নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থমেলাই গ্রন্থ বিক্রেতাক দিলে সকাহ

প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ মহামাৰী ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিয়ে কোঙা কৰি পেলোৱা ৰাজ্যৰ গ্রন্থ উদ্যোগক নতুন প্রাণ দিছে গুৱাহাটী গ্রন্থমেলাই৷ অসম প্রকাশন পৰিষদৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক খেলপথাৰত যোৱা ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গুৱাহাটী গ্রন্থমেলাত পঢ়ুৱৈ ৰাইজৰ ব্যাপক সমাগমে নতুন আশাৰ সৃষ্টি কৰিছে৷ আজি দশম দিনত ভৰি দিয়া গুৱাহাটী গ্রন্থমেলাত দৈনিক লাখ লাখ টকাৰ গ্রন্থ বিক্রী হৈছে৷ গ্রন্থমেলাত ন–পুৰণি লেখকৰ গ্রন্থই পাঠকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে৷ এইবাৰ অভিলেখসংখ্যক গ্রন্থ বিক্রী হৈছে গ্রন্থমেলাত৷ ক’ৰোনাই সৃষ্টি কৰা অনাকাংক্ষিত পৰিস্থিতিৰ মাজতে আয়োজন কৰা গুৱাহাটী গ্রন্থমেলাই ব্যাপক সফলতা লাভ কৰিছে৷ এই সফলতাৰ কাৰণ কি? এই বিষয়ে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয়– ‘ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ত মানুহে ঘৰত কিতাপ পঢ়াৰ যথেষ্ট সুযোগ পালে৷ মানুহে আগতেও কিতাপ পঢ়িছিল যদিও লকডাউনে কিতাপ পঢ়াটো এক অভ্যাসত পৰিণত কৰিলে৷ সেয়ে মানুহে এতিয়া নতুন কিতাপ বিচাৰি গ্রন্থমেলালৈ আহিছে৷ ইয়াৰ বাবে পঢ়ুৱৈ ৰাইজক ধন্যবাদ দিছোঁ৷ ৰাইজৰ সঁহাৰিয়ে গ্রন্থমেলা পাতিবলৈ নতুন সাহস দিলে৷’ আনহাতে, এইবাৰ গ্রন্থমেলাত প্রতিষ্ঠিত তথা জনপ্রিয় লেখকৰ গ্রন্থৰ পৰিৱর্তে নতুন লেখকৰ গ্রন্থ অধিক বিক্রী হোৱা বুলি চর্চিত হৈছে৷

এই বিষয়ে সচিব কলিতাই কয়– ‘এই কথা একেবাৰে সঁচা নহয়৷ ন–লেখকৰ লগতে বিশিষ্ট লেখক–সাহিত্যিকৰো কিতাপ সমানেই বিক্রী হৈছে৷ অসম প্রকাশন পৰিষদে প্রকাশ কৰা লুম্মেৰ দাই ৰচনাৱলী, হীৰেন ভট্টাচার্য ৰচনাৱলী আদি গ্রন্থও গ্রন্থমেলাত ভাল বিক্রী হৈছে৷ আজিলৈকে গ্রন্থমেলাত ৯ কোটি টকাৰ গ্রন্থ বিক্রী হৈছে৷ এইবাৰ দিল্লীৰ ৫টা, কলকাতাৰ ৮টাকে ধৰি মুঠ ১৩০টা গ্রন্থ প্রকাশন আৰু বিক্রেতা প্রতিষ্ঠানে গ্রন্থমেলাত অংশগ্রহণ কৰিছে৷ ক’ভিড প্রট’কলৰ বাবে এইবাৰ বাহিৰা প্রতিষ্ঠান বেছি নাহিল৷ স্থানীয় প্রতিষ্ঠান এইবাৰ বহুত হৈছে৷ আৰু বহুকেইটা স্থানীয় প্রতিষ্ঠানক বিপণীৰ বাবে ঠাই দিব পৰা নগ’ল৷ এই পর্যন্ত ৫ লক্ষাধিক মানুহৰ গ্রন্থমেলাত সমাগম হৈছে৷’ আনহাতে, এইবাৰ গ্রন্থমেলাত হিন্দী, ইংৰাজী আৰু বাংলা ভাষাৰ কিতাপৰ বিক্রীও আশাব্যঞ্জক হোৱা বুলি জানিবলৈ দিয়ে সচিব প্রমোদ কলিতাই৷ অসম প্রকাশন পৰিষদে এইবাৰ মুঠ ৪০খন নতুন গ্রন্থ প্রকাশ কৰাৰ লগতে ৪০খন দুষ্প্রাপ্য গ্রন্থ পুনৰ মুদ্রণ কৰিছে বুলি সদৰী কৰে সচিব কলিতাই৷ প্রকাশন পৰিষদৰ গ্রন্থসমূহৰ বিক্রী ভাল হৈছে বুলি জানিবলৈ দি কলিতাই কয়– ‘গুৱাহাটী গ্রন্থমেলাই গ্রন্থ উদ্যোগক যথেষ্ট সকাহ দিলে৷ গ্রন্থ বিক্রেতা প্রতিষ্ঠানৰ মুখলৈ পানী আনিছে৷ লেখকসকলকো নতুন গ্রন্থ লিখাৰ বাবে অনুপ্রেৰণা যোগাইছে৷ প্রকাশন পৰিষদকো গ্রন্থমেলা পাতিবলৈ নতুন সাহস দিলে৷ গুৱাহাটী গ্রন্থমেলা সফলতাৰে সামৰণি পৰাৰ পাছতে চাহ বাগান সৰহকৈ থকা চহৰত পৰিষদৰ উদ্যোগত গ্রন্থমেলাৰ আয়োজন কৰিম৷ বাগান এলেকাৰ লেখকসকলক গ্রন্থমেলালৈ আমন্ত্রণ কৰিম৷ লগতে বাগানৰ ছাত্র–ছাত্রীসকলক গাড়ীৰে গ্রন্থমেলালৈ অনাৰ ব্যৱস্থা কৰিম৷’

You might also like