নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁৱত ‘চহৰ আন্তঃগা‍ঁথনি উন্নয়ন পুঁজি’ (CIDF)ৰ অধীনত নির্মাণ হ’বলগীয়া কোচ-ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী,  পীয়ূষ হাজৰিকাসহ বহুকেইজন লোক উপস্থিত থাকে।বঙাইগাঁও বিসৰ্জন ঘাটৰ উন্নয়ন সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়িবলৈ নতুন প্ৰকল্পটোৰ জৰিয়তে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে ‘চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি’ (CIDF)ৰ অধীনত বঙাইগাঁৱৰ ইক’ পাৰ্কত Public Aquarium and Ornamental Fish Breeding Centre, ইক’ পার্ক আৰু ইয়াৰ দাঁতি-কাষৰীয়া জলাশয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। ২৫ লাখ টকা ব্যয়সাপেক্ষে চিলাৰায় উৰণীয়া সেতুৰ ওপৰত নিৰ্মাণ হ’বলগীয়া  ক্ল’ক টাৱাৰৰো আধাৰশিলা স্থাপন কৰে।

বঙাইগাঁৱৰ যাতায়াত-যোগাযোগ ব্যৱস্থাক অধিক সুচল কৰাৰ লক্ষ্যৰে বঙাইগাঁৱৰ বৰপাৰাত নিৰ্মাণ হ’বলগীয়া বাছ টাৰ্মিনেল আৰু সংলগ্ন ক্ষেত্ৰৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে।

You might also like