খুলিচেড়াত নির্মীয়মাণ দলঙৰ সমীপত বোমা উদ্ধাৰ কাছাৰ আৰক্ষীৰ
নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: আন্তঃৰাজ্যিক সীমান্তত অসমবিৰোধী ষড়যন্ত্র অব্যাহত ৰাখিছে আগ্রাসী মিজোৱে৷ কেইদিনমান পূর্বে হাইলাকান্দি জিলাৰ অন্তর্গত সীমান্তৱর্তী ৰামনাথপুৰত সংঘটিত বিস্ফোৰণৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শনিবাৰে কাছাৰ জিলাৰ খুলিচেড়াত নির্মীয়মাণ এখন পকী দলঙৰ কাষত উদ্ধাৰ হয় এটা বোমা৷ জংঘলৰ মাজৰ এটা পাঁচ মিটাৰ দ’ গাঁতত বোমাটো উদ্ধাৰ হোৱাৰ পাছতে সীমান্তৱর্তী অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷
জানিব পৰা মতে, লোকনির্মাণ বিভাগৰ অধীনত খুলিচেড়াত এখন পকী দলঙৰ নির্মাণকার্য চলি আছিল৷ আজি পুৱা দলং নির্মাণৰ কাম আৰম্ভ হোৱাৰ সময়তে এজন শ্রমিকে দ’ গাঁতত এটা বেলেগ ধৰণৰ পেকেট প্রত্যক্ষ কৰে৷ পেকেটটোৰ সৈতে এডাল তাঁৰ সংযুক্ত আছিল৷ পাছত শ্রমিকসকলে ঘটনা সন্দর্ভত ধলাই আৰক্ষীক খবৰ দিয়ে৷ ধলাই আৰক্ষী খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয়৷
লগতে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত সেনে বিশাল আৰক্ষী বাহিনীসহ ঘটনাস্থলীলৈ আহে৷ তেওঁ পেকেটটো চিহ্ণিত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈ ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ অনুসৰণ কৰে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকজনে পলিথিনৰ পেকেটৰ ভিতৰত বিস্ফোৰক সামগ্রী থকা বুলি প্রাথমিকভাৱে নিশ্চিত হৈছে৷ বিস্ফোৰক সামগ্রী থাকিলেও বিস্ফোৰণ ঘটা নাই বুলি সদৰী কৰা হৈছে৷
তদুপৰি ঘটনাস্থলীৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক সেনে বোম্ব স্কোৱাডক তলব কৰে৷ পাছত মাছিমপুৰ সেনা ছাউনীৰ পৰা বোম্ব স্কোৱাডৰ দলে সা–সৰঞ্জামসহ ঘটনাস্থলীত উপস্থিত হয়৷ তদুপৰি নগাঁৱৰ পৰা বিশেষ বোম্ব স্কোৱাডৰ এটা দলে ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷ ইপিনে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই ঘটনা সন্দর্ভত কোনো তথ্য দিব বিচৰা নাই৷ আৰক্ষী আৰু চি আৰ পি এফে সমগ্র এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ আৰক্ষীয়ে বিস্ফোৰকৰ পেকেট ৰখাৰ আঁৰত উদ্দেশ্য কি, সেয়া তদন্ত কৰিছে৷ গোটেই এলেকা ছীল কৰি দিয়া বাবে সাংবাদিকক প্রৱেশৰ অনুমতি দিয়া হোৱা নাই৷ শিলচৰৰ পৰা উপায়ুক্ত কীর্তি জল্লী আৰু আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে ঘটনাৰ বুজ লৈছে৷