সোণালী জয়ন্তীৰ শুভক্ষণত নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন
বিশেষ বাৰ্তা, ১৩ জুনঃ সোণালী জয়ন্তীৰ শুভক্ষণত নগাঁৱৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ত আজি দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগে প্ৰকাশ কৰা “CONTEXTUALIZING BURAJI, LANGUAGE AND IzDENTITY OF ASSAM” নামৰ সম্পাদনা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ আহোমে।উন্মোচনী ভাষণত আহোমে কয় যে নৱপ্ৰজন্মৰ মাজত বূৰঞ্জী অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰিব লাগিব। বুৰঞ্জীৰ জৰিয়তে আমি বহু বিষয় জানিব পাৰো। বুৰঞ্জীয়ে ছাত্র ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উত্তৰণ ঘটাব পাৰে।তেওঁ লগতে কয় যে এটা জাতিক জীয়াই ৰাখে ভাষাই। ভাষাই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।এই গ্ৰন্থখন সম্পাদনা কৰিছে অধ্যাপক ড:ৰামেশ্বৰ কুৰ্মীয়ে। মহবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড:দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: কবিতা গোস্বামীৰ “ছয়গাঁৱৰ লোকভাষা আৰু লোক-সংস্কৃতি” নামৰ গ্ৰন্থখন উন্মোচন কৰে সু চিকিৎসক তথা সাহিত্যিক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াই। নিজৰ ভাষণত শইকীয়াই কয় যে আমাৰ লোকভাষা সমূহৰ বিষয়ে গৱেষণা কৰা প্ৰয়োজন। লোকভাষা আৰু লোক সংস্কৃতিয়ে এটা জাতিক শক্তিশালী কৰিব পাৰে।তেওঁ ছাত্ৰ ছাত্ৰী সকলক সামাজিক দায়বদ্ধতাৰে আগুৱাই যাবলৈ আহ্বান জনোৱাৰ লগতে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।মহাবিদ্যালয় খনৰ অধ্যক্ষ ড:ৰমেশ নাথে আদৰণি ভাষণ প্ৰদান কৰা সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বৰ্তমান আমাৰ ভাষাটোৰ প্ৰতি অহা ভাবুকিৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।তেওঁ লগতে কয় যে গ্ৰন্থ অধ্যয়নে সমাজত প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰে। সভাত প্ৰাক্তন অধ্যক্ষ ড: সাগৰ বৰুৱাই মহাবিদ্যালয় খনৰ বুৰঞ্জী বিভাগে ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ এখন গ্ৰন্থ প্ৰকাশ কৰাটো ভাল খবৰ বুলি মন্তব্য কৰি গ্ৰন্থ খনৰ প্ৰকাশৰ আৰৰ দিশ সমূহ উল্লেখ কৰে।সভাত অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।
প্ৰেৰক কনক হাজৰিকা