নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত জলসম্পদ বিভাগৰ কেবা টকীয়া আঁচনিৰ লুণ্ঠন

 পাচনীয়াৰ মোহনপুৰত গৰাখহনীয়াত ১৮ টা পৰিয়ালৰ ঘৰবাৰী উছন

নিয়মীয়া বাৰ্তা ৩১ মেঃ জলসম্পদ বিভাগে ৰূপায়ণ কৰা বহু কোটিটকীয়া নৈৰ বান্ধ বিভাগটোৰ চৰম দুৰ্নীতিৰ বাবে বিধস্ত হোৱাত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত পাচনীয়াত ১৮ টা পৰিয়ালৰ ঘৰবাৰী উছন হয় ৷ জানিব পৰামতে, জলসম্পদ বিভাগৰ ধুবুৰী সংমণ্ডলৰ জৰিয়তে পাচনীয়া-  খোৰাগাঁও পঞ্চায়তৰ পাচনীয়াত ব্ৰহ্মপুত্ৰ আৰু মানাহ নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিগত বৰ্ষতে বহু কোটি টকীয়া আঁচনি গ্ৰহণ কৰিছিল ৷ বিভাগটোৰ বিষয়া,কৰ্মচাৰী আৰু ঠিকাদাৰৰ যৌথ লুণ্ঠনৰ বাবে কেইটামান পাৰ্কুপাইন বহুৱাইয়ে দায়িত্ব সামৰে বিভাগটোৱে ৷ অপৰিপক্বভাৱে নৈৰ ভটিয়নি দিশত পালমৰা বিধৰে কেইটামান পাৰ্কুপাইন বহুৱাই দায়িত্ব সামৰাৰ ফলতেই চলিত বাঢ়নী পানীত উক্ত অংশৰ উজনি দিশত তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি হয় ৷
উল্লেখ্য যে,অপৰিকল্পিত,অবিজ্ঞানসন্মত বান্ধৰ বাবে মানাহ নৈয়ে গতি সলাই পাচনীয়া মহাদেৱ পাহাৰৰ কাষেৰে দক্ষিণ দিশত বৈ অহাত ঘৰবাৰী উছন হ’বলৈ লয় ৷ ইতিমধ্যে মোহনপুৰ প্ৰথম খণ্ডৰ ১৮ টা পৰিয়ালৰ কিছু অংশৰ ঘৰবাৰী নৈৰ বুকুত জাহ যোৱাৰ লগতে আন একাংশই ঘৰবাৰী ভাঙি নিৰাপদ স্থানত আশ্ৰয় লৈছে যদিও অদ্যাপি চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ উঠিছে ৷ মনকৰিবলগীয়া যে,দীৰ্ঘদিনীয়া লকডাউনে সাধাৰণ খাতিখোৱা লোকক যমৰ যাতনা ভুগোৱাৰ সময়তে নৈৰ গৰাখহনীয়াত এনেদৰে ঘৰবাৰী উছন যোৱাত ৰাইজ হতাশাত ভাঙি পৰিছে ।

You might also like