর্ঘ্য নির্মাণ কার্যৰ শুভাৰম্ভ কৰি অনাগত সময়ত সর্থেবাৰী পর্যন্ত সমগ্র পথটো নির্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ ইয়াৰ পৰাই মন্ত্রীগৰাকীক দলীয় কম্সকলে পাঠশালালৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনে৷ আনহাতে সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই অহা ২৪ জানুৱাৰীত দেশৰ গৃহমন্ত্রী অমিত শ্বাহ কোকৰাঝাৰ আৰু নলবাৰীলৈ অহাৰ কথা ব্যক্ত কৰে৷ পাটাছাৰকুছি সমষ্টিত নির্বাচনত কাক টিকট দিয়া হ’ব বুলি সাংবাদিকে সোধাত তেওঁ কয় যে যাৰ জিকিব পৰা সক্ষমতা আছে তেওঁকেই টিকট দিয়া হ’ব৷ কংগ্রেছে বিজেপিৰ ব্যর্থতাৰ দলিল প্রকাশ কৰা সন্দর্ভত কংগ্রেছ দলে বিগত পাঁচটা বছৰত ৰাইজৰ মাজলৈ যাব পৰা নাই বাবে উন্নয়ন প্রত্যক্ষ কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্ত্রীগৰাকীয়ে কটাক্ষ কৰে৷ কংগ্রেছে কেৱল বাঘবৰ আৰু জনিয়ালৈহে যায় বুলি কৈ তেওঁ কয় যে সমাগত নির্বাচনত য’ত য’ত মিঞা আছে তাতহে কংগ্রেছে আসন পাবলৈ সক্ষম হব৷ বিজেপিক মিঞাৰ ভোট নালাগে বুলিও তেওঁ সাংবাদিকৰ আগত ব্যক্ত কৰি তেওঁ কয় যে যেতিয়া তেওঁলোকে তালাক এৰিব, নাৰীক অধিকাৰ দিব, মাদ্রাছা বন্ধ কৰিব তেতিয়াহে বিজেপিয়ে মিঞাৰ ভোট বিচাৰিব৷