নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত বন্ধন মাইক্র’ ফাইনেঞ্চত চাকৰি প্রার্থীৰ ভিৰ

ক’ৰোনা প্রতিৰোধী পদক্ষেপ–সামাজিক দূৰত্বলৈ ভ্রূকূটি

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে বঙাইগাঁৱৰ বৰপাৰাত বন্ধন মাইক্র’ ফাইনেঞ্চ কোম্পানীয়ে সোমবাৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বৰপাৰা ইণ্ডিয়ান অইল তেল ডিপোৰ সমীপত থকা বেংকটোৰ কার্যালয়ত পুৱা আঠ বজাৰ পৰা একাংশ চাকৰি প্রত্যাক্ষীয়ে ভিৰ কৰে৷ সাক্ষাৎকাৰৰ কথা জানিব পাৰি কার্যালয় প্রাংগণত সামাজিক দূৰত্ব অবিহনে সমৱেত হয় যুৱক–যুৱতীসকল৷ আনহাতে, এইসকলৰ ভিতৰত অধিকাংশই বহিঃৰাজ্যৰ পৰা অহা৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ঘোষিত তলাবন্ধৰ মাজতে প্রশাসনৰ নীতি–নির্দেশনা উলংঘা কৰি সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত স্থানীয় ৰাইজে বিষয়টো আৰক্ষীক অৱগত কৰে৷ পাছত আৰক্ষীৰ লোক উপস্থিত হৈ সাক্ষাৎকাৰ বন্ধ কৰি দিয়ে৷ সাক্ষাৎকাৰৰ বাবে বিজ্ঞাপনো প্রকাশ কৰা নাছিল কোম্পানীটোৱে৷ ইয়াৰ তিনি মাহ পূর্বেও সাক্ষাৎকাৰ আয়োজন কৰিছিল যদিও স্থানীয় দল–সংগঠনৰ প্রতিবাদত স্থগিত ৰাখিবলগীয়া হৈছিল৷

You might also like